ETV Bharat / state

লক্ষ্মী পূজাৰ দিনাই আৰক্ষীৰ গুলীচালনাত আলফা (স্বাঃ)ৰ প্ৰাক্তন সদস্য গুলীবিদ্ধ

ৰাহুল হাজৰিকা ওৰফে লাডেনক আৰক্ষীৰ এনকাউণ্টাৰ । লাডেন আছিল প্ৰাক্তন আলফা(স্বাঃ) ৰ সদস্য । আৰক্ষীয়ে এ এম চি এইচত ভৰ্তি কৰাইছে যুৱকজনক ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Updated : 2 hours ago

Moran Encounter
মৰাণত আলফাৰে জড়িতৰ অভিযোগত যুৱকক এনকাউণ্টাৰ (ETV Bharat Assam)

মৰাণ, ১৬ অক্টোবৰ : শিৱসাগৰৰ বকতা শ'লগুৰিত বুধবাৰে পুৱতিনিশা এক গুলীচালনাৰ ঘটনা সংঘটিত হয় । মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত খটখটি খেলমাটি গাঁৱৰ নিবাসী ৰাহুল হাজৰিকা ওৰফে লাডেন হাজৰিকাক আৰক্ষীয়ে আলফাৰ লিংকমেনৰ সন্দেহত নিশা ঘৰৰ পৰা লৈ যায় ।

বিশেষ সূত্ৰে জানিব পৰা মতে বকতা, ডিমৌ, মৰাণ আৰু শিৱসাগৰ আৰক্ষীয়ে লাডেনক থানালৈ আনি থকা অৱস্থাত থানাৰ গাড়ীখন যান্ত্ৰিক বিজুটি ঘটাত ৰাহুল হাজৰিকা ওৰফে লাডেনে আৰক্ষীৰ বেহু ভেদি পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে ভৰিত গুলীয়ায় । বৰ্তমান গুলীবিদ্ধ ৰাহুল হাজৰিকা ওৰফে লাডেনক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰি চিকিৎসা কৰি থকা হৈছে ।

অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই । ইফালে পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত তথা ভুৱা এনকাউণ্টাৰ বুলি উল্লেখ কৰিছে ।

লাডেনৰ ভাতৃয়ে কয়, "নিশা ২ বজাত চাৰিখনকৈ থানাৰ আৰক্ষীয়ে কোনো কাৰণ নদৰ্শোৱাকৈ দাদাক ঘৰৰ পৰা উঠাই লৈ যায় । ইয়াৰ পিচত কোনো খবৰ পোৱা নাই । পুৱা টিভিৰ বাতৰি দেখিহে এনকাউণ্টাৰ কৰা বুলি জানিব পাৰো ।"

উল্লেখ্য যে ২০১৬ আৰু ২০১৯ চনত দুবাৰকৈ আলফাত যোগদান কৰা ৰাহুল ওৰফে লাডেনে আত্মসমৰ্পণ কৰি পৰিয়ালসহ ঘৰতে আছিল । লাডেনৰ ভাতৃয়ে লগতে অভিযোগ কৰি কয়, "এয়া আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ । আৰক্ষীয়ে পৰিকল্পিতভাৱে এই ঘটনা কৰিছে ।"

লাডেনৰ ভাতৃয়ে কি কয়

ঘটনা সন্দৰ্ভত তেওঁ কয়, "পুৱতিনিশা ২ বাজি ১০ মিনিটত শিৱসাগৰ, ডিমৌ, নেমুগুৰি আৰু মৰাণ থানাৰ আৰক্ষীৰ বৃহৎ দলে মৰাণ খটখটিৰ ঘৰৰ পৰা নিশা লৈ গৈছিল । নিশা লৈ যোৱাৰ সময়ত কোনো কথা পৰিয়ালক অৱগত কৰা নাছিল । কিন্তু পুৱা সংবাদ মাধ্যমত এনকাউণ্টাৰৰ খবৰ লাভ কৰিছোঁ । ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে । দুবাৰকৈ আলফা স্বাধীনত যোগদান কৰি আত্মসমৰ্পণ কৰি ঘৰতে ব্যৱসায় কৰি আছিল । বৰ্তমান আলফা স্বাধীনৰ লগত কোনো সম্পৰ্ক নাই । আৰক্ষীয়ে পৰিকল্পিতভাৱে এনকাউণ্টাৰ কৰিছে ।"

কি কয় এ এম চি এইচৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই

অধীক্ষকগৰাকীয়ে কয়, "অসম চিকিৎসা মহাবিদ্যালয়ৰ অস্থি, শল‍্য চিকিৎসা বিভাগত অস্ত্ৰোপচাৰ অব‍্যাহত আছে গুলীবিদ্ধ ৰাহুল হাজৰিকা ওৰফে লাডেনৰ । পুৱা ৬ বাজি ৪০ মিনিটত এ এম চি এইচত ভৰ্তি কৰোৱা হৈছিল গুলীবিদ্ধ লাডেনক ।"

ৰাহুল হাজৰিকা ওৰফে লাডেনৰ সোঁ-ভৰিৰ আঁঠুত গুলীলগা বুলি প্ৰকাশ কৰে এ এম চি এইচৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই ৷

লগতে পঢ়ক :বিজয়া দশমী চাবলৈ যোৱা মহিলাক উদ্দেশ্যি ইউটিউব ভিডিঅ’ত যুৱকৰ অশালীন মন্তব্য; উত্তপ্ত গোৱালপাৰা
লগতে পঢ়ক :25 বছৰে চামগুৰিত জংঘলৰাজ চলাই আহিছে ৰকিবুল হুছেইনে: আমিনুল ইছলাম

Last Updated : 2 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.