ETV Bharat / state

১৭ বছৰ পূৰ্বে কৰিছিল এক গুৰুতৰ অপৰাধ; আদালতে আৰক্ষী বিষয়াক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড - Life Imprisonment - LIFE IMPRISONMENT

Death in Police Custody : ২০০৭ চনৰ ২০ ছেপ্টেম্বৰত সংঘটিত হৈছিল এজন অভিযুক্তৰ আৰক্ষীৰ জিম্মাত মৃত্য়ু হোৱাৰ ঘটনা । উত্তেজিত ৰাইজে জ্বলাই দিছিল আৰক্ষী টহল চকী । ইয়াৰ পিচতেই আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা হয় এক গোচৰ ।

Death in Police Custody
আৰক্ষী বিষয়াক যাৱজ্জীৱন কাৰাদণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 11:17 AM IST

শিলচৰ, ৩ ছেপ্টেম্বৰ : ৰক্ষকেই যেতিয়া ভক্ষকৰ ৰূপত অৱতীৰ্ণ হয় তেতিয়া ভুক্তভোগীৰ ন্য়ায়ালয়েই হয় শেষ ভৰষা । এদিন নহয় এদিন আদালতত লাভ কৰে ন্য়ায় । ফলাফলৰ বাবে দীৰ্ঘসময় অপেক্ষা কৰিবলগীয়া হ'লেও এদিন ওলাই পৰে প্ৰকৃত সত্য় । আজিৰ পৰা ১৭ বছৰ পূৰ্বে সংঘটিত এক ঘটনাৰ ন্য়ায় পোৱাৰ পিচতেই পোহৰলৈ আহিছে আৰক্ষীৰ জিম্মাত এজন অভিযুক্তৰ মৃত্য়ু হোৱাৰ আঁৰৰ কাহিনী । এই ঘটনোটো সংঘটিত হৈছিল কাছাৰৰ কালাইন আৰক্ষী টহল চকীত ।

আৰক্ষী বিষয়াক যাৱজ্জীৱন কাৰাদণ্ড (ETV Bharat Assam)
  • ১৭ বছৰ অপেক্ষা ভুক্তভোগী পৰিয়ালৰ :

কাছাৰৰ কালাইন আৰক্ষী টহল চকীত আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুৰ ঘটনাৰ ১৭ বছৰ পাচত আদালতে প্ৰদান কৰিলে ৰায়দান । যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ল তদানীন্তন উপ আৰক্ষী পৰিদৰ্শক নাৰায়ণ তামুলী । আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুৰ গোচৰত আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিলে কালাইন আৰক্ষী টহল চকীৰ (বর্তমান থানা) অৱসৰপ্ৰাপ্ত বিষয়া নাৰায়ণ তামুলীক ।

সোমবাৰে কাছাৰৰ অতিৰিক্ত জিলা সত্ৰ ন্য়ায়াধীশৰ (ফাস্ট ট্রেক ক'র্ট) এন উপাধ্যায়ৰ আদালতে মতাহিৰ আলী তপাদাৰ নামৰ এজন অভিযুক্তৰ মৃত্যুৰ গোচৰত নাৰায়ণ তামুলীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে ।

  • এই ঘটনাক লৈ উত্তপ্ত হৈছিল কাছাৰ :

এই ঘটনাটো সংঘটিত হৈছিল ২০০৭ চনৰ ২০ ছেপ্টেম্বৰত ৷ কাছাৰৰ কালাইন আৰক্ষী টহল চকীত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল মতাহিৰৰ । এই ঘটনাটোৰ পাচত উত্তপ্ত হৈ পৰিছিল কাছাৰ । জ্বলাই দিয়া হৈছিল কাছাৰৰ কালাইন আৰক্ষী টহল চকী ৷ মতাহিৰ আলী আছিল কালাইন ভাটগ্ৰামৰ বাসিন্দা ।

প্রতিবেশী চাহাব উদ্দিনৰ লগত হোৱা মাৰপিটৰ ঘটনাত সেইদিনা কালাইন আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পাচত আৰক্ষীৰ জিম্মাত মতাহিৰ আলীৰ মৃত্যু ঘটে । এই ঘটনাক কেন্দ্ৰ কৰি সেই সময়ত কালাইন অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । আনকি একাংশ উত্তেজিত ৰাইজে জ্বলাই দিছিল টহল চকী ।

এই ঘটনাটোৰ পাচত মতাহিৰ আলীৰ পত্নী আলিমুন নেছাই হত্যাৰ অভিযোগ উত্থাপন কৰি তদানীন্তন উপ অৰক্ষী বিষয়া নাৰায়ণ তামুলীসহ ৰমজান হুছেইন চৌধুৰী নামৰ এজন আৰক্ষী কনিষ্টবলক অভিযুক্ত কৰি দিছিল এক গোচৰ । এজাহাৰত উল্লেখ কৰা মতে, ২০ ছেপ্টেম্বৰত আৰক্ষীয়ে মতাহিৰ আলীক সুস্থ অৱস্থাত ঘৰৰ পৰা আটক কৰিছিল । ইয়াৰ পাচত গোটেই নিশা আৰক্ষীয়ে তেওঁৰ ওপৰত অত্যাচাৰ চলায় ।

পত্নী আলিমুন নেছাই এজাহাৰত আৰু উল্লেখ কৰে যে পিছদিনা পুৱা ৮ বজাত তেওঁ টহল চকীত গৈ দেখিবলৈ পায় যে মতাহিৰৰ অৱস্থা সংকটজনক । এনে অবস্থাতো মতাহিৰৰ ওপৰত অত্যাচাৰ চলাই আছিল আৰক্ষীয়ে । সমগ্ৰ ঘটনাটো প্ৰত্য়ক্ষ কৰি তেওঁ স্বামীক এৰি দিয়াৰ বাবে আৰক্ষীক অনুৰোধ জনোৱাত তেওঁৰ পৰা নাৰায়ণ তামুলীয়ে ১০ হাজাৰ টকা দাবী কৰে । আনকি ধন নিদিলে মতাহিৰক মাৰি পেলোৱা হ'ব বুলিও আৰক্ষীয়ে ভাবুকি দিছিল।

  • আদালতত বিচাৰ প্রক্রিয়া :

এই ঘটনাটোৰ পিচদিনা মৃতপ্ৰায় অৱস্থাত মতাহিৰক আৰক্ষীয়ে কালাইন হাস্পতালত ভৰ্তি কৰে যদিও তাতেই তেওঁৰ মৃত্যু ঘটে । ইয়াৰ পিচতেই পত্নী আলিমুন নেছাই এনে অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰাত আনুষংগিক প্রক্রিয়াৰ শেষত নাৰায়ণ তামুলী আৰু কনিষ্টবল ৰমজান হুছেইন চৌধুৰীৰ বিৰুদ্ধে আদালতত আৰম্ভ হয় বিচাৰ প্রক্রিয়া ।

এই বিচাৰ প্ৰক্ৰিয়া চলাৰ সময়ত নাৰায়ণ তামুলীয়ে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে । ইপিনে, সুদীর্ঘ ১৭ বছৰ ধৰি চলি অহা এই বিচাৰ প্রক্রিয়াৰ কালি আদালতে ৰায়দান কৰে । আদালতে নাৰায়ণ তামুলীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে । কিন্তু আদালতে এই গোচৰৰ আন এক অভিযুক্ত ৰমজান হুছেইনক দোষমুক্ত ঘোষণা কৰে ।

আদালতে নাৰায়ণ তামুলীক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত দোষী সাব্যস্ত কৰে । আদালতৰ এই ৰায়দানৰ পাছত নাৰায়ণ তামুলীক আদালতৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

  • টকা নিদিয়া বাবে আৰক্ষীয়ে হত্যা কৰিছিল অভিযুক্তক :

আদালতৰ নিৰ্দেশত কাৰাদণ্ডৰে দণ্ডিত উপ আৰক্ষী বিষয়া নাৰায়ণ তামুলীৰ ঘৰ গোলাঘাট জিলাৰ বনগাঁৱত । আনহাতে, সুদীৰ্ঘ ১৭ বছৰ পাচত পিতৃ হত্যাৰ ন্যায় বিচাৰ লাভ কৰি আদালত চৌহদত কান্দোনত ভাগি পৰা পুত্ৰই কয়, "মোৰ পিতৃ নিৰ্দোষী আছিল ৷ টকা নিদিয়া বাবে মোৰ পিতৃক আৰক্ষী বিষয়া নাৰায়ণ তামুলীয়ে অত্যাচাৰ চলাই হত্যা কৰিছিল ৷ আজি সুদীৰ্ঘ ১৭ বছৰ পাছত আদালতে আমাক ন্যায় দিছে ।"

লগতে পঢ়ক:আৰক্ষীৰ অত্যাচাৰত যুৱকৰ মৃত্যু: ৬ জন আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড - Life imprisonment

সাত বছৰীয়া নাবালিকাৰ ধৰ্ষণ তথা হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে - HOJAI RAPE INCIDENT

হত্যাৰ অপৰাধত দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড - LIFE TIME IMPRISONMENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.