ETV Bharat / state

তৰুণ গগৈৰ জন্ম দিৱস উপলক্ষে ৰক্তদান - BIRTH ANNIVERSARY OF TARUN GOGOI

Tarun Gogoi's birth anniversary: আজি প্ৰয়াত জননেতা, প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ ৯০ সংখ্যক জন্ম দিৱস । লখিমপুৰত পালন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম দিৱসটি ।

Former CM Late Tarun Gogoi's birth anniversary celebrated in Lakhimpur
তৰুণ গগৈৰ জন্ম দিৱস উপলক্ষে ৰক্তদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 4:04 PM IST

লখিমপুৰ,১১ অক্টোবৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আজি নব্বৈ সংখ্যক জন্ম দিৱস । দীৰ্ঘ সময়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা জননেতাগৰাকীক সুঁৱৰিছে প্ৰতিজন অনুৰাগীয়ে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে প্ৰয়াত জননেতাগৰাকীৰ জন্ম দিৱসটো পালন কৰে গৌৰৱ গগৈ ফেনচ ক্লাবে ।

ব্যতিক্ৰম নহয় লখিমপুৰো । গৌৰৱ গগৈ ফেনচ ক্লাবে উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত বিভিন্ন কাৰ্যসূচীৰে পালন কৰে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম দিৱসটি । এই উপলক্ষে তৰুণ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ কৰে প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহায়ে । ইয়াৰ পিছতে আৰম্ভ হয় ৰক্তদান কাৰ্যসূচী ।

তৰুণ গগৈৰ জন্ম দিৱস উপলক্ষে ৰক্তদান (ETV Bharat Assam)

ইয়াৰ মাজতে সংবাদমাধ্য়মৰ আগত প্ৰাক্তন বিধায়কগৰাকীয়ে প্ৰয়াত তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কয়,"২০০১ ৰ পৰা একেৰাহে ১৫ বছৰ ৰাজ্যৰ শাসনৰ জৰী হাতত লৈ তেওঁ ৰাজ্যখনৰ শান্তি-শৃংখলা স্থাপন কৰাৰ লগতে সমাজৰ সকলো স্তৰৰ লোকৰ সমবিকাশৰ হকে কাম কৰিছিল । বিশেষকৈ মহিলা-শিশু আদিৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ বহু আঁচনি প্ৰচলন কৰিছিল । নিকা, সৎ দক্ষ এইগৰাকী প্ৰয়াত মুখ্যমন্ত্রীৰ আদৰ্শ ধৰি ৰাখিব লাগিব । তেওঁৰ আদৰ্শৰাজি জীয়াই ৰাখিব লাগিব ।"

উল্লেখ্য শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । লখিমপুৰ মেডিকেল কলেজৰ সহযোগত আয়োজন কৰা এই শিবিৰত গৌৰৱ গগৈ ফেনচ ক্লাবৰ ৭৫ গৰাকী সদস্যই ৰক্তদান কৰে । উল্লেখ্য জিলাখনত লখিমপুৰ সদৰৰ উপৰি লালুকতো গৌৰৱ গগৈ ফেনচ ক্লাবে তৰুণ গগৈৰ জন্ম দিৱস পালন কৰে ।

লগতে পঢ়ক: জন্মদিনত পিতৃ তৰুণ গগৈক স্মৰণ গৌৰৱ গগৈৰ; পূজাৰ বতৰত গৌৰৱ গগৈয়ে সোৱাদ লোৱা নাই জিলাপিৰ !

ন্যায়ালয়ৰ হস্তক্ষেপ: শ্বেৰমানৰ বিধায়ক পদ খাৰিজক লৈ বিধানসভাত হ'ব শুনানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.