ETV Bharat / state

দেউতা য'তেই আছা... পুত্ৰ গৌৰৱে সুঁৱৰিলে পিতৃক - BIRTHDAY OF TARUN GOGOI

Tarun Gogoi 90th Birthday : আজি তৰুণ গগৈৰ জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ কংগ্ৰেছ কৰ্মীসকলে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে ।

Tarun Gogoi 90th Birthday
ৰাজ্যজুৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 6:25 PM IST

গুৱাহাটী, ১১ অক্টোবৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আজি ৯০ সংখ্যক জন্মদিন ৷ নেতাগৰাকীৰ গুণমুগ্ধসকলৰ লগতে তেওঁৰ আত্মীয়বৰ্গই ওপজা দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷

প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়েও পিতৃৰ পথেৰেই বাট বুলাৰ সংকল্পৰে পিতৃক এনেদৰে স্মৰণ কৰে, “ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী,অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী, স্বচ্ছ আৰু নিকা ভাবমূৰ্তিৰে অসমবাসীৰ মৰমৰ চানেকিৰে আধুনিক অসমৰ কাণ্ডাৰী মোৰ পিতৃ 'পদ্মভূষণ' প্ৰয়াত তৰুণ গগৈদেৱৰ ৯০ সংখ্যক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ । দেউতা য'তেই আছা তাৰেই পৰা মূল্যবোধসহ স্বচ্ছতাৰে দেশৰ হৈ কাম কৰি যাবলৈ আমাক আৰ্শীবাদ কৰিবা ।”

ৰাজ্যজুৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উদযাপন (ETV Bharat)

উল্লেখ্য, ২০০১ চনৰ পৰা ২০১৬ চনলৈ ১৫ বছৰ ধৰি অসমৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা তৰুণ গগৈৰ কোভিড পৰৱৰ্তীকালীন পৰিস্থিতিৰ মাজতে ২০২০ চনৰ ২৩ নৱেম্বৰত ৮৪ বছৰ বয়সত দেহাৱসান ঘটে । ১৯৩৬ চনৰ ১১ অক্টোবৰত জন্মগ্ৰহণ কৰা তৰুণ গগৈ আছিল অসমৰ আটাইতকৈ দীৰ্ঘকাল শাসনত থকা মুখ্যমন্ত্ৰী । তেওঁ তিনিবাৰকৈ সাংসদ আছিল ।

Birthday of Tarun Gogoi
গৌৰৱ গগৈয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটো (Socialmedia@GauravGogoi)

১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈ দায়িত্ব বহন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীৰো । অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপেও সুনাম আছে তৰুণ গগৈৰ । ৯০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে লখিমপুৰ, যোৰহাট, মাজুলী আদিত তৰুণ গগৈৰ গুণমুগ্ধসকলে পালন কৰে জনপ্ৰিয় নেতাগৰাকীৰ জন্মদিন ৷

আনহাতে, পিতৃৰ জন্মদিনৰ দিনা সাংসদ গৌৰৱ গগৈয়ে যোৰহাটৰ বুঢ়ী গোঁসানী থানত উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ লৈ পিতৃৰ স্মৃতি সুঁৱৰি পিতৃ এই থানলৈ আহি আশীৰ্বাদ লোৱাৰ কথাও উল্লেখ কৰে ৷ সামাজিক মাধ্যমত পিতৃৰ সৈতে থকা পাৰিবাৰিক কিছু ফটোও আৱেগিকভাৱে গৌৰৱ গগৈয়ে সংলগ্ন কৰে ।

মাজুলীত প্রয়াত তৰুণ গগৈৰ জন্মদিন উদযাপন

মাজুলী: শুকুৰবাৰে গৌৰৱ গগৈ ফেনছ ক্লাব, অসমৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাত জননেতা প্রয়াত তৰুণ গগৈৰ জন্মদিন উদযাপন কৰা হয় । সত্ৰনগৰী মাজুলীতো গৌৰৱ গগৈ ফেনছ ক্লাব, মাজুলী জিলা সমিতিৰ উদ্যোগত তৰুণ গগৈৰ জন্মদিন উদযাপন কৰা হয় ।

এই উপলক্ষে মাজুলীৰ গড়মূৰ চিভিল তিনিআলিত প্ৰথমে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত মাজুলীৰ বিভিন্ন ক্ষেত্ৰৰ গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে । তাৰ পাচতে গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ জিলা চিকিৎসালয়ৰ চৌহদত গছপুলি ৰোপণৰ লগতে চিকিৎসালয়খনত ৰক্তদানৰ এক কাৰ্যসূচী লয় । এই ৰক্তদান কাৰ্যসূচীত গৌৰৱ গগৈ ফেনছ ক্লাবৰ অৰ্ধশতাধিক সদস্যই ৰক্তদান কৰে ।

প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ আদৰ্শৰে অসমৰ নৱপ্ৰজন্ম ৰাজনৈতিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতেই হওক, আগবাঢ়ি যাব বুলি আশা ব্যক্ত কৰে গৌৰৱ গগৈ ফেনছ ক্লাব, মাজুলী জিলা সমিতিয়ে ।

মোৰাঝাৰত প্ৰয়াত তৰুণ গগৈৰ জন্মদিন উপলক্ষে কংগ্ৰেছ কৰ্মীৰ ৰক্তদান

হোজাই: হোজাই জিলাৰ মোৰাঝাৰত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে শুকুৰবাৰে ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

হোজাই জিলা সংখ্যালঘু বিভাগৰ সভাপতি চাহাব উদ্দিন মজুমদাৰৰ আহ্বানত মোৰাঝাৰত এই শিবিৰৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীত হোজাইৰ হাম হস্পিটেলৰ চিকিৎসক-নাৰ্ছে ৰক্ত সংগ্ৰহ কৰে ৷ আনহাতে, তেজৰ গঠন প্ৰক্ৰিয়া আৰু ৰক্তদাতাসকলক ৰক্তদানৰ উপকাৰিতা সম্পৰ্কে এক সজাগতামূলক আলোচনাও হয় ।

উল্লেখ্য যে কংগ্ৰেছ নেতা চাহাব উদ্দিন মজুমদাৰে প্ৰথমে ৰক্তদান কৰি এই শিবিৰ মুকলি কৰে । পৰৱৰ্তী সময়ত শিবিৰত প্ৰায় ৫০ জন লোকে স্বেচ্ছাই ৰক্তদান কৰে ৷

লগতে পঢ়ক :আজি কেৱল পূজা, আজি মই 'পলিটিকেল' কথা কোৱা নাই : মুখ্যমন্ত্ৰী
লগতে পঢ়ক :বাৰুকৈয়ে পূজা লাগিছে মুখ্যমন্ত্ৰীৰ : তিনিদিনত ৫১ খন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.