ETV Bharat / state

অৰণ্য মানৱ যাদৱ পায়েঙক সেউজ সন্ধান বঁটা প্ৰদান - Seuj Sandhan Award - SEUJ SANDHAN AWARD

Seuj Sandhan Award 2024 : প্ৰকৃতি সংৰক্ষণ আৰু সজাগতাৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি অহা অসমৰ ১৫ গৰাকীকৈ বিশিষ্ট ব্যক্তি আৰু সংগঠনলৈ মেঘমল্লাৰ আৰ্ট ফাউণ্ডেছনৰ ২০২৪ বৰ্ষৰ 'সেউজ সন্ধান' বঁটা আগবঢ়ায় । অৰণ্য মানৱ যাদৱ পায়েং, হাড়গিলা আৰ্মীসহ অসমৰ ১৫ ব্যক্তি, সংগঠনক প্ৰদান কৰে এই বঁটা ।

Seuj Sandhan Award given to Forest Man Jadav Payeng in Guwahati
অৰণ্য মানৱ যাদৱ পায়েঙক সেউজ সন্ধান বঁটা প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 1:55 PM IST

গুৱাহাটী, ২৩ জুন : অৰণ্য মানৱ যাদৱ পায়েং, হাড়গিলা আৰ্মীসহ অসমৰ ১৫ ব্যক্তি, সংগঠনলৈ ২০২৪ বৰ্ষৰ 'সেউজ সন্ধান বঁটা' প্ৰদান । শনিবাৰে সন্ধিয়া প্ৰকৃতি সংৰক্ষণ আৰু সজাগতাৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি অহা অসমৰ ১৫ গৰাকীকৈ বিশিষ্ট ব্যক্তি আৰু সংগঠনলৈ 'মেঘমল্লাৰ আৰ্ট ফাউণ্ডেছনে' ২০২৪ বৰ্ষৰ 'সেউজ সন্ধান' বঁটা আগবঢ়ায় ।

অৰণ্য মানৱ যাদৱ পায়েঙক সেউজ সন্ধান বঁটা প্ৰদান (ETV Bharat Assam)

'মেঘমল্লাৰ আৰ্ট ফাউণ্ডেছন’ৰ ২০২৪ বৰ্ষৰ 'সেউজ সন্ধান' বঁটাসমূহ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় অৰণ্য মানব যাদৱ পায়েং, হাড়গিলা ৱ’মেন খ্যাত পূৰ্ণিমা দেৱী বৰ্মন, আৰণ্যক, বালিপাৰা ফাউণ্ডেছন, ড৹ আব্দুল ৱাকিদ, এল ৰাইনো, অক্ষৰ ফাউণ্ডেছন, গছ বিহু উৎসৱ, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, পৰিৱেশ কৰ্মী তথা বিশিষ্ট পৰিৱেশ সাংবাদিক মুবিনা আখতাৰ, কিশোৰ চৌধুৰী, হাতীবন্ধু প্ৰদীপ ভূঞা, দেৱজিৎ মৰাণ আৰু দ্য মিড ৱে‌ জাৰ্ণিক ।

লগতে পঢ়ক: লোকশিল্পী ধনদা পাঠকলৈ বাণ থিয়েটাৰ লোকশিল্পী বঁটা - Baan Theatre Loksilpi Award 2024

ইয়াৰ ওপৰিও প্ৰকতিপ্ৰেমী তথা অসমৰ এগৰাকী আদৰ্শ বন বিষয়া প্ৰয়াত ব্ৰহ্মানন্দ পাতিৰিক মৰণোত্তৰভাৱে বঁটা প্ৰদান কৰা হয় ৷ হাতীবন্ধু প্ৰদীপ ভূঞা, হাড়গিলা ৱ’মেন খ্যাত পূৰ্ণিমা দেৱী বৰ্মনৰ হৈ তেওঁলোকৰ আত্মীয়ক প্ৰদান কৰা হয় এই বঁটা । সুঘোষক ইন্দ্ৰজিৎ দাসে আঁতধৰা গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট লেখক নবীন বৰুৱা, অনুৰাধা শৰ্মা পূজাৰী, চলচিত্ৰ নিৰ্মাতা মঞ্জু বৰা, ৰজনী বসুমতাৰীকে ধৰি আন ভালেসংখ্যক শুভাকাংক্ষী ।

উল্লেখ্য় যে, সভাত বঁটা প্ৰাপকসকলে নিজৰ কৰ্ম জীৱনৰ অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে চলচিত্ৰ নিৰ্মাতা মঞ্জু বৰাই মেঘমল্লাৰ ফাউণ্ডেচনৰ উদ্যোগত নিৰ্মাণ কৰা 'সেউজ সন্ধান' নামৰ নতুন চলচ্চিত্ৰখনৰ বিষয়েও সদৰী কৰে ।

লগতে পঢ়ক: হাতী-মানুহৰ সংঘাত ৰোধৰ কাম আমিয়েই কৰিব লাগিব- অৰণ্য মানৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.