ETV Bharat / state

পিঞ্জৰাবদ্ধ কৰিবলৈ উপস্থিত হওতেই ঢেকীয়াপতীয়াৰ আক্ৰমণত আহত বনকৰ্মী - Tiger scare in Nagaon

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 6:39 PM IST

Terror of Leopard : বাঘৰ আতংক অব্যাহত । বনাঞ্চলৰ বিপৰীতে ইখনৰ পাচত সিখন গাঁৱত বিচৰণ ঢেকীয়াপতীয়া বাঘৰ । ধিঙত পুৱাই দেখা দিলে বনৰজাই ।

Terror of Leopard
বাঘৰ আতংক অব্যাহত (ETV Bharat Assam)

নগাঁও, ১৬ জুলাই : নগাঁও জিলাৰ বিভিন্ন অঞ্চলত আজিও অব্যাহত বাঘৰ আতংক । বানৰ কৱলত পৰা লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বাঘে বিগত দুসপ্তাহে জুৰীয়াৰ জেঙনি, পুঠিমাৰী, বলিকটীয়া আদি অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে । ইয়াৰ মাজতেই এই প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৱে এইবাৰ আতংকৰ সৃষ্টি কৰিছে নগাঁৱৰ ধিং অঞ্চলত ।

বাঘৰ আতংক অব্যাহত (ETV Bharat Assam)

মঙলবাৰে পুৱাই অঞ্চলটোত বিচৰণ কৰিবলৈ লোৱা বাঘটো প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে ধিঙৰ বিলতীয়া, ধিং চহৰ আদি এলেকাৰ লোকসকল । নিশাই বলিকটীয়াৰ পৰা মথাউৰিৰে গৈ মঙলবাৰে পুৱা ধিং অঞ্চলত প্ৰৱেশ কৰে বাঘটোৱে । স্থানীয় একাংশ লোকে বাঘটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত অঞ্চলটোত উপস্থিত হয় বন বিভাগৰ লোক । আজি পুৱাই ধিঙত বিচৰণ কৰা বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ উপস্থিত হোৱা বন বিভাগৰ এটা দল উপস্থিত হোৱাৰ পাচতেই বাঘটোৱে আক্ৰমণ কৰে বনকৰ্মীক । বাঘটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ফণীধৰ দেউৰী নামৰ বনকৰ্মীজন ।

লগতে পঢ়ক:কলিয়াবৰত ঢেকীয়াপতীয়াৰ মুক্ত বিচৰণ; কেমেৰাত অৱদ্ধ বাঘৰ গতিবিধি - Royal Bengal Tiger Roaming Freely

বাঘৰ আক্ৰমণত আহত বনকৰ্মীজনক সংকটজনক অৱস্থাত ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় । বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ লোকো উপস্থিত হয় ঘটনাস্থলীত । বন বিভাগৰ লোকে বাঘটোক বনাঞ্চললৈ খেদি পঠিওয়া অথৱা ট্ৰেংকুলাইজ, পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সফল হোৱা নাই । ঘটনাস্থলীত বিশেষজ্ঞ চিকিৎসকৰ এটা দলো উপস্থিত হৈছে । ধিং চহৰৰ ধিং মহাবিদ্যালয়ৰ চি চি টিভি কেমেৰাত আৱদ্ধ বাঘৰ খোজ প্ৰত্য়ক্ষ কৰি অনুসন্ধান অব্যাহত ৰাখিছে বন বিভাগে । ইপিনে, লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেলা বানৰ কৱলত পৰাৰ পাছত এতিয়া বন্য জীৱকুল খাদ্যৰ সংকটত ভুগিছে ।

লগতে পঢ়ক:দহদিনে বাঘৰ আতংকত দিন কটাইছে জুৰীয়া-ধিঙৰ ৰাইজে; বাঘটোক খেদিব পৰা নাই বন বিভাগে - Tiger scare in Nagaon

নগাঁৱত বনৰজাৰ আতংক : বাঘ খেদাত দুসপ্তাহেও ব্যৰ্থ কিয় বন বিভাগ ? - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.