ETV Bharat / state

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৃদ্ধি পাইছে বিদেশী যাত্ৰীৰ সংখ্যা

Gateway to Southeast Asia : অসমলৈ বিমানৰে অহা ৯০ শতাংশতকৈ অধিক লোকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অহাৰ পাচতহে আন ঠাইলৈ গমন কৰে । জানুৱাৰী আৰু ফেব্ৰুৱাৰীত গুৱাহাটীলৈ বিমানৰে অহা-যোৱা কৰিছে ৮ হাজাৰ বিদেশী যাত্ৰীয়ে । এই তথ্য় সদৰী কৰিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়াই ।

Lokpriya Gopinath Bordoloi Airport
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দ
author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 9:42 PM IST

গুৱাহাটী, ১৯ মাৰ্চ: দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো বৃদ্ধি পাইছে যাত্ৰীকে ধৰি বিদেশৰ পৰা বিভিন্ন কাৰণত অহা লোকৰ সংখ্যা । বিশেষকৈ চলিত বৰ্ষৰ প্ৰথম দুমাহত অসমকে ধৰি উত্তৰ পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শেহতীয়া এক পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে দেশৰ আন ৰাজ্যৰ লগতে বিদেশৰ পৰা অসমলৈ বিমানৰে অহা ৯০ শতাংশতকৈ অধিক লোকে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অহাৰ পাচতহে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ অহা-যোৱা কৰে । বৰঝাৰ বিমানবন্দৰৰ সূত্ৰই সদৰী কৰা অনুসৰি বিগত জানুৱাৰী আৰু ফেব্ৰুৱাৰীত গুৱাহাটীলৈ বিমানেৰে অহা-যোৱা কৰিছে প্ৰায় ৮ হাজাৰ বিদেশী যাত্ৰী । ইয়াৰ ভিতৰত প্ৰায় ৪ হাজাৰ বিদেশী যাত্ৰী অহা-যোৱা কৰিছে থাইলেণ্ডৰ ৰাজধানী বেংককৰ পৰা । আন বিদেশী যাত্ৰী অহা-যোৱা কৰিছে ভূটানৰ ৰাজধানী আৰু ছিংগাপুৰৰ পৰা ।

এই সন্দৰ্ভত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই উল্লেখ কৰি কয় যে উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ আৰু অঞ্চলটোৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিমানবন্দৰ হিচাপে গুৱাহাটীত স্বাভাবিকতে দেশী-বিদেশী যাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । বৰ্তমান গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখৰ পৰা উন্নীত হৈ দক্ষিণ পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে ।

বৰ্তমান বিমানবন্দৰটোত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে । নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণ হৈ উঠিলে বিশ্বৰ আগশাৰীৰ বিমানবন্দৰ সমূহৰ দৰে গুৱাহাটীতো বিশ্বমানৰ সকলো সুবিধাই যাত্ৰীয়ে লাভ কৰিব বুলি মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই প্ৰকাশ কৰিছে । উল্লেখ্য যে বিমানন্দৰটোৰ নতুন টাৰ্মিনেল ভৱনটোক সংযোগ কৰি আজাৰাৰ ভি আই পি চ'কৰ পৰা গড়ল হৈ ধাৰাপুৰ চাৰিআলিলৈ ছয়লেনযুক্ত এটা পথৰ নিৰ্মাণকাৰ্য দিনে-নিশাই চলি থকা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:আকাশবাণীৰ শীৰ্ষ পদত তেজপুৰৰ কন্যা মৌচুমী চক্ৰৱৰ্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.