ETV Bharat / state

শুকুৰবাৰৰ পৰা বিধানসভাত স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন - Autonomous Councils Conference

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 8:21 PM IST

Autonomous Councils Conference : অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল । শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যৰ দহখন স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন । গণতান্ত্রিক ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কৰা হ'ব আলোচনা । সামৰি লোৱা হ'ব পৰিষদীয় এলেকাৰ উন্নয়নৰ বিভিন্ন দিশ ।

Autonomous Councils Conference
বিধানসভাত স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন (Etv Bharat Assam)

গুৱাহাটী, ২৭ জুন : ৰাজ্যৰ দহখন স্বায়ত্তশাসিত পৰিষদক লৈ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব সন্মিলন । অসম বিধানসভাই ২৮ আৰু ২৯ জুনত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনত ৰাজ্যৰ দহখন স্বায়ত্তশাসিত পৰিষদৰ সকলো বিষয়ববীয়া সমবেত হ'ব । পৰিষদসমূহক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই সন্মিলনখনৰ বিষয়ে বৃহস্পতিবাৰে সংবাদমেলযোগে সদৰী কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ (ETV Bharat Assam)

বিধানসভাৰ নিজা কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ সকলো স্বায়ত্তশাসিত পৰিষদক লৈ অসম বিধানসভাত অনুষ্ঠিত হ'ব এই সন্মিলন । গণতান্ত্রিক ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন কৰা সন্মিলনত পৰিষদীয় এলেকাসমূহৰ বিভিন্ন দিশ স‍ামৰি আলোচনা কৰা হ'ব । আনহাতে, বহু অভিজ্ঞ ব্যক্তিয়ে ইয়াত অংশ গ্ৰহণ কৰিব ।

ইয়াৰ উপৰি বিভাগীয় মন্ত্রী ডাঃ ৰণোজ পেগু আৰু মন্ত্রী পীযুষ হাজৰীকাৰ লগতে আন মন্ত্রী তথা বিধায়কসকলেও এই সন্মিলনত ভাগ ল'ব । সংবিধানে স্বায়ত্তশাসিত পৰিষদসমূহক যথেষ্ট ক্ষমতা প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে পৰিষদীয় এলেকাৰ উন্নয়নত স্বায়ত্তশাসিত পৰিষদৰ যথেষ্ট ভূমিকা আছে ।

তেওঁ কয় যে পৰিষদৰ ক্ষমতা আৰু দায়িত্ব তথা কৰ্তব্য সন্দৰ্ভতো সন্মিলনত বিশদভাৱে আলোচনা কৰা হ'ব । পৰিষদ সমূহক ৩৪ টা গুৰুত্বপূৰ্ণ বিভাগ দিয়া হৈছে বুলি সদৰী কৰি তেওঁ কয় যে সন্মিলনত চৰকাৰী আঁচনি ৰূপায়ণত পৰিষদৰ ভূমিকা সন্দৰ্ভতো আলোচনা হ'ব ।

স্বায়ত্তশাসিত পৰিষদসমূহক শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজন কৰা সন্মিলনত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু সদস্যসকল উপস্থিত থাকিব বুলি তেওঁ কয় । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণেৰে পৰিষদীয় এলেকাৰ উন্নয়নত পৰিষদৰ বিশেষ ভূমিকা আছে । সেয়ে পৰিষদৰ এলেকাসমূহত গণতান্ত্ৰিকভাৱে বিধিসমূহ প্ৰয়োগৰ দিশত আলোচনা কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে বুলি তেওঁ লগতে উল্লেখ কৰে ।

লগতে পঢ়ক :আবেদনৰ ৰায় বাটে-ঘাটে দিব নোৱাৰি : বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী - CM Himanta Biswa Sarma

লগতে পঢ়ক :৩৫ হাজাৰ শিক্ষক পদ মুকলিৰ সিদ্ধান্ত কেবিনেট বৈঠকত - Cabinet meeting in Nalbari

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.