গুৱাহাটী, ২৮ জুন : শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত এক বিশেষ সন্মিলনৰ আয়োজন কৰা হৈছে । তৃণমূল পৰ্যায়ত গণতন্ত্ৰক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে শুকুৰবাৰৰ পৰা ৰাজ্যৰ দহটা স্বায়ত্তশাসিত পৰিষদক লৈ প্ৰথমবাৰৰ বাবে অসম বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে । অসম বিধানসভাৰ পুৰণি ভৱনত দুদিনীয়াকৈ আয়োজন কৰা সন্মিলনখনত ১০ খন স্বায়ত্তশাসিত পৰিষদ ক্ৰমে মিচিং, ৰাভা হাচং, তিৱা, দেউৰী, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মৰাণ, মটক, কমতাপুৰ আৰু বড়ো কছাৰী কল্যাণ পৰিষদৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে ।
![Autonomous Councils Conference](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2024/as-ghy-01-for-the-first-time-in-the-old-building-of-the-legislative-assembly-the-conference-of-ten-autonomous-councils-7209925_28062024140513_2806f_1719563713_687.jpg)
গণতান্ত্রিক ব্যৱস্থাৰ ওপৰত সাধাৰণ জনতাৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে স্থানীয় আৰু তৃণমূল পৰ্যায়ৰ গণতন্ত্রক শক্তিশালী কৰাৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে । তদুপৰি পৰিষদসমূহৰ আইনত উল্লেখ থকা অনুসৰি আইন প্ৰণয়ন আৰু আইন প্রণয়নৰ পদ্ধতিৰ ওপৰত আগবাঢ়ি যোৱাৰ বাবে এই সন্মিলনখন অনুষ্ঠিত কৰা হৈছে ।
![Autonomous Councils Conference](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2024/as-ghy-01-for-the-first-time-in-the-old-building-of-the-legislative-assembly-the-conference-of-ten-autonomous-councils-7209925_28062024140513_2806f_1719563713_472.jpg)
আনহাতে, এই সন্মিলনৰ যোগেদি পৰিষদসমূহৰ ফলপ্ৰসূ কাৰ্যকলাপৰ বাবে পাৰস্পৰিক জ্ঞান আৰু তথ্যৰ আদান-প্ৰদানৰ মঞ্চ হিচাপে কাম কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । এই সন্মিলনখনৰ আন এটা উদ্দেশ্য হৈছে যে পৰিষদীয় সদস্যসকলক জনপ্রতিনিধি হিচাপে নিজৰ কৰ্তব্য অধিক ফলপ্রসূ আৰু দক্ষতাৰে পালন কৰিবলৈ সক্ষম কৰা ।
![Autonomous Councils Conference](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2024/as-ghy-01-for-the-first-time-in-the-old-building-of-the-legislative-assembly-the-conference-of-ten-autonomous-councils-7209925_28062024140513_2806f_1719563713_938.jpg)
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত আয়োজন কৰা সন্মিলনখনত মন্ত্রী পীযুষ হাজৰীকা, মন্ত্রী ডাঃ ৰণোজ পেগু, মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু মন্ত্রী নন্দিতা গাৰ্লোচাই অংশগ্ৰহণ কৰে । সন্মিলনত দহটা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, উপ-মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকৰ লগতে পৰিষদৰ আন বিষয়ববীয়া আৰু চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰিছে ।
![Autonomous Councils Conference](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2024/as-ghy-01-for-the-first-time-in-the-old-building-of-the-legislative-assembly-the-conference-of-ten-autonomous-councils-7209925_28062024140513_2806f_1719563713_363.jpg)
সন্মিলনখন সন্দৰ্ভত মন্ত্রী পীযুষ হাজৰীকাই কয় যে স্বায়ত্তশাসিত পৰিষদসমূহ হৈছে গণতান্ত্ৰিক ব্যৱস্থাৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ । এটা জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক, শিক্ষা, নৃতাত্বিক আৰু সাংস্কৃতিক উন্নয়নৰ বাবে স্বায়ত্তশাসিত পৰিষদসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । মন্ত্রীগৰাকীয়ে সন্মিলনত অংশগ্ৰহণ কৰা পৰিষদসমূহৰ প্ৰতিনিধিসকলক নিজ নিজ এলেকাত জাতিৰ হকে কাম কৰি আই অসমীক আগবঢ়াই নিবলৈ আহ্বান জনায় ।
![Autonomous Councils Conference](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2024/as-ghy-01-for-the-first-time-in-the-old-building-of-the-legislative-assembly-the-conference-of-ten-autonomous-councils-7209925_28062024140513_2806f_1719563713_728.jpg)
গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত সাধাৰণ জনতাৰ আশা-আকাংক্ষা পূৰণৰ বাবে স্থানীয় আৰু তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰক শক্তিশালী কৰিবলৈ, চৰকাৰী আঁচনিসমূহ ভালদৰে যোগ্যজনক প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদর্শনত ৰাজ্যৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশীদাৰ হ'বলৈ মন্ত্রীগৰাকীয়ে সকলোৰে প্ৰতি আহ্বান জনায় । আনহাতে, মন্ত্রী ডাঃ ৰণোজ পেগুৱে এই সন্মিলনে জনতাৰ আশা-আকাংক্ষা পূৰণৰ বাবে তৃণমূল পর্যায়ত গণতান্ত্রিক ব্যৱস্থাৰ শক্তিশালীকৰণ, ফলপ্রসূ কাৰ্যকলাপৰ বাবে পাৰস্পৰিক জ্ঞান আৰু তথ্যৰ আদান-প্রদানৰ উপৰি পৰিষদীয় সদস্যসকলক নিজৰ কৰ্তব্য অধিক দক্ষতাৰে পালন কৰিবলৈ সক্ষম কৰিব বুলি আশা প্ৰকাশ কৰে । মন্ত্রীগৰাকীয়ে এনে অভিনৱ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আন্তৰিক ধন্যবাদ জনায় ।