ETV Bharat / state

গৃহমন্ত্ৰী হৈ নিজে গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে: তীব্ৰ বিতৰ্কৰ মাজতে বিধানসভাৰ পৰা নিলম্বন অখিল গগৈক - Akhil gogoi suspended

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 4:14 PM IST

Akhil Gogoi Assembly debate: বিধানসভাৰ অধিবেশন মানেই হৈছে শাসক-বিৰোধী নেতাৰ তীব্ৰ বাকযুদ্ধ ৷ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা পিছত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰতিখন অধিবেশনতে সৰৱ ভূমিকা পালন কৰি অহা দেখা গৈছে ৷ এইবাৰ অসম বিধানসভাৰ চলিত শৰৎকালীন অধিবেশনতো ইয়াৰ ব্যতিক্ৰম নহ’ল ৷ অখিল গগৈক মাৰ্শ্বাল লগাই উলিয়াই দিলে বিধানসভাৰ অধ্যক্ষই ৷

AKHIL GOGOI SUSPENDED
Akhil gogoi assembly debate (Assam legislative assembly tv)

গুৱাহাটী, ২৭ আগষ্ট: “আপুনি অসমৰ ৰজা নহয়, যি মন যায় তাকে ক'বলৈ ৷ আমি সেয়া হ’বলৈ নিদিওঁ ৷ গৃহমন্ত্ৰী হৈ নিজে গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে”- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আজি চলিত বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনা সদনৰ ভিতৰে-বাহিৰে কঠোৰ সমালোচনা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷ মুখ্যমন্ত্ৰীৰে তীব্ৰ বাক-বিতণ্ডাৰ পিছত অৱশেষত সদনৰ পৰা দিনটোৰ বাবে অধ্যক্ষই নিলম্বন কৰে অখিল গগৈক ৷

বিধানসভাৰ পৰা নিলম্বন হ’ল অখিল গগৈ (ETV Bharat Assam)

দিনটোৰ বাবে নিলম্বিত হ’ল অখিল গগৈ:

ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবৰ বাবে উঠা বিৰোধীৰ বিধানসভাৰ সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য হোৱাৰ পিছত The Assam Equality Education Bill, 2024 শীৰ্ষক এখন বিধেয়ক সদনত উত্থাপন কৰিবলৈ আগবাঢ়িছিল বিৰোধী বিধায়ক অখিল গগৈ ৷ পিছে বিধানসভাত বিধেয়ক উত্থাপন কৰা নহ’ল অখিল গগৈৰ । তাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰে সদনত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় অখিল গগৈৰ । বিতৰ্কত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অখিল গগৈয়ে আনে কেতবোৰ গুৰুতৰ অভিযোগ । তীব্ৰ উত্তেজনাময় পৰিৱেশৰ পিছত অৱশেষত অধ্যক্ষই দিনটোৰ বাবে নিলম্বন কৰে অখিল গগৈক । সদনৰ পৰা মাৰ্শ্বাল লগাই বাহিৰলৈ উলিয়াই পঠিয়ায় অখিল গগৈক ৷

মুখ্যমন্ত্ৰীৰ প্ৰতি কি অভিযোগ অখিল গগৈৰ ?

বিধানসভাৰ পৰা দিনটোৰ বাবে নিলম্বিত হৈ সদনৰ বাহিৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে । অখিল গগৈয়ে কয়- “মুখ্যমন্ত্ৰীয়ে নতুন এটা Sessionত সাম্প্ৰদায়িক কথা কৈ নতুন এটা বিতৰ্ক কৰিছে । অসমখন গৃহমন্ত্ৰীয়ে নিজে জ্বলাবলৈ বিচাৰিছে । তেতিয়া ৩০ সংগঠনৰ ওপৰত প্ৰশাসনে জাননী দিয়াক লৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিলো । গৃহমন্ত্ৰী হৈ নিজে গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ চকুত চকু থৈ কৈছিলো- আপুনি অসমৰ ৰজা নহয়, যি মন যায় তাকে ক'বলৈ । আমি সেয়া হ’বলৈ নিদিওঁ ৷ তাৰ বাবেই সদনৰ পৰা নিৰাপত্তাৰক্ষী লগাই গতিয়াই উলিয়াই দিলে ।”

উজনি-নামনিৰ নামত সংঘাতৰ আঁৰত শিৱসাগৰ বিজেপিৰ সভাপতি ময়ুৰ বৰগোঁহাই থকাৰ অভিযোগ :

ধিংকাণ্ডৰ পিছত ক্ৰমাৎ জটিলতৰ হৈ গৈ থকা উজনি-নামনি আৰু 'মিঞা' প্ৰসংগত অখিল গগৈয়ে উত্থাপন কৰিলে এক বিস্ফোৰক অভিযোগ । সদনৰ ভিতৰত ময়ূৰ বৰগোঁহাইয়ে নামনিৰ পৰা যোৱা শ্ৰমিকক ১৫ লাখ টকা নিদি মাৰপিট কৰি খেদাই দিয়াৰ প্ৰসংগ বিধানসভাত উত্থাপন কৰে অখিল গগৈয়ে ।

সদনৰ বাহিৰতো অখিল গগৈয়ে ময়ুৰ বৰগোঁহাই প্ৰসংগত কয় এইদৰে:

“শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোঁহাইয়ে নিজে কাম কৰি থকা প্ৰধানমন্ত্ৰী কৌশল যোজনাৰ এটা ১০ কোটি টকীয়া প্ৰকল্পৰ বাবে নামনি অসমৰ পৰা কাম কৰিবলৈ নিছিল কিছু শ্ৰমিক ৷ এই শ্ৰমিক সকলক প্ৰহাৰ কথা পোহৰলৈ আহিছে । নিশা ১০:৩০ বজাত মাৰপিট কৰি দিবলগীয়া ১৫ লাখ টকা নিদি খেদি দিছিল শ্ৰমিকসকলক ।”

তাৰ উপৰিও অখিল গগৈৰ গুৰুতৰ অভিযোগ যে উজনি-নামনিৰ বিতৰ্ক আঁৰৰ এজন অন্যতম মানুহ শিৱসাগৰৰ বিজেপি নেতা ময়ূৰ বৰগোঁহাই ৷ সংঘাত সৃষ্টিৰ উদ্দেশ্যে ময়ূৰ বৰগোঁহাইয়ে নামনিৰ সংখ্যালঘু শ্ৰমিকক মাৰ-পিট কৰি আছু, আটাছু আৰু লাচিত সেনাৰ নামত জয়ধ্বনি দিয়াইছিল বুলিও বিধানসভাৰ পৰা নিলম্বনৰ পিছত অখিল গগৈয়ে মন্তব্য কৰে ।

অখিল গগৈয়ে কয়- “নাজিৰাত শ্ৰমিকসকলক সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, আটাছু জিন্দাবাদ, লাচিত সেনা জিন্দাবাদ ধ্বনি দিয়াইছিল ময়ুৰ বৰগোঁহায়ে । উজনি-নামনিৰ নামত সংঘাত সৃষ্টি কৰিব বিচাৰিছে শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোঁহাইয়ে ।”

লগতে পঢ়ক: অখিল গগৈ দুৰ্যোধন আৰু দুঃশাসনৰ অভিভাৱক: মন্ত্রী পীযুষ হাজৰীকা - Assam Assembly autumn session

নাৰী নিৰ্যাতন ৰোধত চৰকাৰ ব্যৰ্থতাকলৈ বিধানসভা চৌহদত কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ - Assam Assembly autumn session

প্ৰসংগ নাৰী নিৰ্যাতন : মুখ্যমন্ত্রীক ধৃতৰ‍াষ্ট্ৰ সজাই বিধায়ক অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly autumn session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.