তেজপুৰ, 22 জুন: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে দুদিনীয়াকৈ আয়োজন কৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস ৷ এই অনুষ্ঠানত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে পৰিচিত ধনদা পাঠকক প্ৰথম বৰ্ষৰ ‘‘বাণ থিয়েটাৰ লোকশিল্পী বঁটা’’ প্ৰদান কৰা হয় ।
![Folk artist Dhanada Pathak honoured with baan theatre loksilpi award 2024](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-06-2024/as-tezpur-06-21june-pix-dhanadapathak-pranabkumardas-7203907_21062024222718_2106f_1718989038_16.jpg)
উল্লেখ্য যে, বাণ থিয়েটাৰ কৰ্তৃপক্ষই বিগত কেবাবছৰ ধৰি ‘‘বাণ থিয়েটাৰ বঁটা’’ প্ৰদান কৰি অহাৰ পিছত শেহতীয়াকৈ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস অৰ্থাৎ বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰেই এসময়ৰ বাণ থিয়েটাৰৰ নিষ্ঠাবান শিল্পী প্ৰবীণ বৰাৰ সোঁৱৰণত ‘‘বাণ থিয়েটাৰ লোকশিল্পী বঁটা’’ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷
![Folk artist Dhanada Pathak honoured with baan theatre loksilpi award 2024](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-06-2024/as-tezpur-06-21june-pix-dhanadapathak-pranabkumardas-7203907_21062024222718_2106f_1718989038_685.jpg)
প্ৰথম বৰ্ষৰ বাবে এই সন্মান প্ৰদান কৰা হয় লোকগীতৰ সম্ৰাজ্ঞী ধনদা পাঠকক ৷ এই বঁটাত আছে গামোচা, অংগ বস্ত্ৰ, গ্ৰন্থৰ টোপোলা, স্মাৰক, প্ৰশস্তি আৰু নগদ ধন ৷
এই বঁটা প্ৰদান কৰে ক্ৰমে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, বাণ থিয়েটাৰৰ আজীৱন সদস্য তথা স্থানীয় বিধায়ক পৃথ্বিৰাজ ৰাভা, দাতা পৰিয়ালৰ সদস্য তথা প্ৰয়াত শিল্পী প্ৰবীণ বৰাৰ কনিষ্ঠ ভাতৃ হীৰেন বৰা, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে ।
![Folk artist Dhanada Pathak honoured with baan theatre loksilpi award 2024](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-06-2024/as-tezpur-06-21june-pix-dhanadapathak-pranabkumardas-7203907_21062024222718_2106f_1718989038_48.jpg)
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক তথা লোকসংস্কৃতিৰ গৱেষক, নাট্যকাৰ ড৹ শুকদেৱ অধিকাৰীয়ে । অনুষ্ঠানটোৰ আঁতধৰে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই ৷
লগতে পঢ়ক: কেনে আছে স্বাধীনতাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰা গাঁওখন ? - Rabha Divas 2024
অনুষ্ঠানটিত বঁটা গ্ৰহণ কৰি ধনদা পাঠকে ভাষণ প্ৰসংগত কয়, "শিল্পী এগৰাকী বাস্তৱতে জনসমাজৰ সৈতে সম্পৃক্ত হৈ নাথাকিলে প্ৰকৃত শিল্পীৰ মৰ্যাদা লাভ কৰিব নোৱাৰে ৷"
আনহাতে, অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লোকসংস্কৃতিৰ গৱেষক ড৹ শুকদেৱ অধিকাৰীয়ে কয়, "মহাপুৰুষীয়া চেতনাই উদ্বুদ্ধ কৰি তোলা বিষ্ণু ৰাভাৰ সাংস্কৃতিক চেতনাই বিশেষ মাত্ৰা লাভ কৰিছে ৷ বিশ্ব বৰেণ্য এনে শিল্পী সত্বাক কম আয়াসতে সামৰি থব নোৱাৰি । ভাৰতৰ বৰ্তমান সৰ্বত্ৰে নিনাদিত হৈ থকা ভাৰত মাতা কি জেয় মহামন্ত্ৰৰ পৰিৱৰ্তে বৰপেটাত এমুঠিমান সংগীৰ সৈতে ৰাভাদেৱে সৰ্বহাৰাৰ মুক্তিৰ অৰ্থে ব্ৰজকণ্ঠেৰে য়ে আজাদি জুঠা হে বুলি স্বাধীনতাৰ অন্তঃসাৰশূণ্যতাক উদঙাই দিছিল ।"
উল্লেখ্য যে, অনুষ্ঠানতে ধনদা পাঠকে গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰাৰ লগতে অনাতাঁৰ শিল্পী গীতা ভূঞা, লক্ষ্যহীৰা দাস, সংগীত শিল্পী সীমান্ত কাকতি, পৱন দাস আৰু বিতোপন বৰাই কলাগুৰুৰ গীত পৰিৱেশন কৰাৰ লগতে সৃজনী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী বৰঠাকুৰৰ পৰিচালনাত শিক্ষাৰ্থীসকলে কলাগুৰুৰ গীতৰ আধাৰত নৃত্য পৰিৱেশনেৰে অনুষ্ঠানটিক জীপাল কৰি তোলে ।
লগতে পঢ়ক: চৰকাৰে পাহৰিলে পূৰ্ণানন্দ গগৈক : আজিও নাপালে কোনো চৰকাৰী সুবিধা - Freedom fighter Purnananda Gogoi