ETV Bharat / state

জি এছ টিৰ সমস্যা : তেজপুৰত ব্যৱসায়ীৰে বৈঠক দুই মন্ত্ৰী অজন্তা নেওগ-অশোক সিংহলৰ - Ajanta Neog GST Related Meet

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 8:16 PM IST

Ajanta Neog GST Related Meet at Tezpur : জি এছ টিৰ আসোঁৱাহ দূৰীকৰণৰ বাবে উত্তৰ অসমৰ ব্যৱসায়ীৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বৈঠক । বৈঠকত ব্যৱসায়ীসকলৰ সমস্যা শীঘ্ৰে সমাধান কৰাৰ আশ্বাস বিত্ত মন্ত্ৰীৰ । বিত্ত মন্ত্ৰীৰ উপৰি বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলো ।

Ajanta Neog GST Related Meet at Tezpur
জি এছ টিৰ সমস্যা : তেজপুৰত ব্যৱসায়ীৰে বৈঠক দুই মন্ত্ৰী অজন্তা নেওগ-অশোক সিংহলৰ (ETV Bharat Assam)

তেজপুৰ, ১ জুলাই : অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু নগৰ উন্নয়ন, গৃহ নিৰ্মাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে সোমবাৰে উত্তৰ অসমৰ ব্যৱসায়ীসকলৰ সৈতে 'গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স’ চমুকৈ জি এছ টি সন্দৰ্ভত এক বৈঠকত মিলিত হয় ।

ব্যৱসায়ীসকলে দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ অহা জি এছ টিৰ নামত মধ্যবিত্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ভুগি অহা অবান্তৰ সমস্যাৰ বিষয়ে বিত্ত মন্ত্ৰী নেওগে নিজে ব্যৱসায়ীসকলৰ পৰা আৰু এই কৰৰ কাম কৰা লোকসকলৰ পৰা আসোঁৱাহসমূহৰ সবিশেষ তথ্য লয় ।

উল্লেখ্য যে যোৱা মে' মাহত তেজপুৰত উত্তৰ অসমৰ ব্যৱসায়ীসকলে তেওঁলোকৰ ওপৰত পাঁচ বছৰৰ সুতৰ লগতে অতিৰিক্ত পেনাল্টী জাপি দিয়াৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াৰ পিচতে বিত্ত মন্ত্ৰী নেওগে অসমৰ বিভিন্ন ঠাইৰ লগতে সোমবাৰে তেজপুৰত তৃতীয়খন বৈঠক অনুষ্ঠিত কৰি সমস্যা সমাধানৰ বাবে বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে ।

বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা মত বিনিময়ত বিত্ত মন্ত্ৰী নেওগে কয় যে অসমত বৰ্তমান জি এছ টিৰ দ্বাৰা এক সুস্থ চৰকাৰ চলিছে । এই কৰৰ জৰিয়তে অসমৰ লোকক নিয়মীয়াকৈ দৰমহা, চৰকাৰী আঁচনি ইত্যাদি দিবলৈ সক্ষম হৈছে । পূৰ্বতে এই কৰ বা জি এছ টি প্ৰয়োগ হোৱা নাছিল আৰু ভেটৰ জৰিয়তে কৰ সংগ্ৰহ কৰা হৈছিল ।

বিগত ৭ বছৰত ব্যৱসায়ীসকলে আগবঢ়োৱা এই কৰৰ জৰিয়তে ৰাজ্য চৰকাৰ টনকিয়াল হৈছে আৰু ভাৰতবৰ্ষৰ ভিতৰত অন্যতম হোৱাৰ প্ৰয়াস কৰিছে । বিগত ২০১৭-১৮ চনৰ পাঁচ বছৰৰ সুত, লগতে অতিৰিক্ত পেনাল্টীৰ বিষয়টো জি এছ টি কমিটীৰ বৈঠকত আলোচনা কৰি সমাধান কৰা হ'ব বুলিও তেওঁ বৈঠকত ব্যৱসায়ীসকলক কয় ।

উল্লেখ্য যে জি এছ টি কৰ্তৃপক্ষই জাৰি কৰা জাননীৰ পিচত ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ এই অৱস্থাটো কেৱল অসমতে সংঘটিত হৈছে আৰু ইয়াৰ বাবে হায়দৰাবাদৰ পৰা আমদানিকৃত এক ছফ্‌টৱেৰ ব্যৱহাৰৰ পাচতে এই সমস্যাৰ উদ্ভৱ হোৱাৰো অভিযোগ উঠিছে ৷

এই সন্দৰ্ভত ব্যৱসায়ীসকলে কয় যে সমগ্ৰ দেশতে ২০১৭ চনৰ ১ জুলাইৰ পৰা জি এছ টি বলৱৎ কৰা হৈছিল ৷ এই জি এছ টি আদায়ৰ বাবে এক পৰ্টেলৰ ব্যৱস্থা কৰা হৈছিল আৰু এই পৰ্টেলৰ আৰম্ভণিৰে পৰা এই পৰ্যন্ত কেইবাবাৰো উন্নীতকৰণ কৰা হৈছে ৷

বিগত ক'ভিড মহামাৰীৰ সময়ত বহুসংখ্যক ব্যৱসায়ীয়ে এই জি এছ টি দাখিল কৰাত পলম হৈছিল আৰু পৰৱৰ্তী সময়ত ইয়াক অতিৰিক্ত হিচাপে দাখিল কৰিছিল । কিন্তু এই অতিৰিক্ত পৰিমাণ দাখিল কৰাৰ পিচতো উক্ত মাচুলৰ লগত পেনাল্টী লগাই এতিয়া বিগত পাঁচ বছৰৰ সুতৰ লগতে চক্ৰবৃদ্ধি সুততকৈও বেছি পৰিমাণ জমা দিবলৈ জাননী জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই ।

আনহাতে, জি এছ টিৰ লগত জড়িত ব্যক্তিসকলে কয় যে কেন্দ্ৰীয় জি এছ টিৰ তৰফৰ পৰা প্রতিখন জাননীত তাৰ উত্তৰ বা প্ৰত্যুত্তৰ দিবলৈ পত্ৰ প্ৰেৰণ কৰে আৰু তাৰ বাবে নিৰ্দিষ্ট সময় দিয়া হয় । কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাজ্যিক জি এছ টিৰ তৰফৰ পৰা এনেধৰণৰ কোনো নিৰ্দেশ জাৰি নকৰি একেলগে ধন আদায় কৰিবলৈ নিৰ্দেশ জাৰি কৰে বুলি ব্যৱসায়ীসকলে মন্ত্ৰীগৰাকীক অৱগত কৰে ।

উল্লেখযোগ্য যে এই বৈঠকত প্ৰত্যেকখন জিলাৰ তৰফ পৰা একোখনকৈ স্মাৰক-পত্ৰও মন্ত্ৰী অজন্তা নেওগক দাখিল কৰে ।

লগতে পঢ়ক :ফোনতেই অসমৰ বানৰ বুজ ল’লে মোদী-শ্বাহে : সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীক - Flood in Assam
লগতে পঢ়ক :প্ৰবল বানৰ কবলত লখিমপুৰ জিলা : স্থগিত জিলা আয়ুক্ত সন্মিলন - Assam floods 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.