ETV Bharat / state

বানৰ কবলত সৰ্থেবাৰী: ন-ন অঞ্চল জলমগ্ন, পোহনীয়া জীৱ-জন্তুৰ লগতে সহাৱস্থান বানাক্ৰান্তৰ - Assam Flood 2024 - ASSAM FLOOD 2024

Fresh floods in Assam : টিহু-বুঢ়াদিয়া নদীৰ বানৰ কবলত সৰ্থেবাৰীৰ বিস্তীৰ্ণ অঞ্চল ৷ পানীৰ তলত কেবাটাও বাট-পথ, ন-ন অঞ্চল জলমগ্ন ৷ পাহাৰকুছিত বুঢ়াদিয়া নৈৰ মথাউৰিৰ চিগা অংশৰে নৈৰ পানী সোমাই বুৰ গৈছে বৃহৎ অঞ্চল ৷

FLOOD IN BARPETA
বিস্তীর্ণ এলেকা প্লাবিত (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 10:32 PM IST

বৰপেটা, 17 জুন : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বলিয়া বানৰ তাণ্ডৱ ৷ বানত ককবকাইছে দুৰ্ভগীয়া বানাক্ৰান্তই ৷ বাঢ়নী পানীত নিতৌ বুৰ গৈছে ন ন অঞ্চল ৷ ইয়াৰ মাজতে বিগত কিছুদিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত সৰুক্ষেত্ৰীৰ পাকা মৌজাৰ বিস্তীর্ণ এলেকা প্লাবিত হৈ পৰিছে ৷ সৰুক্ষেত্ৰীৰ মাজেৰে বৈ যোৱা বুঢ়াদিয়া নৈৰ বাঢ়নী পানী কালাতলীত মথাউৰিৰ ভগা অংশৰে হোৰাহোৰে সোমাই আছে ৷ ফলত কালাতলী, পাৰাহকুছি পথাৰ, সত্ৰপাকা, নটপাৰা, জাব্ৰিকুছি, বতিয়া, খৰিয়া আদি গাঁৱৰ ভিতৰত পানী সোমাই বহু পৰিয়ালৰ ঘৰ-বাৰী বুৰাই পেলাইছে ৷

টিহু-বুঢ়াদিয়া নদীৰ বানৰ কবলত সৰ্থেবাৰীৰ বিস্তীৰ্ণ অঞ্চল (ETV BHARAT ASSAM)

আনহাতে পাৰাহকুছিৰ পশ্চিম অংশত বুঢ়াদিয়াৰ উন্মুক্ত মথাউৰিৰে বাঢ়নী পানী সোমোৱাত নৈপৰীয়া কেবাটাও পৰিয়াল আতংকিত হৈ পৰিছে ৷ তদুপৰি, বতিয়াৰ পূব অংশত বুঢ়াদিয়া নৈৰ মথাউৰিৰ ওপৰেৰে বাঢ়নী পানী সোমাই থকাৰ বিপৰীতে বতিয়াৰ পশ্চিম ফালে টিহু নৈৰ পানী উন্মুক্ত মথাউৰিৰে সোমাই ক্ষুদ্ৰগোমুৰা, শান্তিপুৰ আদি ভালেমান অঞ্চল বুৰাই পেলাইছে ৷ উন্মুক্ত মথাউৰি নিৰ্মাণ নকৰাৰ ফলতে পাকা , সৰুক্ষেত্ৰী মৌজাৰ ৰাইজ বানৰ আশংকাত এতিয়া দিন পাৰ কৰিবলগা হৈছে ৷

লগতে পঢ়ক : অসম-অৰুণাচল সীমান্তৱৰ্তী মানশিৰি নৈৰ দলঙৰ অংশ খহালে বৰষুণে, যাতায়ত বন্ধ - Mansiri River Bridge

ইফালে সৰ্থেবাৰী পাকাদলনী, সত্ৰ পাকা, নটপৰা, নেউলাৰ ভিঠা, কুৰিহাৰ পাম, বামুন্দী, যশোদাৰ পাম আদি ভালেমান অঞ্চলৰ কৃষিভূমি বানত বুৰ গৈছে ৷ পাৰাহকুছিৰ পশ্চিম অংশত বুঢ়াদিয়া নদীৰ মথাউৰি কেইবা অংশত নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত বিজ্ঞানসন্মত স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰাত গাঁওবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ নদীৰ খহনীয়াত শংকিত হৈ ভালেমান পৰিয়ালে এতিয়া উজাগৰী নিশা পাৰ কৰিবলগা হৈছে ৷ পৰিতাপৰ বিষয় এই যে, যোৱা আঠ- ন বছৰত নৈপৰীয়া পাৰাহকুছিৰ দহটা পৰিয়ালৰ ঘৰ-বাৰী বুঢ়াদিয়াৰ বুকুত জাহ যোৱাৰ পিচতো চৰকাৰৰ কোনো কাণসাৰ নাই বুলি ৰাইজে অভিযোগ কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যত পুনৰ বানৰ তাণ্ডৱ, ৭ জিলাৰ ৯৩ খন গাঁও প্লাবিত - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.