ETV Bharat / state

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি: চকুৰ সন্মুখতে উটি গ’ল দুচকীয়া বাহন - Assam flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 9:53 PM IST

Fresh floods in Assam: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ বানত আক্ৰান্ত ৰাজ্যৰ কেবাখনো জিলা ৷ ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ-বৰাক, মানাহ-আই নদীৰ জলস্তৰ ৷ সমষ্টিবাসীৰ কাষত বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ ঘৰ-দুৱাৰ এৰি অস্থায়ী আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ বানাক্ৰান্তৰ ৷

Floods in various parts of the assam
ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি (ETV Bharat Assam)

নিউজ ডেস্ক, 19 জুন: বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ ধাৰণ কৰিছে জটিল ৰূপ । মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ-বৰাকৰ উপৰি বিভিন্ন উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাত ব্যাহত হৈ পৰিছে সাধাৰণ জীৱন যাত্ৰা ।

সৰ্থেবাৰীত বান; বানাক্ৰান্তৰ কাষত স্থানীয় লোক

সৰ্থেবাৰী ৰাজহ চক্ৰ এলেকাতো অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি ৷ বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কালদিয়া নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰি পেলাইছে সৰ্থেবাৰী ৰাজহ চক্ৰ এলেকাৰ বিস্তৃৰ্ণ অঞ্চল । ভয়াৱহ ৰূপ ধাৰণ কৰা বাঢ়নী পানীয়ে ইতিমধ্যে উটুৱাই নিছে বাট-পথ । বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা ।

লগতে পঢ়ক: বানৰ মাজতে সৰ্পদংশন : ৰাইজে দাঙি নিবলগীয়া হ’ল হাস্পতাললৈ - Assam flood 2024

বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰা অঞ্চলসমূহ মঙলবাৰে পৰিদৰ্শন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে । মটৰ চাইকেলেৰে ভক্তৰদৱা, জিৰো বজাৰ, হেলছা, নলীৰপাথাৰ আদিকে ধৰি বৃহত্তৰ অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে । বানাক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ অন্তত বানপীড়িত অঞ্চলসমূহত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক আহ্বান জনায় ।

বঙাইগাঁৱত বান:

বঙাইগাঁও জিলাৰ বাশবাশী, ছালাবিলা, ভাণ্ডাৰা, তিলপুখুৰী, বালাৰপেট, টেনটনপুৰ, কাঁহীবাৰী, কুশবাৰীসহ প্ৰায় 20 খনৰো অধিক গাওঁ প্লাবিত কৰি পেলাইছে বাঢ়নী পানীয়ে । মানাহ নদীৰ বাঢ়নী পানীৰ ফলত শালমাৰা, লুংঝাৰ, 1 নং ধুপুৰী, 2 নং ধুপুৰী, পশ্চিম বৰবিলা, খৰিবাৰী, ভাটিপাৰা আদিকে ধৰি প্ৰায় দহখনৰো অধিক গাওঁ বৰ্তমান বানৰ কৱলত । এতিয়ালৈকে জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী লোকে ।

লগতে পঢ়ক: ফেনে-ফোটোকাৰে আহিছে বান, ৰাজ্যত দ্বিতীয়টো বানত প্লাৱিত 15 খন জিলাৰ 1.61 লাখ লোক - Assam Flood 2024

জনজীৱনৰ লগতে পশুধনৰ খাদ্যৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । চৰণীয়া পথাৰ, খেতি পথাৰ আৰু পথ পানীৰে একাকাৰ হোৱাত পহু ধনৰ খাদ্যৰ অভাৱ ঘটিছে । সেয়ে পশুধনৰ খাদ্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ৰাইজে ।

মানাহৰ সমান্তৰালভাবে বৃদ্ধি পাইছে আই নদীৰ জলস্তৰ ৷ ক্ৰমাৎ কালৰূপ ধাৰণ কৰিছে আই নদীৰ বাঢ়নী পানীয়ে । বাঢ়নী পানীয়ে মঙলবাৰে বাইকসহ এজন চালকক উটুৱাই নিয়ে বুলি জনাই স্থানীয় লোকে । অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত বাইকসহ চালকজনৰ জীৱন ৰক্ষা পৰে । চালকজনৰ নাম কুদ্দুচ আলী বুলি জানিব পৰা গৈছে ।

বানত বিপৰ্যস্ত টিহু নগৰ:

কেইবাদিন ধৰি অহা মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে টিহু নগৰৰ বাট-পথৰ লগতে কেবাটাও চৰকাৰী কাৰ্যালয়ৰ চৌহদত । টিহু ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখৰ পথটোৱে বিধস্ত ৰূপ লোৱাৰ ফলত পথত পানী জমা হোৱাৰ উপৰি ৰাজহ চক্ৰ কাৰ্যালয় চৌহদতো পানী জমা হয় । টিহু মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বাহিৰে-ভিতৰে পানী সোমোৱাৰ লগতে উপ-পঞ্জীয়কৰ কাৰ্যালয়, গাঁও প্ৰধানৰ কাৰ্যালয় আৰু তৰণী সন্থাৰ কাৰ্যালয়ৰ চৌহদ পৰ্যন্ত পানীত বুৰ যায় ।

লগতে পঢ়ক: শ্ৰেণীকোঠা-কাৰ্যালয় সকলো পানীৰ তলত : হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভাৱনীয় পৰিৱেশ - ASSAM FLOOD 2024

টিহুৰ বৰবাৰী (লচিমা) গাঁৱৰ পৰা হৰিমন্দিৰলৈ যোৱা পথ, টিহু মহাবিদ্যালয়, টিহু মহাবিদ্যালয়ৰ পৰা টিহু সাহিত্য সভা ভৱনলৈ যোৱা পথটোও পানীত বুৰ যায় । টিহু নগৰৰ 3 নং ৱাৰ্ড (চৌধুৰীপাৰা)ত পথৰ ওপৰেৰে পানী বাগৰাৰ উপৰি গৰিষ্ঠসংখ্যকৰ ঘৰ-চোতাল পানীত বুৰ যায় ।

নামনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান টিহু মহাবিদ্যালয় পৰ্যন্ত পানীত বুৰ যোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । বৰ্তমান পৰ্যন্ত 395 নং টিহু টাউন বালিকা নিম্ন বুনিয়াদী বিদ্যালয় আৰু টিহু টাউন আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়, পশ্চিম নান্নাট্টাৰী, টিহু বিদ্যানগৰ, ভদ্ৰকুছি আৰু টিহু ছোৱালী হাইস্কুলৰ অস্থায়ী আশ্ৰয় শিৱিৰত 25-30 টা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে ।

লগতে পঢ়ক: ৰঙিয়াত বৰলীয়া নৈৰ কালৰূপ : জলবন্দী প্ৰায় 250 টা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.