ETV Bharat / state

আহাৰৰ বলিয়া বানত জুৰুলা ৰাজ্যৰ জনতা - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 1:56 PM IST

Flood situation in Assam : ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে । মাজুলী, জোনাই, আমগুৰি, টীয়ককে আদি কৰি বিভিন্ন প্ৰান্তৰ বহু পৰিয়াল এতিয়া বানৰ কবলত ।

Floods in different parts of Assam have caused disruption in life
আহাৰৰ বলিয়াবানৰ কবলত ৰাজ্যৰ জনতা (ETV Bharat Assam)

নিউজ ডেস্ক,৩০ জুন : আহাৰৰ বানে জুৰুলা কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজক । ডুবিছে পথ, ডুবিছে ঘৰ ৷ আশ্ৰয়স্থলৰ বাবে হাহাকাৰ কৰিছে মানুহৰ লগতে জীৱ-জন্তুৱেও ৷ দেওবাৰেও বহু ঠাইত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷

  • মাজুলী

বানত আক্ৰান্ত মাজুলীৰ ৰাইজ । বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । বহু বছৰৰ পাচত ভয়ংকৰ বনৰ কবলত পৰিছে মাজুলী । নিশাৰ ভিতৰতে ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । মাজুলীৰ শালমৰাত ঘৰৰ ভিতৰত এককাল এবুকু পৰ্যন্ত পানী ।

নিশা ভিতৰে মাজুলী শাল মৰা, যোগীগাঁও, কলনীবাৰী, মেৰাগড়, গেজিঙ, চিনাতলি, দক্ষিণপাট, কৈৱৰ্ত, অফলামুখ, দক্ষিণপাট পুৰণি সত্ৰ, দক্ষিণপাট কুমাৰ গাঁও আদিৰ লগতে উজনি নামনি মাজুলীৰ প্ৰায়সমূহ গাঁও জলমগ্ন হৈ পৰিছে ।

  • জোনাই

জোনাইৰ শিৱগুৰিত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ চিয়াং, দিবাং আৰু দতুং নদীৰ বাঢ়নী পানীত জলমগ্ন শিৱগুৰি ৷ জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই পানীত আবদ্ধ হৈ থকা ৩৯ গৰাকী লোকক সক্ষম হৈছে উদ্ধাৰ কৰিবলৈ ৷

জানিব পৰা মতে, জোনাইৰ বাহিৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰীত যোৱা কেইবাদিনো দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং,দিবাং আৰু দতুং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সমগ্ৰ শিৱগুৰি অঞ্চল ৷

  • আমগুৰি

আহাৰৰ প্ৰথমটো বানত আমগুৰিৰ দিখৌমুখত হাহাকাৰ পৰিস্থিতি । বানত বুৰ গৈছে বহুকেইটা পৰিয়াল । নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈ শিৱসাগৰ জিলাৰ আমগুৰিৰ দিখৌমুখত বানৰ কবলত পৰিছে প্ৰায় ২০ টাকৈ পৰিয়াল ।

হঠাতে অহা বানৰ ফলত বুৰ যোৱা পৰিয়াল কেইটাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । পিছে বানবিধ্বস্ত পৰিয়াল কেইটাৰ খবৰ ল'বলৈ প্ৰশাসনৰ লোক বৰ্তমানলৈকে আহি নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ।

  • টীয়ক

বান বিভীষিকাই ত্ৰাসৰ সৃষ্টি কৰিছে যোৰহাট জিলাৰ টীয়ক আৰু পূব যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ অঞ্চলত । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে দুয়োটা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ২০/২৫খন গাঁও বুৰাই পেলোৱাৰ লগতে বহু হেক্টৰ কৃষি ভূমি প্লাৱিত কৰিছে ।

বাঢ়নী পানীয়ে বুৰাই পেলাইছে ঘৰ-দুৱাৰ, নামঘৰ, বিদ্যালয় তথা আচবাব, সা-সম্পত্তি সকলো । অঞ্চলটোৰ যাতায়তৰ পথসমূহ এতিয়া পানীৰ তলত । বাঢ়নী পানীৰ বাবে জাঁজীমুখৰ পাৰঘাটৰ নাও চলাচল বন্ধ কৰি দিয়াৰ লগতে বাঢ়নী পানীয়ে বিপৰ্যস্ত কৰি তুলিছে জনজীৱন ।

লগতে পঢ়ক: ক’ৰবাত ফেৰীসেৱা বাতিল, ক’ৰবাত সকলো ডুবিছে পানীত - ASSAM FLOOD 2024

পানীৰ তলত ৰেম্প : বন্ধ ফেৰী চলাচল, যাত্ৰীৰ হাহাকাৰ - Majuli Ferry Service

নীপকোৱে এৰিলে ৰঙানদী বান্ধৰ পানী; আতংকিত লখিমপুৰবাসী - NEEPCO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.