ETV Bharat / state

কাছাৰ-জোনাইত বানৰ ভয়ংকৰ ৰূপ; পানীৰ তলত ঘৰ-বাৰী, পথ-পথাৰ একাকাৰ - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 1:19 PM IST

Flood in Assam : উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰ এতিয়া বলিয়া বানত ককবকাইছে । অসম তথা চুবুৰীয়া ৰাজ্য অৰুণাচলত বিগত কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া ৰাজ্যৰ চৌদিশে সৃষ্টি হোৱা বানৰ বাবে জন-জীৱন ব্যাহত হৈ পৰিছে । ঘৰ-বাৰী, পথাৰ সকলো পানীৰ তলত ।

Flood in Assam
জোনাই-কাছাৰত বানৰ সংহাৰ (ETV Bharat Assam)

কাছাৰ/জোনাই, ৫ জুলাই : পাহাৰে-ভৈয়ামে অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত শিৱগুৰি অঞ্চলত ঘৰ-বাৰীৰ লগতে তৰপে তৰপে পলস, বালিয়ে পুতি পেলাইছে বিস্তৃত কৃষিভূমি । যাৰফলত মানুহৰ লগতে জন্তুৱে খাবলৈও নাই সামান্য ঘাঁহ-বন । আনহাতে, মূৰে-কপালে হাত দিবলগা হৈছে ক্ষতিগ্ৰস্ত গঞাই ।

অসম-অৰুণাচল সীমান্তত বিগত কেইবাদিনো ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত চিয়াং, দিবাং আৰু দতু্ং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সমগ্ৰ শিৱগুৰি গাঁও । অৱশ্যে জোনাই মহকুমা প্ৰশাসনৰ তৎপৰতাত গাঁৱখনত বসবাস কৰা প্ৰায় ৪৯ টা পৰিয়ালক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰত থকাৰ সুবিধা কৰি দিছে ।

কিন্তু বানপানীৰ পিচত সমগ্ৰ শিৱগুৰি অঞ্চলটো মৰুভূমিলৈ পৰ্যবসিত হোৱাৰ উপক্ৰম ঘটিছে । কিয়নো বালি-পলসে পুতি পেলাইছে খেতিপথাৰৰ লগতে সপোনৰ ঘৰখনো । মিচিং জনগোষ্ঠীৰ লোকে বসবাস কৰা গাঁৱখনত ওখ ওখ চাংঘৰবোৰো বলিয়া বানে ৰেহাই দিয়া নাই । নিমিষতে বোকা-পানী-পলসে পুতি পেলাইছে সপোনৰ গাঁৱখনৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী ।

চিয়াং, দিবাং আৰু দতু্ং নদীৰ বাঢ়নী পানীৰ তাণ্ডৱত একপ্ৰকাৰ অঘৰী জীৱন কটাবলৈ বাধ্য হৈছে অৰ্ধশতাধিক বানপীড়িত পৰিয়ালে । যাৰ বাবে তেওঁলোক এতিয়া প্ৰশাসনে ব্যৱস্থা কৰা আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে ।

কিন্তু তেওঁলোক এনেদৰে কিমান দিন থাকিব, কণ কণ ল'ৰা-ছোৱালীক লগত লৈ এইসকল দুৰ্ভগীয়া পৰিয়াল ক'লৈ যাব সেই চিন্তাই এতিয়া এইসকল দুৰ্ভগীয়াক খুলি খুলি খাইছে । সেয়ে তেওঁলোকে আশ্ৰয় শিবিৰৰ পৰাই প্ৰতিটো পৰিয়ালক স্থায়ী সংস্থাপনৰ বাবে দুবিঘাকৈ মাটি প্ৰদান কৰাৰ বাবে চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে ।

আনহাতে, সমগ্ৰ ৰাজ্যৰ লগতে কাছাৰতো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ বৰাকসহ বিভিন্ন নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে জিলাখনৰ ইটোৰ পাছত সিটো অঞ্চল । এই দৃশ্য শিলচৰ-কৰিমগঞ্জ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ৷ বৰাক নৈৰ বাঢ়নী পানীত বুৰ গৈছে শিলচৰ-কৰিমগঞ্জ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো ৷ ফলত পথছোৱাত বন্ধ হৈ পৰিছে যাতায়াত ব্যবস্থা । ৰাজপথৰ ওপৰত একাঁঠু পানী । যাৰবাবে পথত আবদ্ধ হৈ পৰিছে শ শ যান-বাহন ।

ইফালে পথছোৱাৰে যাতায়াত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে কাছাৰ জিলা প্ৰশাসনে । অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটো বুৰ যোৱাত বিছিন্ন হৈ পৰিছে শিলচৰ আৰু কৰিমগঞ্জৰ মাজৰ যোগাযোগ ব্যবস্থা । শালচাপৰা টুকৰগ্ৰাম অঞ্চলত মথাউৰি ছিগাৰ ফলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে কাছাৰৰ শালচাপৰা অঞ্চলত । ছিগা মথাউৰিৰে হোৰাহোৰে বৰাকৰ পানী প্ৰৱেশ কৰি প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল । যাৰ ফলত এতিয়া বৰাকৰ বাঢ়নী পানীত বুৰ গৈছে শিলচৰ-কৰিমগঞ্জ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো ।

লগতে পঢ়ক :বান বিভীষিকা অব্যাহত; বানত মৃত্যু হোৱা লোকৰ সংখ্যা 52 জনলৈ বৃদ্ধি - Assam flood 2024
অপৰিৱৰ্তিত বান পৰিস্থিতি : জিলাই জিলাই মন্ত্ৰীৰ পদাৰ্পন - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.