ETV Bharat / state

মেঘালয়ৰ পৰা নামি অহা পানীয়ে জলেশ্বৰত সৃষ্টি কৰিছে বিভীষিকা - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 4:45 PM IST

Assam Flood 2024: গোৱালপাৰা জিলাৰ জলেশ্বৰত বানৰ ভয়ংকৰ ৰূপ । মুষলধাৰ বৰষুণৰ ফলত অভাৱনীয় পৰিস্থিতি । মেঘালয়ৰ পৰা নামি অহা পানীয়ে চকুৰ পলকতে উটুৱাই নিলে চাটাইমাৰী-গুমাইঝাৰ সংযোগী কাঠৰ দলং । প্ৰশাসন তথা বিধায়ক-সাংসদে খবৰ নোলোৱাৰ অভিযোগ বন্যাৰ্তৰ ।

Flood situation at Jaleshwar in Goalpara, a wooden bridge washed away
জলেশ্বৰত বানৰ ভয়ংকৰ ৰূপ (ETV Bharat Assam)

গোৱালপাৰা, ১২ জুলাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত বান বিভিষিকা । গোৱালপাৰাৰ জলেশ্বৰত বানে লৈছে ভয়ংকৰ ৰূপ । মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ । মেঘালয়ৰ পৰা নামি অহা ঢলে চকুৰ পলকতে উটুৱাই নিয়ে চাটাইমাৰী-গুমাইঝাৰ সংযোগী কাঠৰ দলং । কেমেৰাৰ সন্মুখতেই প্ৰৱল সোঁতত উটি গল গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ চাটাইমাৰী-গুমাইঝাৰ সংযোগী কাঠৰ দলংখন ।

মেঘালয়ৰ পৰা নামি অহা পানীয়ে পলকতে বুৰাই পেলাই কুৰিখনতকৈও অধিক গাঁও । চাটাইমাৰী¸গুমাইঝাৰ¸শিমলাবাৰী¸ৰাখালকিল্লা আদি অঞ্চলত সংযোগ বিচ্ছিন্ন হৈ পৰে অঞ্চলবাসী । এই বানত বিনষ্ট হয় হেক্টৰে হেক্টৰে কৃষিভুমি । সম্প্ৰতি কেইবাখনো গাঁও পঞ্চায়তত হাহাকাৰময় পৰিস্থিতি বিৰাজ কৰিছে । উল্লেখ্য যে এফালে যদি ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ আনফালে মেঘায়লৰ পৰা নামি অহা পানীৰ বিভীষিকাত দিশহাৰা হাজাৰ হাজাৰ জনতা ।

গোৱালপাৰা জিলাখনৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে জলেশ্বৰবাসী । কিন্তু বৰ্তমানলৈ খবৰ নাই গোৱালপাৰা জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ তথা বিধায়ক, সাংসদৰ । খবৰ লবলৈ আহৰি নাই নৱ-নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন তথা জলেশ্বৰৰ বিধায়ক আফতাবুদ্দিন মোল্লাৰ । ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰে বানত আক্ৰান্ত ৰাইজে ।

উল্লেখ্য যে, শেহতীয়া বানে ক্ষতিগ্ৰস্ত কৰিছে গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল । বৰ্তমানলৈকে কিছু কিছু অঞ্চলত পানী কমিছে যদিও এতিয়াও বহু পৰিয়ালৰ ঘৰৰ মুধচলৈকে পানী । উপায়ন্তৰ হৈ নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় লৈছে ওখ মথাউৰিত । আনহাতে আশ্ৰয় শিবিৰ সমূহতো বন্যাৰ্তই বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগো উত্থাপন হৈছে গোৱালপাৰাত ।

লগতে পঢ়ক: গোৱালপাৰাৰ বানাক্ৰান্তৰ আশ্রয় শিবিৰত নাই পৰ্যাপ্ত সাহায্য, নাই শিশুৰ পুষ্টিকৰ খাদ্য - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.