ETV Bharat / state

কাজিৰঙাত বানৰ সংহাৰ: বানত মৃত্যু ছটা গঁড়সহ ১২০ টা বন্যপ্ৰাণীৰ - Assam Flood 2024

Flood in Kaziranga : বানত বুৰিছে কাজিৰঙা ৷ জীৱকুললৈ আহিছে চৰম ভাবুকি ৷ তথ্য অনুসৰি, চলিত বছৰৰ এই বানত ইতিমধ্যে মৃত্যু হৈছে বিশ্ববিখ্যাত ছটাকৈ এশিঙীয়া গঁড়ৰ ৷ লগতে মৃত্যু মুখত পৰিছে শতাধিক আন আন বন্যপ্ৰাণী ৷

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 7:35 AM IST

Flood in Assam 120 Wild Animals Dead Including 6 Rhinos In Kaziranga National Park
বানত বুৰিছে কাজিৰঙা (ETV Bharat Assam)

কাজিৰঙা, ৭ জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি বান লগতে আহিছে মৃত্যুৰ ধল ৷ বাঢ়নী পানী কিছু শুকুৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ইটোৰ পাচত সিটো বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ বছৰৰ দ্বিতীয়টো বানত বুৰ যোৱা বিশ্ব ঐতিহ্যক্ষেত্ৰখনত মৃত্যু হৈছে ছটা গঁড়কে ধৰি প্ৰায় ১২০ টা বন্যপ্ৰাণীৰ ৷

বানত মৃত্যু ছটা গঁড়সহ ১২০ টা বন্যপ্ৰাণীৰ (ETV Bharat Assam)

কাজিৰঙাৰ বনবিভাগৰ সূত্ৰই জনোৱা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ ২৩৩ বন শিবিৰৰ ৬৬ টা বন শিবিৰ এলেকা বৰ্তমানেও বাঢ়নী পানীয়ে বুৰাই ৰাখিছে ৷ ইয়াৰে অগৰাতলিৰ ৩৪ টা শিবিৰৰ ৯ টা বৰ্তমানেও বাঢ়নী পানীয়ে বুৰাই ৰখাৰ বিপৰীতে কাজিৰঙাৰ ৫৮ টাৰ ২৪ টা বন শিবিৰ, বাগৰিৰ ৩৯ টাৰ ১৯ টা বন শিবিৰ, বুঢ়াপাহাৰৰ ২৫ টাৰ ৫ টা বনশিবিৰ এলেকাত পাঁচ ফুটতকৈ অধিক পানী আছে ৷

সমান্তৰালকৈ বোকাখাত বনাঞ্চলৰ ৯ বন শিবিৰৰ চাৰিটা, বিশ্বনাথ বন সংমণ্ডলৰ ৩০ টা এটা আৰু নগাঁও বন সংমণ্ডলৰ ৩৮ টা বন শিবিৰৰ ৪ টা বন শিবিৰ বাঢ়নী পানীত বুৰ গৈ আছে ৷ পানীত বুৰ গৈ থকা এই ৬৬ টা বন শিবিৰৰ ভিতৰত বাঢ়নী পানী বন শিবিৰৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাত কাজিৰঙা বনাঞ্চলৰ দুটা, বোকাখাত বনাঞ্চলৰ দুটা আৰু নগাঁও বন সংমণ্ডলৰ এটাকে ধৰি মুঠ পাঁচটা বন শিবিৰ স্থানান্তৰ কৰা হৈছে ৷

লগতে পঢ়ক : বছৰৰ দ্বিতীয়তো বানত কাজিৰঙাত ১১৪ টা জন্তুৰ মৃত্যু - ASSAM FLOOD 2024

ইপিনে, বছৰটোৰ দ্বিতীয়টো বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতি কাষৰীয়া এলেকা ৷ বাঢ়নী পানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ৰাইজৰ ঘৰ-বাৰী তচনচ হোৱাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ।

বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ ৮০/৯০ শতাংশ এলেকাই জলমগ্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত একাংশ বন্যপ্ৰাণীয়ে উদ্যানৰ অন্তৰ্ভাগৰ হাইলেণ্ডসমূহত আশ্ৰয় লোৱাৰ বিপৰীতে নিৰাপদ আশ্ৰয়ৰ সন্ধানত বিভিন্ন বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি আশ্ৰয় লৈছে উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লগতে দক্ষিণৰ কাৰ্বি পাহাৰত ।

এই বন্যপ্ৰাণীসমূহ সুৰক্ষাৰ বাবে বনবিভাগৰ লগতে বিভিন্ন ব্যক্তি-সংগঠনে দিন-ৰাতি একাকাৰ কৰিছে ৷ সমান্তৰালকৈ বানত আবদ্ধ হৈ অথবা উদ্যানৰ দক্ষিণ দিশৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে আঘাতপ্ৰাপ্ত বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰিছে বনবিভাগৰ দলে ৷

লগতে পঢ়ক : অপৰিৱৰ্তিত কাজিৰঙাৰ বান পৰিস্থিতি, কেবাটাও বন্যপ্ৰাণী উদ্ধাৰ - Assam Flood 2024

হাতী পোৱালি, মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি, হৰিণা আদিকে ধৰি বিভিন্ন বন্যপ্ৰাণী বিভিন্ন সময়ত ইতিমধ্যেই উদ্ধাৰ কৰা হৈছে কাজিৰঙাৰ ভিন্ন এলেকাৰ পৰা ৷ এই সন্দৰ্ভত বিভাগীয়ভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি, কাজিৰঙাত এই পৰ্যন্ত পানীত ডুবি ছটাকৈ গঁড়ৰ মৃত্যু হোৱাৰ বিপৰীতে ৮৭ টা হৰিণাৰ মৃতদেহ উদ্যানৰ অন্তৰ্ভাগৰ উদ্ধাৰ হৈছে ৷

আনহাতে, গাড়ী খুন্দাত চলিত বানত প্ৰায় ১২০ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৷ অৱশ্যে কাজিৰঙা এলেকাত গাড়ীসমূহ এছকৰ্ট দি পাৰ কৰোৱাৰ ব্যৱস্থা কৰাত এইবাৰ গাড়ীৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা পূৰ্বৰ তুলনাত কম হৈছে ৷

ইপিনে, ৰাজপথত চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ ছাত্ৰ-ছাত্ৰী, বোকাখাতৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, কাজিৰঙা জীপ ছাফাৰী সন্থাকে ধৰি বিভিন্ন বেচৰকাৰী অনুষ্ঠানে দিনে-নিশাই ৰাজপথৰ বন্যপ্ৰাণী আহ-যাহ কৰা স্থানত পহৰা দিছে ৷

আনহাতে, স্বেচ্ছাই পহৰা দিয়া এই কৰ্মীসকলৰ লগতে আৰক্ষী-বন বিভাগৰ লোকসকলক বীৰ লাচিত সেনা, অসম; অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কাজিৰঙা হোটেল এণ্ড ৰিজ’ৰ্ট এচ’ছিয়েছন, কাজিৰঙাৰ আয়’ৰা ৰিজ’ৰ্ট, বৰগছ ৰিজ’ৰ্টকে প্ৰমুখ্য কৰি বিভিন্ন অনুষ্ঠান আৰু ব্যক্তিগত বিশেষে চাহ-ভাতৰ যোগান ধৰিছে ৷

লগতে পঢ়ক : দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024

গুৰুত্বপূৰ্ণ কথাটো হ’ল, কাজিৰঙাৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই নিৰাপদ আশ্ৰয়ৰ সন্ধানত ওলাই অহা বন্যপ্ৰাণীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে ৷ পানী কমিলেও দুৰ্দশা আঁতৰা নাই কাজিৰঙাৰ জীৱকুলৰ ৷ উদ্যানখনৰ বিস্তৃৰ্ণ অঞ্চল বৰ্তমানেও জলমগ্ন ৷ যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানেও নিৰাপদ আশ্ৰয় বিচাৰি ওখ ঠাইলৈ ধাৱমান হৈ আছে বন্য জীৱকুল ৷

শনিবাৰে নিশা কাজিৰঙা হালধীবাৰিৰ ৰাজপথত দেখা গ'ল এটা গঁড়ৰ মুক্ত বিচৰণ । নিৰাপদ স্থানৰ সন্ধানত ওলাই অহা গঁড়টোৱে বহু সময় আবদ্ধ কৰি ৰাখে যান-বাহনসমূহ ।

লগতে পঢ়ক : জনি-নামনি সকলোতে প্ৰকৃতিৰ ধ্বংসলীলা - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.