ETV Bharat / state

কামিয়া নৈয়ে ভাঙিলে কামিহাড় : বছৰ বছৰ ধৰি বোকা-পানীৰ সৈতে সহাৱস্থান লুগুটিবাসীৰ - Assam Flood 2024

Flood in Dhemaji : চিচিবৰ গাঁও ৰাজহ চক্ৰৰ অধীনৰ লুগুটি আৰু লুগুটি খৰাগ অঞ্চলত বিগত কেবাবছৰ ধৰি পাহাৰীয়া নৈ কামিয়াই চলাই আহিছে তাণ্ডৱ ৷ বিশুদ্ধ খোৱা পানীৰ অভাৱত বৰষুণৰ পানীকে খাইছে বন্যাৰ্তই ৷

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 8:04 PM IST

ASSAM FLOOD CRISIS
বানৰ বিভীষিকা (ETV BHARAT ASSAM)

ধেমাজি, 6 জুলাই : ৰাজ্যৰ সকলোতে এতিয়া বানৰ বিভীষিকা ৷ উজনিৰ পৰা নামনিলৈ আহাৰ মহীয়া বানত ককবকাইছে সৰ্বসাধাৰণে ৷ জনাঞ্চল-বনাঞ্চল সকলোতে এতিয়া কেৱল পানী আৰু পানী ৷ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ঘৰ-বাৰী, কৃষিভূমিৰ লগতে বিস্তীৰ্ণ অঞ্চল ৷ ইয়াৰ মাজতে ধেমাজি জিলাৰ বিভিন্ন অঞ্চলতো বানে লৈছে কাল ৰূপ ৷

বোকা-পানীৰ সৈতে সহাৱস্থান লুগুটিবাসীৰ (ETV BHARAT ASSAM)

ধেমাজি চিচিবৰ গাঁও ৰাজহ চক্ৰৰ অধীনৰ লুগুটি আৰু লুগুটি খৰাগ অঞ্চলত বিগত কেবাবছৰ ধৰি পাহাৰীয়া নৈ কামিয়াই চলাই আহিছে তাণ্ডৱ ৷ বাৰিষাৰ লগতে খৰালিও পাহাৰত বৰষুণ হ’লেই বানত ডুব যায় অঞ্চলটো ৷ বানাক্ৰান্তৰ ঘৰৰ ভিতৰত জমা হয় একাঠু বোকা-পানীৰ ঘেল ৷ প্ৰতিবছৰে বানত জাহ গৈছে এটাৰ পাচত আনটো পৰিয়ালৰ বাসগৃহৰ লগতে ঘৰৰ ভেটি ৷ এইবছৰো বিগত প্ৰায় এটা মাহ বানত বুৰ গৈ আছে অঞ্চলটো ৷ কিন্তু বানত ককবকাই থকা বন্যাৰ্তই বান সাহায্যৰ নামত কেইমুঠিমান পচা চাউল আৰু দালিৰ বাহিৰে আন কোন সামগ্ৰী নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ লগতে অঞ্চলটোত এতিয়া অভাৱ হৈছs বিশুদ্ধ খোৱাপানীৰ ৷ বিশুদ্ধ খোৱাপানীৰ অভাৱত বৰষুণৰ পানীকে খাইছে বন্যাৰ্তই ৷

লগতে পঢ়ক : সাধাৰণ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ চৰকাৰে ৰাইজক ৰাম ঠগন দি আছে : অখিল গগৈ - Assam Flood 2024

উল্লেখ্য যে, পাহাৰীয়া এই নদীখনে চিচিবৰ গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত নিলখ গাঁও পঞ্চায়তৰ লুগুটি, খৰাগড়, কানিবিল গাঁৱকে ধৰি কেবাখনো গাঁৱৰ গঞাৰ নিদ্ৰাহৰণ কৰি আহিছে ৷ বিগত প্ৰায় ছয়-সাত বছৰ ধৰি ঘৰৰ পৰা বাহিৰলৈ ওলাবৰ বাবে প্ৰতিটো পৰিয়ালে ব্যৱহাৰ কৰিবলগা হৈছে বাঁহৰ সাঁকো ৷ ইফালে যোৱা এটা মাহত কেবাবাৰো বানত ঘৰ বুৰ যোৱা বন্যাৰ্তই খাদ্য সামগ্ৰীৰ নামত জিলা প্ৰশাসনে কেইমুঠিমান পচা চাউলহে দিছে বুলি অভিযোগ কৰিছে ৷ আনহাতে চৰকাৰে ঘৰে ঘৰে খোৱাপানী যোগান ধৰাৰ নামত গাঁওখনত জল জীৱন মিছনৰ পানী যোগান আচঁনিৰ কাম ৰূপায়ণ কৰিছে যদিও কাৰ্যতঃ এয়া ভালুকৰ সাঙীতহে পৰিণত হৈছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : সাৱধান ! শেহতীয়াকৈ বানত বুৰ গৈছে ৩০ খন‌ জিলাৰ ৩৬১৮ গাঁও - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.