ETV Bharat / state

বাৰিষা নহওঁতেই এজাক বৰষুণতেই বুৰিল বিহপুৰীয়া নগৰ - Bihpuria Flood - BIHPURIA FLOOD

Flood in Bihpuria : পুৱাই আহিল এজাক বৰষুণ ৷ মাত্ৰ কেইঘন্টামান দিয়া এই বৰষুণজাকত বুৰ গ’ল বিহপুৰীয়া নগৰ ৷ এই অৱস্থা দেখি চিন্তিত হৈ পৰিছে বিহপুৰীয়াৰ স্থানীয় ৰাইজ ৷

Flood effects on daily life in Lakhimpur Bihpuria
এজাক বৰষুণতেই বুৰিল বিহপুৰীয়া নগৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 2:27 PM IST

বিহপুৰীয়া, 13 জুন : পানী আৰু পানী ৷ বাৰিষা নহওঁতেই ৰাজ্যৰ বহু জিলা এতিয়া বানৰ কবলত পৰিছে ৷ প্ৰাকৃতিক দুৰ্যোগৰ লগতে ৰাজ্য বহু অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলতো পৰিছে ৷ ফলত বিপাঙত পৰিছে বানাক্ৰান্ত ৰাইজ ৷ এইবাৰৰ স্থান লখিমপুৰ জিলাৰ বিহপুৰীয়া ৷

এজাক বৰষুণতেই বুৰিল বিহপুৰীয়া নগৰ (ETV Bharat Assam)

এজাক বৰষুণতেই বুৰ গ’ল লখিমপুৰ জিলাৰ বিহপুৰীয়া নগৰ । পৌৰসভা কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এজাক বৰষুণতে শেষ হ’ল বিহপুৰীয়াৰ আভিজাত্য ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে বিহপুৰীয়াৰ স্থানীয় ৰাইজে ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে পুৱাই অহা এজাক বৰষুণতে বিহপুৰীয়া নগৰৰ বাটপথ সকলো বুৰ গ’ল কৃত্ৰিম বানত ৷ যাৰ ফলত কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্যত নিয়োজিত লোকসকলে তিতি বুৰি ঘৰমুৱাহে হ’ব লগাত পৰিছে ।

লগতে পঢ়ক : সাৱধান ! নামনি অসমৰ কেইবাখনো জিলাত জাৰি অৰেঞ্জ এলার্ট - Assam Weather Forecast

নগৰখনৰ বিহপুৰীয়া-লালুক সংযোগী পথ, বিহপুৰীয়া-বদতি সংযোগী পথ, বিহপুৰীয়া দৈনিক বজাৰ পথ আদি কেইবাটাও পথ এতিয়া কৃত্ৰিম বানত একাকাৰ হৈ পৰিছে । একমাত্ৰ বিহপুৰীয়া পৌৰ সভাই সময় মতে, নলা নৰ্দমাসমূহৰ দ্বাৰা পানী নিষ্কাষণ সুবিধা কৰি নিদিয়াৰ বাবে এজাক বৰষুণতে এই অৱস্থাৰ সৃষ্টি হৈছে বুলি ৰাইজে অভিযোগ কৰিছে ৷

স্থানীয় লোকৰ ক্ষোভ, বিহপুৰীয়া পৌৰসভাৰ মইমতালি স্বভাৱৰ বাবেই বিহপুৰীয়াত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । কাৰণ ৰাইজৰ সমস্যালৈ পিঠি দি সময় মতে আঁচনিৰ কাম নকৰাৰ পৰিণতিতেই আজি বিহপুৰীয়া নগৰখনত এই পৰিৱেশৰ সৃষ্টি হৈছে ।

আগন্তুক সময়ত যদি বিহপুৰীয়া পৌৰসভাই কৃত্ৰিম বান ৰোধ কৰাত গুৰুত্ব নিদিয়ে, তেনেহ’লে ভৱিষ্যতে ভয়াৱহ সমস্যাৰ সৃষ্টি হ’ব নগৰখনত ৷ এই মন্তব্য স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক : কৃত্ৰিম বানৰ কবলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ - Dibrugarh Artificial flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.