ETV Bharat / state

প্ৰবল বানৰ কবলত লখিমপুৰ জিলা : স্থগিত জিলা আয়ুক্ত সন্মিলন - Assam floods 2024

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 5:57 PM IST

Flood in Lakhimpur : লখিমপুৰ জিলাত প্ৰবল বান পৰিস্থিতিৰ সূচনা হৈছে । জিলাখনৰ চৌদিশে কেৱল জলমগ্ন পৰিৱেশ । বহু গাঁও, শস্য ক্ষেত্র, ৰাস্তা-পদূলি পানীৰ তলত । বান পৰিস্থিতিৰ বাবে ২ জুলাইৰ পৰা দুদিনীয়াকৈ লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া জিলা আয়ুক্ত সন্মিলনখন স্থগিত ৰখা হৈছে । স্থগিত মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচীও ।

Flood in Lakhimpur
লখিমপুৰত বানৰ তাণ্ডৱ (ETV Bharat Assam)

লখিমপুৰ, ১ জুলাই : লখিমপুৰত বানৰ প্ৰলয় । বহু গাঁও বৰ্তমান বানৰ কবলত । জিলাখনৰ চৌদিশে এতিয়া কেৱল বানৰ প্ৰকোপ । যাৰ ফলত বহু গাঁও, শস্যক্ষেত্র, ঘৰ-বাৰী পানীৰ তলত । আনহাতে, ধাৰাসাৰ বৰষুণে অধিক জটিল কৰিছে জিলাখনৰ বান পৰিস্থিতি ।

বানত বুৰিছে লখিমপুৰ (ETV Bharat Assam)

ইফালে ভূতৰ ওপৰত দানহ পৰা দি নীপকো আৰু এন এইচ পি চিয়েও এৰি দিছে ৰঙানদী আৰু সোৱণশিৰি প্ৰকল্পৰ পানী । যাৰ বাবে জিলাখনৰ বিস্তৃত অঞ্চল জলমগ্ন হৈ পৰিছে । সোমবাৰে জিলাখনৰ জামুগুৰিত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ৭৮ মিলিমিটাৰ ওপৰেৰে বৈ আছে । তেনেদৰে সোৱণশিৰি নদীৰ জলপৃষ্ঠই ধলঘাটত বিপদসীমাৰ ১.০১, ঘনচৰাইত ১.০১, শিলিখাগুৰিত ৩০ মিলিমিটাৰ অতিক্রম কৰিছে ৷

আনহাতে, চিচাপথাৰত ডিক্ৰং নৈৰ পানী বিপদসীমাৰ ৬২ মিলিমিটাৰ, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত শিঙৰা নৈ ১.২০ মিলিমিটাৰ, পাভ নৈ ৩৮ মিলিমিটাৰ আৰু কাকৈ নৈ বিপদসীমাৰ ১৮ মিলিমিটাৰ ওপৰেৰে বৈ আছে । ইফালে এন এইচ পি চিয়ে পানী এৰি দিয়াৰ ফলত ঘূণাসুঁতিত সৃষ্টি হৈছে দোকলটকা বান । ঘূণাসুঁতিৰ কেইবাখনো গাঁও সোৱণশিৰিৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । যাৰ ফলত নৈপৰীয়া অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইয়াৰ উপৰি বানত একাকাৰ হৈছে পথ-পথাৰ । জিলাখনৰ বহুকেইটা গড়কাপ্টানী পথৰ ওপৰেৰে বৈছে বাঢ়নী পানী । বোকানদী আৰু গাভৰু নদীৰ বানত প্লাৱিত হৈছে সোণাপুৰ, ৰাণাবাৰী, কঁঠালপুখুৰী, লোকামপুৰ, হাৰিবৰ, দলনি, বোকানদী, বিষ্ণুপুৰ আৰু ১নং সোণাপুৰ গাঁও । শিঙৰা আৰু পাভ নদীৰ বানত বুৰ গৈছে বৰছলা, পাণধোৱা, উত্তৰ মহঘূলি আৰু গেলাহাতী ।

আনহাতে, সোৱণশিৰি নদীৰ বানত প্লাৱিত হৈছে মুদৈবিল, ৰন্তীজান, তেলীয়াপথাৰ, চাউলধোৱা, ঘনচৰাই আদি বহু গাঁও । ৰঙানদীয়ে পাচনৈ অঞ্চলকে ধৰি পানীগাঁৱৰ সমীপৰ কেইবাখনো গাঁও জলমগ্ন কৰিছে । ইয়াৰ উপৰি ডিক্ৰং নদীৰ বাঢ়নী পানীয়ে যিকোনো মুহূৰ্ততে ধৰিব পাৰে কাল ৰূপ ।

নদীখনৰ বহু অংশত মথাউৰিৰ তলেৰে পুং ওলাই দুয়োপাৰৰ মথাউৰিলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । প্ৰকৃতিৰ ৰোষৰ লগতে মানবসৃষ্ট নদীবান্ধৰ পানীয়ে এতিয়া জিলাখনক সাগৰসদৃশ পৰিৱেশত পৰিণত কৰাৰ উপক্ৰম কৰিছে ।

ইফালে ২ জুলাইৰ পৰা দুদিনীয়াকৈ লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া জিলা আয়ুক্ত সন্মিলনখন বান পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছে । এই সন্মিলন স্থগিত ৰখাৰ লগতে জিলাখনত মুখ্যমন্ত্রী ৰ ভ্রমণসূচীও স্থগিত ৰখা হৈছে । ৰাজ্যৰ বিভিন্ন জিলাত সৃষ্টি হোৱা প্ৰৱল বানৰ বাবে চৰকাৰে এই সন্মিলন স্থগিত ৰখাৰ লগতে মুখ্যমন্ত্রীয়েও ভ্রমণসূচী স্থগিত ৰাখে

উল্লেখ্য যে লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত থকা সন্মিলন কেন্দ্রত এই সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছিল । তাৰ বাবে সন্মিলন কেন্দ্রটো সজাই-পৰাই সাজু কৰি তোলা হৈছিল । আনহাতে, এই সন্মিলনৰ এদিন পূৰ্বে অৰ্থাৎ সোমবাৰে মুখ্যমন্ত্রীয়ে জিলাখনৰ পাঁচটা স্থানত ভ্রমণসূচী লৈ উপস্থিত হোৱাৰ কথা আছিল । এই স্থানসমূহ ভ্রমণ কৰি উঠি দুদিন আয়ুক্ত সন্মিলনত অংশগ্রহণ কৰি ৪ জুলাইৰ দিনা বগীনদীত এক কাৰ্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্রী উভতি যোৱাৰ কথা আছিল । কিন্তু শেহতীয়া বান পৰিস্থিতিৰ বাবে মুখ্যমন্ত্রীৰ এই সকলো কাৰ্যসূচীও স্থগিত ৰখা হয় ।

লগতে পঢ়ক :

ডিমা হাছাওত ধাৰাসাৰ বৰষুণ : যোগাযোগ ব্যাহত - Assam Floods 2024

বানৰ কবলত অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান : বানবিধ্বস্ত মানাহত উটি গ’ল শিবিৰ - ASSAM FLOOD 2024

বানাক্ৰান্তৰ চকুলো মচিবলৈ নাই কোনো : আজানপীৰ দৰগাহলৈ বানে আনিছে ভাবুকি - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.