ETV Bharat / state

নতুন আইনৰ অধীনত অসমৰ প্ৰথমটো গোচৰ ৰুজু নগাঁৱত - THREE NEW CRIMINAL LAWS

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 7:52 PM IST

Nagaon Police Station : নতুন আইন প্ৰৱৰ্তনৰ পাচতেই চুৰিৰ ঘটনা সন্দৰ্ভত প্ৰথমটো গোচৰ ৰুজু নগাঁৱত ৷ সংবাদমেলযোগে এই কথা অৱগত কৰে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷

THREE NEW CRIMINAL LAWS
জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেলযোগে প্ৰকাশ (ETV Bharat Assam)

নগাঁও, 1 জুলাই : দেশত পূৰ্বৰ আই পি চি, চি আৰ পি চি ধাৰাৰ সলনি নতুন আইন প্ৰৱৰ্তন কৰাৰ পাচত ৰাজ্যৰ প্ৰথমটো গোচৰ ৰুজু হৈছে নগাঁও জিলাত ৷ নতুন আইন ব্যৱস্থাৰ অধীনত এটি চুৰিৰ ঘটনাক লৈ গোচৰ ৰুজু কৰে নগাঁও আৰক্ষীয়ে ৷ এই তথ্য সংবাদমেলযোগে সোমবাৰে সদৰী কৰে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷

অসমৰ প্ৰথমটো গোচৰ ৰুজু নগাঁৱত (ETV Bharat Assam)

সোমবাৰে বিয়লি নগাঁও আৰক্ষী চাউনিৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰি নতুন আইন সন্দৰ্ভত বিতংভাৱে সদৰী কৰাৰ লগতে নতুন আইনৰ অধীনত নগাঁৱত প্ৰথমটো গোচৰ ৰুজু হোৱা বুলি প্ৰকাশ কৰে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷

লগতে পঢ়ক: পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ প্ৰণয়ন কৰা হৈছে নতুন অপৰাধ আইন - New Criminal Law

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, জিলাখনৰ আছাদ আলী নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁও সদৰ থানাত এক গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে ৷ সোমবাৰে পুৱতি নিশা আছাদ আলী নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা এটা ম’বাইল ফোন আৰু নগদ 8 হাজাৰ টকা চুৰি হৈছিল । অৰ্থাৎ দেশত নতুন আইন বলৱৎ হোৱাৰ পাচতেই হয়তো প্ৰথমটো চুৰিৰ ঘটনা নগাঁৱতে সংঘটিত হৈছে ।

লগতে পঢ়ক: প্ৰশ্নকাকত ফাদিল বা নকল কৰাসকল সাৱধান, অসম চৰকাৰে আনিছে নতুন আইন

নিশা 12 বজাৰ পাচত চুৰি হোৱা ঘটনা সন্দৰ্ভত সোমবাৰে পুৱা ব্য়ক্তিগৰাকীয়ে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে 350(A) ধাৰাত 650/24 নম্বৰত গোচৰটো ৰুজু কৰে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছে তিনিখনকৈ নতুন অপৰাধমূলক আইন ৷ সেইকেইখন হৈছে ক্ৰমে- ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ ৷

লগতে পঢ়ক: নিৰ্বাচন আয়ুক্ত নিযুক্তিক লৈ নতুন আইন স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.