ETV Bharat / state

ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্বৃত্তৰ গুলীচালনা; আহত তিনি - MISCREANTS FIRING

ৰাণীগঞ্জ বজাৰৰ এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্বৃত্তৰ দলটোৱে সাধাৰণ গ্ৰাহকৰ বেশত আহি ধাৰাসাৰে গুলীবৰ্ষণ কৰে ।

Miscreants Firing in Bilasipara
এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুলীচালনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 7:31 AM IST

বিলাসীপাৰা: ধুবুৰী জিলাৰ অধীনৰ বিলাসীপাৰা সমজিলাৰ ৰাণীগঞ্জ বজাৰত সন্ধিয়াতে দুৰ্বৃত্তৰ গুলীচালনা । কোনোৱেই ধৰিব নোৱাৰিলে দুৰ্বৃত্তই কেনেকৈ ৰচনা কৰিলে আক্ৰমণৰ পৰিকল্পনা । সাধাৰণ লোকৰ বেশত অহা তিনিজনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ পিচতেই আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে বিলাসীপাৰাত । এই ঘটনাটো সংঘটিত হৈছে ৰাণীগঞ্জ বজাৰৰ এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত ।

ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ ৰাণীগঞ্জত বজাৰত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ গুলীচালনাৰ ঘটনাটো । ৰাণীগঞ্জ বজাৰৰ এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্বৃত্তৰ দলটোৱে সাধাৰণ গ্ৰাহকৰ বেশত আহি ধাৰাসাৰে গুলীবৰ্ষণ কৰে । বাইকত অহা তিনি দুৰ্বৃত্তই মুখত ক’লা কাপোৰ আৰু হেলমেট পৰিধান কৰিছিল । এই গুলী চালনাৰ ঘটনাত গুৰুতৰভাৱে আহত তিনিজন লোক । গুলীবিদ্ধ হয় গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী ওৱাইদুৰ ৰহমান, ডাকঘৰৰ পিয়ন ৰতন বৰ্মন আৰু আব্দুল গফুৰ ।

এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুলীচালনা (ETV Bharat Assam)

গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীকো গুলীয়ালে :

এই আহতকেইজনৰ ভিতৰত ওৱাইদুৰ ৰহমান আৰু ৰতন বৰ্মনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । ওৱাইদুৰ ৰহমান ৰাণীগঞ্জ বজাৰৰ এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰী । ওৱাইদুৰ ৰহমান আৰু ৰতন বৰ্মনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে দুয়োকে কোকৰাঝাৰ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ পিতেই ৰতন বৰ্মনৰ অৱস্থা অতিসংকটজনক হৈ পৰাত বঙাইগাঁওস্থিত ল’ৱাৰ আছাম হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

দুৰ্বৃত্তই ব্যৱহাৰ কৰা বাইক উদ্ধাৰ :

আনহাতে, গুলীচালনা কৰিয়েই পলায়ন কৰে তিনি দুৰ্বৃত্তই । ইয়াৰ পিচতেই ঘটনাস্থলীত বিলাসীপাৰাৰ আৰক্ষী বিষয়াৰ লগতে ধুবুৰী আৰক্ষী অধীক্ষক নৱীন সিং উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে তিনি দুৰ্বৃত্তই ব্যৱহাৰ কৰা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও দুৰ্বৃত্তক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই ।

লগতে পঢ়ক:ডিগবৈত ৰহস্যজনক গুলীচালনাত আহত এজন

লক্ষ্মী পূজাৰ দিনাই আৰক্ষীৰ গুলীচালনাত আলফা (স্বাঃ)ৰ প্ৰাক্তন সদস্য গুলীবিদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.