ETV Bharat / state

৩০ খন বিচনাযুক্ত আজাৰা গ্ৰাম্য চিকিৎসালয়ত অগ্নিকাণ্ড - Fire breaks out in Azara FRU - FIRE BREAKS OUT IN AZARA FRU

আজাৰাৰ ৩০ খন‌ বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত বুধবাৰে দিনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অস্ত্ৰোপ্ৰচাৰ কক্ষৰ‌ কাষত থকা ইলেক্ট্ৰিক পেনেলত শ্ব’ৰ্ট চাৰ্কিট হৈ জুইৰ সূত্ৰপাত ঘটে ৷ অৱশ্যে ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰে ৷

FIRE BREAKS OUT IN AZARA FRU
আজাৰা গ্ৰাম্য চিকিৎসালয়ত অগ্নিকাণ্ড
author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 2:29 PM IST

আজাৰা গ্ৰাম্য চিকিৎসালয়ত অগ্নিকাণ্ড

গুৱাহাটী, 24 এপ্ৰিল : আজাৰাৰ চিকিৎসালয়ত অঘটন ৷‌ কথমপি ৰক্ষা পৰিল আজাৰাৰ ৩০ খন‌ বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় ৷ বুধবাৰে দুপৰীয়া প্ৰায় ১১ বজাত চিকিৎসালয়খনৰ অস্ত্ৰোপ্ৰচাৰ কক্ষৰ‌ কাষত থকা ইলেক্ট্ৰিক পেনেলত শ্ব’ৰ্ট চাৰ্কিট হৈ জুইৰ সূত্ৰপাত ঘটে ৷

এই ঘটনা সংঘটিত হোৱাৰ লগে লগে চিকিৎসালয়খনৰ ভিতৰভাগ ধোঁৱাময় হৈ পৰে ৷ চিকিৎসালয়ত ‌জুই আৰু ধোঁৱা দেখি আতংকিত হৈ পৰে উপস্থিত চিকিৎসক, ৰোগী তথা ৰোগীৰ আত্মীয়সকল ৷ যাৰ বাবে মুহুৰ্ততে চৌহদটোত হুৱাদুৱাৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, শ্ব’ৰ্ট চাৰ্কিট হোৱা ইলেক্ট্ৰিক পেনেলটোৰ সমীপতে আছিল প্ৰসূতিৰ কক্ষ ৷ সেই সময়ত কক্ষটোত উপস্থিত আছিল তিনিগৰাকী প্ৰসূতি ৷ যাৰ ফলত তেওঁলোকো আতংকিত হৈ পৰে ৷

আনহাতে, ঘটনাটো‌ সংঘটিত হোৱাৰ‌ লগে লগে চিকিৎসালয়খনত কৰ্মৰত চিকিৎসা কৰ্মীসকলে এক্সটিংগুইচাৰৰ সহায়ত জুই নিৰ্বাপনৰ চেষ্টা চলায় ৷ সমান্তৰালকৈ ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে চিকিৎসালয়খনত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন ৷ অৱশেষত চিকিৎসালয়খনত থকা কৰ্মীসকলৰ‌ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ৷

এই সন্দৰ্ভত চিকিৎসালয়খনৰ উপ অধীক্ষক ধীৰেন চন্দ্ৰ দাসে জনায় যে, আকস্মিকভাৱে ঘটা ঘটনাটোত কোনো লোক হতাহত হোৱা নাই ৷ লগতে কোনো আচবাবৰ‌ো ক্ষতিসাধন হোৱা নাই ৷ কিন্তু জুইৰ পৰা ওলোৱা ধোঁৱাৰ বাবে চিকিৎসালয়খনৰ দুজন‌কৈ কৰ্মীয়ে শ্বাস-প্ৰশ্বাসত অসুবিধা পায় ৷ যাৰ বাবে শীঘ্ৰে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয় ৷

উল্লেখ্য যে, ৰাণীত নতুনকৈ নিৰ্মাণ হৈ থকা চিকিৎসালয়লৈ মঙলবাৰে নিশা অস্ত্ৰোপ্ৰচাৰ কক্ষটো স্থানান্তৰ কৰাৰ কথা দাসে জানিবলৈ দিয়ে ৷ তেওঁ লগতে জনায় যে, বিগত বৰ্ষত চিকিৎসালয়খনৰ ওচৰত থকা ট্ৰেন্সফৰ্মাৰ এটাৰ পৰা জুইৰ সূত্ৰপাত ঘটি অগ্নিকাণ্ড সংঘটিত হৈছিল ৷

লগতে চাওক: কেনেকৈ কাহিলীপুৱাই জ্বলি উঠিল গুৱাহাটীৰ এখন জনপ্ৰিয় বস্ত্ৰ বিপণি - Massive Fire Breaks Out In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.