ETV Bharat / state

শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ পিতৃয়ে তৰিলে মানস চলিহাৰ বিৰুদ্ধে গোচৰ - FIR against Manas Chaliha

FIR against Manas Chaliha: নিৰ্বাপিত হ'বলৈ আৰম্ভ কৰা একুৰা জুই পুনৰ জ্বলালে আলফাৰ শিবিৰত কাৰাবন্দী হৈ থকা মানস বৰগোহাঁয়ে । সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ তথ্যৰ ভিত্তিতেই সিদ্ধাৰ্থৰ পিতৃয়ে ধেমাজি সদৰ আৰক্ষী থানাত মানস চলিহাৰ বিৰুদ্ধে তৰিলে গোচৰ ।

Bodybuilder accident case in Dhemaji
মানস চলিহা আৰু মানস বৰগোহাঁই বিতৰ্ক
author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 3:33 PM IST

Updated : Feb 7, 2024, 7:30 PM IST

মানস চলিহা আৰু মানস বৰগোহাঁই বিতৰ্ক

ধেমাজি, ৭ ফেব্ৰুৱাৰী: এবছৰে বুকুত একুৰা জীয়া জুই লৈ দহি দহি জীৱন কটাইছিল আছিল ধেমাজিৰ উদীয়মান শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ পিতৃ-মাতৃয়ে । শেহতীয়াকৈ এই জুইকুৰা নিৰ্বাপিত হ'বলৈ আৰম্ভ কৰাৰ সময়তে পুনৰ সেই জুইত ঘিউ ঢালি দাউ দাউকৈ জ্বলাই দিলে আলফাৰ শিবিৰত কাৰাবন্দী হৈ এটাৰ পিছত আনটো বিস্ফোৰক মন্তব্য কৰা মানস বৰগোহাঁইয়ে ।

ইতিমধ্যে ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত কৰা মানস চলিহা আৰু মানস বৰগোহাঁইৰ আক্ৰমাণ-প্ৰত্য়াক্ৰমণৰ মাজতেই এইবাৰ ধেমাজিৰ উদীয়মান শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ মৃত্য়ুৰ কাৰণ প্ৰকাশ কৰিলে ৷ গোলাঘাটৰ প্ৰৱঞ্চক মানস চলিহাৰ জালত পৰি ইতিমধ্যে আলফাৰ শিবিৰত কাৰাবন্দী হৈ এটাৰ পিছত আনটো বিস্ফোৰক মন্তব্য কৰা মানস বৰগোহাঁইয়ে এইবাৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ মৃত্যুৰ আঁৰত বিতৰ্কিত মানস চলিহা জড়িত থকা বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰা পিছতে ধেমাজিৰ সিদ্ধাৰ্থৰ বৰগোহাঁইৰ পিতৃ -মাতৃৰ বুকুৰ জুইকুৰা পুনৰ জ্বলি উঠিছে দাউ দাউকৈ ৷

এইক্ষেত্ৰত সিদ্ধাৰ্থৰ পিতৃয়ে কয় যে সিদ্ধাৰ্থৰ ব্যৱসায়ৰ লেনদেন ৩০পৰা ৪০ লাখ টকা পৰ্যন্ত হৈছিল ৷ এই বৃহৎ পৰিমাণৰ ধন বিচৰাৰ বাবে পুত্ৰক ভাবুকি দিয়াৰ বিষয়েও জ্ঞাত হৈছিল পিতৃ ৷ কিন্তু ভবা নাছিল ইয়ে কাল হ'ব বুলি । তাৰ মাজতে যোৱা ২০২৩ চনৰ ৩ জানুৱাৰীত নাৰায়ণপুৰত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু হৈছিল সিদ্ধাৰ্থৰ । দুৰ্ঘনাটো প্ৰত্যক্ষ কৰি সন্দেহৰ অৱকাশ আছিল বুলি ভাবিও উপযুক্ত তথ্যৰ অভাৱত পৰিয়ালটোৱে ভগৱানৰ ওচৰত সকলো সঁপি দি মানি লৈছিল ৷

পৰিয়ালৰ উদ্য়োগত ২০২৪ ৰ ৩ জানুৱাৰীত পুত্ৰৰ মৃত্যু বাৰ্ষিকীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰচৰ্চা খেলো অনুষ্ঠিত কৰে ৷ পিছে মানস বৰগোহাঁইৰ বিস্ফোৰক মন্তব্যই সিদ্ধাৰ্থৰ পৰিয়ালক দিলে পূৰ্বে সন্দেহ ঘনীভূত হোৱা দুৰ্ঘটনাৰ প্ৰকৃতৰ খবৰ ৷ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ তথ্যভিত্তিতেই সিদ্ধাৰ্থৰ পিতৃ মুহি বৰগোহাঁইয়ে ধেমাজি সদৰ আৰক্ষী থানাত মঙলবাৰে বিতৰ্কিত গোলাঘাটৰ মানস চলিহা আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা একেখন গাড়ীত যোৱা ধেমাজি গোৱাল চাপৰিৰ পুলকেশ গগৈ নামৰ আন এজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক: চাকৰি আৰু বিয়াৰ প্ৰলোভনেৰে ছিকিমৰ যুৱতীক নিৰ্মম নিৰ্যাতন; দিল্লীত গ্ৰেপ্তাৰ অভিযুক্ত

Last Updated : Feb 7, 2024, 7:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.