ETV Bharat / state

উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত দিছপুৰত গোচৰ: পুনৰ জে'ললৈ যাবলৈ সাজু শৃংখল - FIR against Shrinkhal Chaliha - FIR AGAINST SHRINKHAL CHALIHA

FIR against Shrinkhal Chaliha: শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ । আন জনগোষ্ঠীৰ বিৰুদ্ধে বিষবাষ্প বিয়পোৱাৰ অভিযোগ চলিহাৰ বিৰুদ্ধে । উভতি ধৰিছে শৃংখল চলিহাই । জাতিৰ স্বাৰ্থত পুনৰ জে'ললৈ যাবলৈ প্ৰস্তুত যুৱনেতাগৰাকী ।

FIR against Shrinkhal Chaliha
উচতনিমূলক মন্তব্য দিয়াৰ অভিযোগত দিছপুৰত গোচৰ; পুনৰ জে'ললৈ যাবলৈ সাজু শৃংখল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 6:02 PM IST

গুৱাহাটী, ১৯ আগষ্ট : শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু ৷ গৌৰৱ সোমানী নামৰ এজন লোকে গুৱাহাটীত ৰুজু কৰিছে গোচৰ । যোৱা ১৭ আগষ্টত শিৱসাগৰত কৰা এক মন্তব্য সন্দৰ্ভত শৃংখলৰ বিৰুদ্ধে দাখিল কৰিছে গোচৰ ৷ আনহাতে শৃংখল চলিহাইয়ো দিছপুৰ থানাত এজাহাৰ দাখিল ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই প্ৰতেবাদ ধাৰাবাহিক ৰূপে কৰি যোৱাৰ সংকল্প প্ৰকাশ কৰিছে ৷ লগতে শৃংখলে ঘোষণা কৰিছে যে তেওঁ পুনৰ জে'ললৈ যাবৰ বাবে সাজু ৷

উচতনিমূলক মন্তব্য দিয়াৰ অভিযোগত দিছপুৰত গোচৰ: পুনৰ জে'ললৈ যাবলৈ সাজু শৃংখল (ETV Bharat)

শৃংখলৰ বিৰুদ্ধে অভিযোগ :

শৃংখল চলিহাৰ বিৰুদ্ধে অসমত বাস কৰা মাৰোৱাৰী, ভোজপুৰী, বাংলা আদি জনগোষ্ঠীৰ বিৰুদ্ধে বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ সোমানীয়ে ৷ তেওঁ দিছপুৰ থানাত দাখিল কৰা এজাহাৰখনত নিজকে গুৱাহাটীৰ হেঙেৰাবাৰী ৰোডৰ বাসিন্দা আৰু এজন সমাজকৰ্মী বুলি পৰিচয় দিছে ৷ উল্লেখ্য যে গৌৰৱ সোমানী হৈছে এগৰাকী বিজেপি নেতা ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল গৌৰৱ সোমানীয়ে ৷

শিৱসাগৰত বৃহপ্ৰতিবাদ :

কিছুদিন পূৰ্বে এগৰাকী প্ৰতিভাৱান পাঞ্জা খেলুৱৈ জিমি দাসক প্ৰহাৰ কৰা ঘটনাক লৈ যোৱা দুদিন পূৰ্বে শিৱসাগৰত ৩০ টাকৈ জাতীয়তাবাদী সংগঠনে জিলাখনত বহিৰাগত লোকক ভূমি বা আন সম্পত্তি বিক্ৰী নকৰিবলৈ আহ্বান জনাইছিল ৷ যুৱনেতা শৃংখল চলিহাইয়ো এই লৈ কিছু মন্তব্য আগবঢ়াইছিল ৷ এই মন্তব্যক লৈয়ে চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত এই এজাহাৰ দাখিল কৰা হৈছে ৷

দিছপুৰ থানাত গোচৰত অভিযোগকাৰী সোমানীয়ে ইংৰাজী ভাষাত লিখা এজাহাৰখনত উল্লেখ কৰিছে-"১৭/০৮/২৪ তাৰিখে মই ছ'চিয়েল মিডিয়া অৰ্থাৎ ফেচবুক খুঁচৰি থাকোতে (সংবাদ প্ৰতিষ্ঠানৰ নাম) এটা নিউজ চেনেলত শিৱসাগৰৰ শৃংখল চলিহা নামৰ এজন লোকে দিয়া এটা বক্তব্য/ভাষণ প্ৰত্যক্ষ কৰিছিলো আৰু ভিডিঅ'টোৰ পৰা আপাতঃ দৃষ্টিত স্পষ্ট হৈ পৰিছিল যে শ্ৰী চলিহাই অসমত বাস কৰা মাৰোৱাৰী, ভোজপুৰী, বাংলা আদি জনগোষ্ঠীৰ বিৰুদ্ধে বিষবাষ্পৰ উদ্গীৰণ ঘটাইছিল । চেম্বাৰ্ছ অৱ কমাৰ্চকে ধৰি বিভিন্ন সামাজিক, ধৰ্মীয় আৰু সম্প্ৰদায়ভিত্তিক সংগঠন বন্ধ কৰাৰ ভাবুকি দিয়াটোও স্পষ্ট হৈ পৰিছিল । শ্ৰী চলিহাই স্পষ্টভাৱে সমাজৰ মাজত ঘৃণা আনি শান্তি আৰু সম্প্ৰীতি ধ্বংস কৰিবলৈ চেষ্টা কৰিছে ।"

শৃংখল চলিহাই ৰাজনৈতিক আৰু ন্যস্ত স্বাৰ্থতহে এই বক্তব্য ৰাখিছে বুলি তেওঁ অভিযোগ কৰে ৷ লগতে তেওঁ উল্লেখ কৰিছে যে শৃংখল চলিহাৰ এই পদক্ষেপক পুলিয়ে-পোখাই উভালি পেলোৱা উচিত ।

বিজেপি নেতা গৌৰৱ সোমানীয়ে এজাহাৰত লগতে উল্লেখ কৰিছে, "শৃংখল চলিহাই নিজৰ ব্যক্তিগত আৰু ৰাজনৈতিক লাভালাভৰ বাবে অসমৰ সামাজিক ব্যৱস্থা ধ্বংস কৰিবলৈ চেষ্টা কৰিছে, তেওঁৰ এনে কাৰ্যই বৃহত্তৰ শ্ৰেণীৰ মানুহৰ মাজত গভীৰ মনস্তাত্বিক সংশয়ৰ লগতে মোৰ অনুভৱ আৰু আৱেগক আঘাত দিছে । তেওঁ স্পষ্টভাৱে ভাষা আৰু জাতিৰ দোহাই দি বৈৰিতাভাৱ প্ৰসাৰিত কৰাৰ চেষ্টা কৰি আছে ৷ যদিহে ইয়াক জন্মৰ সময়তে উভালি পেলোৱা নহয় তেন্তে অসমৰ সামাজিক ব্যৱস্থাৰ বাবে স্পষ্টভাৱে ভাবুকি হৈ পৰিব ৷ আমি মাৰোৱাৰী সম্প্ৰদায়ৰ লোক সকলো অসমীয়া সমাজৰ গৌৰৱময় সদস্য ৷ ভাষা বা জাতিৰ নামত এয়া ভাঙিব নোৱাৰি ।"

ভাৰতীয় ন্যায় সংহিতা বা আইনৰ অন্য কোনো বিধানৰ অধীনত উপযুক্ত ধাৰা আৰোপ কৰি এই অপৰাধত চলিহাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষীৰ প্ৰতি আহ্বান গৌৰৱ সোমানীৰ ৷

জে'ললৈ বুলি সাজু শৃংখল :

ইযাৰ বিপৰীতে শিৱসাগৰত এই এজাহাৰক লৈ নিৰুদ্বেগ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই । চলিহাৰ মন্তব্য,"মোক যদি আকৌ জে'ললৈ পঠিয়াই মই যাবলৈ সাজু আছো ৷ দিছপুৰৰ মাজমজিয়াত এজন খিলঞ্জীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱাটোৱেই জাতিটোৰ বাবে দুৰ্ভাগ্যজনক । ...মই জে'ললৈ গ'লেও অসমৰ মানুহে, খিলঞ্জীয়া মানুহে এই বিপ্লৱ, সংগ্ৰাম, অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ জীয়াই ৰাখিব ৷"

লগতে পঢ়ক :খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া দুৰ্বৃত্তৰ আক্ৰমণ: শিৱসাগৰত 30 টা সংগঠনৰ প্ৰতিবাদ - Protest in Sivasagar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.