ETV Bharat / state

সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্পই হাঁহি বিৰিঙাইছে খেতিয়কৰ ওঁঠত - Solar Irrigation cultivation

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 7:28 AM IST

Cultivation through Solar Irrigation : খেতিয়কৰ ওঁঠত বিৰিঙিছে হাঁহি ৷ কিয়নো সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্পই খেতিয়কৰ মনলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি ৷

cultivation
সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্পই হাঁহি বিৰিঙাইছে খেতিয়কৰ ওঁঠত (ETV Bharat Assam)
সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্প (ETV Bharat Assam)

কলিয়াবৰ, 20 মে’ : ৰাজ্যৰ কোটিটকীয়া জলসিঞ্চন প্ৰকল্পসমূহৰ শ্মশান যাত্ৰা কৰাৰ সময়তে সৌৰ চালিত গভীৰ নলীনাদযুক্ত জলসিঞ্চন প্ৰকল্পই খেতিয়ক ৰাইজৰ মাজলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । কলিয়াবৰৰ উত্তৰ পূবথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত মাউতৰ গাঁৱত স্থাপিত সৌৰশক্তি চালিত 7.5 অশ্বক্ষমতাৰ গভীৰ নলীনাদ আঁচনিৰ জলসিঞ্চন প্ৰকল্পৰ এক কেন্দ্ৰৰ জৰিয়তে উপকৃত হৈছে স্থানীয় খেতিয়ক ।

কলিয়াবৰ প্ৰকল্প এলেকা উন্নয়ন সংমণ্ডল (জলসিঞ্চন) জখলাবন্ধাৰ অধীনত ত্ৰিশ লাখ টকাৰ ব্যয় সাপেক্ষ মাউত গাঁৱত স্থাপন কৰা সৌৰশক্তি চালিত জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে বৰা ধানৰ খেতি কৰিছে খেতিয়কে । জলসিঞ্চনৰ অভাৱত তেনে পৰি ৰোৱা মাটিত সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্পই এতিয়া খেতিয়কৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে । স্থানীয় খেতিয়কসকলে সৌৰশক্তি চালিত জলসিঞ্চনৰ সুবিধা গ্ৰহণ কৰি ধান খেতিৰ লগতে শাক-পাচলিৰ খেতিও কৰিবলৈ লৈছে ।

cultivation
সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্প (ETV Bharat Assam)

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ পাৰৰ হাতীমূৰা উত্তোলিত জলসিঞ্চন আঁচনিৰ দ্বাৰা কলিয়াবৰৰ কৃষক ৰাইজ উপকৃত নহ’ল । এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ উত্তোলিত জলসিঞ্চন আঁচনিখন থকা স্বত্বেও কলিয়াবৰৰ পথাৰ খৰাঙৰ কবলত । 2017 চনৰ বানত ক্ষতিগ্ৰস্ত হোৱা জলসিঞ্চনৰ নলা আজি পৰ্য‍ন্ত মেৰামতি নহ'ল । তাৰ ফল ভুগিছে কলিয়াবৰৰ বৃহৎ অঞ্চলৰ খেতিয়ক ৰাইজে ।

কলিয়াবৰৰ বৃহত্তৰ অঞ্চলক সাঙুৰি 1973 চনতে নিৰ্মাণ কৰা হাতীমূৰাৰ কলং উত্তোলিত জলসিঞ্চন আঁচনিয়ে আৰম্ভণিৰে পৰাই আশা কৰা ধৰণে স্থানীয় কৃষক ৰাইজক লাভাৱান্বিত কৰা নাই । এক কোটি একচল্লিশ লাখ টকাৰ আনুমানিক ব‍্যয় সাপেক্ষে নিৰ্মিত এই আঁচনিখনত কাৰিকৰী দিশটোৰ প্ৰতি বৰ বিশেষ গুৰুত্ব নিদিয়াৰ ফলত চৰকাৰী হিচাব মতে মুঠ 21480 হেক্টৰ কৃষি ভূমি সাঙুৰি লোৱা বৃহৎ অঞ্চলটোৰ ভালেমান স্থানৰ কৃষি ভূমিত আৰম্ভণিৰে পৰা জলসিঞ্চনৰ এটোপালো পানী নপৰিলগৈ ।

বিভিন্ন অঞ্চলত আঁচনিখনৰ নলা নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণ কৰাৰ ফলত বহু কৃষক সৰ্বস্বান্ত হ'ল । অথচ এই আঁচনিখনৰ বাৰ্ষিক ব‍্যয় প্ৰায় দহ কোটি টকাৰো অধিক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: জলসিঞ্চন নলাৰে নবয় পানী, বৰষুণলৈ ক্ষণ গণিছে কৃষকে - irrigation scheme in moran

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.