বাক্সা/তেজপুৰ, ২৫ মাৰ্চ : হোলী গীতৰ সুৰ আৰু ফাকুৱাৰ ৰঙত ৰঙীণ হৈ আছে এতিয়া সমগ্ৰ দেশ । ব্যতিক্ৰম নহয় এইখন অসমো । হোলী, ফাকুৱা বা দৌল উৎসৱ বিভিন্ন পৰম্পৰা আৰু ৰীতি-নীতি বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ।
বাক্সা জিলাৰ শালবাৰীৰ জেংৰেংপাৰাত দেওবাৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দৌল মহোৎসৱ ৷ এই অনুষ্ঠানত হোলী গীত, গোন্ধ যাত্ৰা, হোলী কীৰ্তন আৰু আতচবাজীৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় ৷ নিশাৰ ভাগত বৃহত্তৰ অঞ্চলটোৰ যুৱক-যুৱতী, পুৰুষ-মহিলা সকলো একত্ৰিত হৈ শ্ৰীকৃষ্ণ আৰাধনাৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে ৷
উল্লেখ্য যে, আয়োজক সমিতিয়ে অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত একক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ এই প্ৰতিযোগিতাত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিযোগীসকলক অংশগ্ৰহণৰ বাবে আহ্বান জনায় ৷ আয়োজক সমিতিয়ে জনোৱা মতে, ২৪ মাৰ্চৰ পৰা অনুষ্ঠিত এই দৌল মহোৎসৱ বিভিন্ন কাৰ্যসূচী ৰূপায়ণেৰে ২৮ মাৰ্চত সামৰণি পৰিব ৷
হোলী গীতেৰে মুখৰিত তেজপুৰ
আনহাতে, পবিত্ৰ হোলী গীতেৰে মুখৰিত হৈ পৰিছে এতিয়া ৰাজ্যৰ আকাশ-বতাহ । পিচপৰি ৰোৱা নাই ঊষা নগৰী তেজপুৰো । দেওবাৰে নিশা তেজপুৰ চহৰত স্থানীয় মাৰোৱাৰী সাম্প্ৰদায়ৰ লোকসকলে চহৰৰ মাজমজিয়াত তেওঁলোকৰ পৰম্পৰাগত নৃত্য-গীতেৰে পবিত্ৰ হোলীৰ আনন্দ লয় ।
ৰাজস্থানৰ পৰা অহা নৃত্য পটিয়সী আৰু গীতৰ সুৰ আৰু তাল মিলাই সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকসকল ওলাই আহি অংশগ্ৰহণ কৰে । প্ৰত্যেক বছৰেই তেজপুৰ এই স্থানত দুদিনীয়াকৈ দিনে-নিশাই হোলী গীতৰ আনন্দ লয় এই লোকসকলে ।
উল্লেখযোগ্য যে তেজপুৰ চহৰৰ ভিন্ন স্থানত হোলী উপলক্ষে ভিন্ন ধৰ্মীয় অনুষ্ঠানত গীত পৰিৱেশন কৰা হয় । তেজপুৰ ক'লীয়াগোঁসাই থানত নাম-প্ৰসংগৰে হোলী উৎসৱ উদযাপন কৰে । আনহাতে, তেজপুৰ চহৰ আৰু দাঁতিকাষৰীয়া অঞ্চলত ভিন্ন নামঘৰত গোঁসাই ফুৰোৱা এক পৰম্পৰা আছে আৰু এই গোঁসাই ফুৰাই সকলোৱে হোলীৰ আনন্দ লয় ।
লগতে পঢ়ক :কোনে কোনে চাব নোৱাৰিব হোলীকা দহন ! - Holika Dahan Muhurat 2024