ETV Bharat / state

পলিথিনেৰে মেৰিয়াই ৰাজথপত মৃতদেহ চোঁচৰালে আৰক্ষীয়ে; তদন্তৰ নিৰ্দেশ ডিজিপিৰ - FATHER DAUGHTER KILLED IN ACCIDENT

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছিপাঝাৰ-মঙলদৈ পথছোৱাত মৃত্যুৰ কিৰিলি । ভয়াৱহ দুৰ্ঘটনাত নিহত মঙলদৈৰ পিতৃ-কন্যাৰ একেলগে চিতা জ্বলিব নিজ গাঁৱত ।

Father Daughter Killed in Accident
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে প্ৰাণ ল'লে পিতৃ-কন্যাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2024, 1:21 PM IST

মঙলদৈ : ১৫ নং ঘাইপথ, ঘাইপথ নহয় যেন মৃত্যুদূত । ছিপাঝাৰ-মঙলদৈৰ মাজৰ এই ঘাইপথছোৱাত এতিয়া সঘনাই শুনিবলৈ পোৱা যায় মৃত্যুৰ খবৰ । এই ঘাইপথছোৱাৰে অতিক্ৰম কৰোতে কাৰ কেতিয়া কি অৱস্থা হয় তাৰ কোনো ঠিকনা নোহোৱা হৈছে । তেনে এক অতি কৰুণ ঘটনা সংঘটিত হয় বুধবাৰে সন্ধিয়া ।

ছিপাঝাৰৰ বৰদৌলগুৰিৰ নিকটৱৰ্তী শাকতোলা নৈৰ ওচৰত সংঘটিত হয় এক কৰুণ দুৰ্ঘটনা । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত স্কুটীৰে গৈ থকা পিতৃ-কন্যাই এখন ট্ৰাকত খুন্দা মাৰে । এই দুৰ্ঘটনাত থিতাতে নিহত হয় পিতৃ-কন্যা । আনহাতে, দুৰ্ঘটনাৰ পিচত পিতৃ-কন্যাৰ মৃতদেহ দুটা প্ৰত্যক্ষ কৰিব নোৱৰা অৱস্থা হয় । উল্লেখ্য যে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহা মঙলদৈৰ এই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়ালৈকে বহু লোকে দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে প্ৰাণ ল'লে পিতৃ-কন্যাৰ (ETV Bharat Assam)

ইফালে, বুধবাৰে সংঘটিত দুৰ্ঘটনাৰ পাছত আৰক্ষীয়ে পলিথিনত ভৰাই মৃতদেহ দুটা চোঁচৰাই নিয়া কাৰ্যকো সকলোৱে ধিক্কাৰ দিছে । প্ৰয়াত মথুৰা নাথ ডেকা নিজে এগৰাকী প্ৰাক্তন আৰক্ষীৰ (এছ বি) লোক হোৱাৰ পিছতো আৰক্ষীয়ে সামান্যতমো সন্মান প্ৰদৰ্শন নকৰা কাৰ্যক সকলোৱে গৰিহণা দিয়ে । বৃহস্পতিবাৰে মৃতদেহৰ মৰোণোত্তৰ পৰীক্ষাৰ অন্তত বৰ্তমানৰ বাসগৃহ বাসৱ নগৰলৈ আনি অন্তিম শ্ৰদ্ধা জনোৱাৰ পিচত হালধাৰ পিতৃগৃহলৈ নি তাত সৎকাৰৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে । এই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী নন্দিতা ডেকাই বিশ্ববিদ্যালয়ৰ পৰা পিতৃ মথুৰা নাথ ডেকাৰ সৈতে স্কুটিৰে ঘৰলৈ গৈ থকা অৱস্থাত মঙলদৈৰ শাকতোলাত এক শোকাৱহ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে ৷ পিতৃ-কন্যাৰ বিয়োগৰ এই হৃদয়বিদাৰক ঘটনাই সমগ্র জিলখনতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ।

ইফালে মূলত ছিপাঝাৰৰ হালধাৰ আৰু চাকৰিসূত্ৰে মঙলদৈৰ বাসৱ নগৰত কিছু বছৰ পূৰ্বে নিগাজীকৈ বাস কৰিবলৈ লোৱা মথুৰা নাথ ডেকা আৰু জীয়ৰী নন্দিতা নাথৰ শোকাৱহ মৃত্যুৰ পিচত বাসৱ নগৰবাসীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে এইবাৰ দীপাৱলী পালন নকৰে । লগতে কাতিমহীয়া মন্দিৰৰ চাকি জ্বলোৱাৰ পৰাও বিৰত থাকিব বাসৱ নগৰ অঞ্চলবাসী ।

লগতে পঢ়ক :পথ দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা
লগতে পঢ়ক :বোকাখাতত ডাম্পাৰৰ খুন্দাত নিহত শিক্ষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.