ETV Bharat / state

পথাৰত গেলিছে ফচল, পাচলিৰ খেতিপথাৰলৈ চাই কৃষকৰ হুমুনিয়াহ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 7:43 PM IST

Agricultural sector affected by flood : উজনিৰ পৰা নামনিলৈ বছৰৰ দ্বিতীয়টো বানে প্ৰভাৱিত কৰিছে কৃষিখণ্ডক । বিগত কেইবাদিন ধৰি পানীৰ তলত থকাত এফালৰ পৰা গেলিবলৈ ধৰিছে পাচলি ৷

agricultural sector affected by flood
বানে গৰকা খেতিপথাৰ (ETV BHARAT ASSAM)

মৰাণ, ১৪ জুলাই: বানে গৰকা খেতিপথাৰলৈ চাই এতিয়া অসহায় কৃষকে হুমুনিয়াহ কাঢ়িছে । যেনি চাই তেনি কেৱল এখন ভগ্ন ছবি । ৰাজ্যৰ ভিতৰত এইবাৰ ডিব্ৰুগড়ৰ খোৱাঙত বানত অধিক ক্ষতিগ্ৰস্ত হৈছে কৃষক । কেইবা ঠাইতো বুঢ়ীদিহিঙৰ মথাউৰি আৰু ৰিংবান্ধ ভাঙি যোৱাত শতাধিক গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছিল । জিলাখনৰ খোৱাং অঞ্চলত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বানপীড়িত ৰাইজ এতিয়া জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে । খোৱাঙৰ বৰবিল খলিহামাৰী গাঁৱৰ দুই শতাধিক কৃষক পৰিয়ালে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৷

বানে গৰকা খেতিপথাৰ (ETV BHARAT ASSAM)

কৃষিকৰ্মৰে স্বাৱলম্বী গাঁওখনৰ প্ৰায় ৬ শ বিঘা মাটিত লগোৱা শাক-পাচলিৰ খেতি বানপানীত সম্পূৰ্ণৰূপে জাহ যায় । গাঁওখনৰ কৃষক সকলে কৰা তিতাকেৰালা, ভাতকেৰালা, কুন্দুলি, জলকীয়া, বেঙেনা, জিকা, তিঁয়হ, পটল আদিৰ খেতি প্ৰায় ১১ দিন পানীত ডুব গৈ থকাত সম্পূৰ্ণৰূপে বিনষ্ট হয় ৷ তদুপৰি ধানখেতিৰ বাবে পৰা কঁঠিয়াও পানীত বুৰ গৈ নষ্ট হৈছে ৷ বানত আক্ৰান্ত হৈ কেইবাদিনো আশ্ৰয় শিবিৰত কটোৱাৰ পাছত গাঁৱলৈ ঘূৰি আহি এতিয়া মূৰে-কঁপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে ।

ইপিনে, বানত কৃষক সকলৰ বহু পোহনীয়া গৰু-ছাগলী, হাঁহ-কুকুৰাৰ মৃত্যু হোৱাত সমস্যাই দেখা দিছে ৷ একেদৰে ভঁৰালত থকা ধান বানে নষ্ট কৰাত উপায়হীন হৈ পৰিছে কৃষকসকল ৷ জিলা প্ৰশাসন তথা কৃষি বিভাগে কৃষকসকলক সাহাৰ্য প্ৰদান কৰি কিছু সকাহ দিব বুলি আশা কৰিছে ক্ষতিগ্ৰস্ত ৰাইজে ৷ আনহাতে, গাঁওখনৰ মূল সমস্যা হ'ল খহনীয়া । এই সমস্যা সমাধান কৰিবৰ বাবে আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক:বানত ক্ষতিগ্ৰস্তৰ হাহাকাৰ : ১০ দিনৰ পাচতো আপোন ঘৰখনলৈ ঘূৰি যাব পৰা নাই বানাক্ৰান্ত - Assam Flood 2024

গোৱালপাৰাৰ বানাক্ৰান্তৰ আশ্রয় শিবিৰত নাই পৰ্যাপ্ত সাহায্য, নাই শিশুৰ পুষ্টিকৰ খাদ্য - Assam Flood 2024

পথাৰত গেলিছে ফচল, বজাৰত জ্বলিছে জুই; হাজাৰ মন গ’লেও পছন্দৰ পাচলিবিধ খাবলৈ এতিয়া চিন্তা কৰিব লাগিব - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.