ETV Bharat / state

শোকত ভাঙি পৰিছে শ্বহীদ নাছিৰ উদ্দিন সৰকাৰৰ পত্নী-সন্তান - CRPF jawan Nasir Uddin Sarkar

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 1:53 PM IST

CRPF jawan Nasir Uddin Sarkar: মণিপুৰৰ ভূমিত শ্বহীদ হোৱা চি আৰ পি এফ জোৱান নাছিৰ উদ্দিন সৰকাৰৰ বৰপেটাৰ বাসগৃহত শোকাকুল পৰিস্থিতি ৷ কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লগতে স্থানীয় লোক ৷ সন্ধিয়ালৈ বৰপেটাৰ ভেল্লাত উপস্থিত হ’ব চি আৰ পি এফ জোৱান নাছিৰ উদ্দিন সৰকাৰৰ নশ্বৰ দেহ ৷

family of late crpf jawan nasir uddin sarkar killed in manipur mourns his death
শোকত ভাঙি পৰিছে শ্বহীদ নাছিৰ উদ্দিন সৰকাৰৰ পত্নী-সন্তান

বৰপেটা, 27 এপ্ৰিল: শোককুল পৰিস্থিতিয়ে বিৰাজ কৰিছে মণিপুৰৰ ভূমিত শ্বহীদ হোৱা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান নাছিৰ উদ্দিন সৰকাৰৰ বাসগৃহত ৷ শুকুৰবাৰৰ মাজনিশা প্ৰায় 1.15 বজাত মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰসেনাস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ চকীলৈ লক্ষ্য কৰি অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰে ৷ এই গুলীচালনাত নিহত হয় বৰপেটা ভেল্লাৰ চি আৰ পি এফ জোৱান নাছিৰ উদ্দিন সৰকাৰ । এই খবৰ লাভ কৰাৰ পাচতে শোকত বিহ্বল হৈ পৰে পৰিয়ালৰ লোকৰ লগতে আত্মীয়-স্বজন ৷

পৰিয়ালৰ লোকে জনোৱা অনুসৰি শনিবাৰৰ পুৱা প্ৰায় 7 বজাত গুৱাহাটীত অৱস্থিত সেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা অহা এক ফোনযোগে পৰিয়ালটোৱে এই দুঃসংবাদটো লাভ কৰে আৰু শোকত ভাগি পৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, কুকি উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত নিহত হয় অসমৰ জোৱানজন ৷ তেওঁৰ লগতে শ্বহীদ হয় আন এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান ৷ প্ৰাণ হেৰুওৱা জোৱান দুজন ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ নৰসেনা অঞ্চলত নিয়োজিত চি আৰ পি এফ 128 বেটেলিয়নৰ বুলি জানিব পৰা গৈছে । নিৰ্বাচনী কৰ্তব্য পালন কৰি উভতি অহাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

শ্বহীদ নাছিৰুদ্দিনে মৃত্যুৰ সময়ত পত্নী আমেনা বেগমৰ লগতে আজিৰউদ্দিন সৰকাৰ, কন্যা নাৰ্জিমা বেগমৰ লগতে অসংখ্য শুভাকাংখীক ইহসংসাৰত এৰি থৈ যায় ।

সন্ধিয়া 7.30 বজাৰ পৰা 8 বজাৰ ভিতৰত চি আৰ পি এফ জোৱান নাছিৰ উদ্দিন সৰকাৰৰ নশ্বৰদেহ বৰপেটাস্থিত নিজা গৃহত উপস্থিত হ’ব বুলি আত্মীয় তথা উপস্থিত সেনা বিষয়াসকলে জনায় ৷

লগতে পঢ়ক: কুকি উগ্ৰপন্থীৰ আক্ৰমণত নিহত দুই জোৱান - CRPF personnel killed in Manipur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.