ETV Bharat / state

আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী - International Museum Day

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 10:03 PM IST

Cotton University : কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক প্ৰদৰ্শনী ৷ আন্তৰ্জাতিক সংগ্ৰহালয় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে এই প্ৰদৰ্শনী ৷ য’ত অংশগ্ৰহণ কৰে প্ৰায় সাতশৰো অধিক ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে ৷

INTERNATIONAL MUSEUM DAY
কটন বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী (Source : Etv Bharat Assam)

গুৱাহাটী, 20 মে’: বিগত ১৬ মে’ৰ পৰা ১৮ মে' লৈ কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱসৰ লগত সংগতি ৰাখি এখনি প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায় । ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH) ৰ ৪০ সংখ্যক বৰ্ষপূতি উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগে আয়োজন কৰা প্ৰদৰ্শনীখনত মানৱ জাতিৰ ক্ৰমবিকাশ আৰু জীৱন ধাৰণ প্ৰণালীকে আদি কৰি প্ৰস্তৰ যুগত ব্যৱহৃত সা-সঁজুলি, অস্ত্ৰ-শস্ত্ৰ, পোৰামাটিৰ ভাস্কৰ্য, হৰপ্পা সভ্যতাৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰে ।

প্ৰত্নতত্ত্ব বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা মৃৎ শিল্পসমূহ এই প্ৰদৰ্শনীখনৰ অন্য এক মুখ্য আকৰ্ষণ । কটন বিশ্ববিদ্যালয়ৰ প্ৰতি উপাচাৰ্য প্ৰফেচৰ গণেশ চন্দ্ৰ ৱাৰি আৰু পঞ্জীয়ক ড৹ অৰিন্দম গাৰ্গে উদ্বোধন কৰা প্ৰদৰ্শনীখনত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড৹ বেদান্ত বৰা, প্ৰফেচৰ শীলা বৰা, ড৹ জোনালী দেৱী, ড৹ সংগীতা গগৈ, ড৹ ফুকন চন্দ্ৰ বসুমতাৰী, ড৹ পূৰৱী ডেকা বসু, ড৹ সম্ৰাট বৰা আদিৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী ।

কিউৰেটৰ ড৹ মঞ্জিল হাজৰিকা, ড৹ ৰিতিকা চাহু আৰু জৌগাঠি বসুমতাৰীৰ তত্বাৱধানত প্ৰস্তুত কৰি উলিওৱা আৰু প্ৰত্নতত্ত্বৰ ব্যাৱহাৰিক জ্ঞানৰ লগতে জনসাধাৰণৰ মাজত বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এইবোৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা প্ৰদৰ্শনীখনত প্ৰস্তৰ যুগৰ সা-সঁজুলিৰ লগতে হৰপ্পা সভ্যতাৰ বিভিন্ন ভাস্কৰ্য আৰু প্ৰতিমূৰ্তি প্ৰদৰ্শন কৰা হয় ।

লগতে INTACH য়ে তেওঁলোকৰ ৪০ বছৰীয়া যাত্ৰাকালত ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ আগত উপস্থাপন কৰে । কটন বিশ্ববিদ্যালয়, ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটি, পুঠিমাৰী মহাবিদ্যালয়, এছ বি দেওৰা মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, বাইহাটা চাৰিআলি বি এড কলেজ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, সুদৰ্শন স্কুল, সৰলা বিৰলা জ্ঞানজ্যোতি স্কুল, কটন কলেজিয়েট স্কুল, মহৰ্ষি বিদ্যা মন্দিৰ শিলপুখুৰী, মহৰ্ষি বিদ্যা মন্দিৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল বৰসজাই আদি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ৭০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে ইয়াত অংশ লয় ৷

লগতে অসম ৰাজ্যিক সংগ্ৰহালয়, অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ বিষয়াসকল আৰু ইনটেকৰ সদস্যসকলেও এই প্ৰদৰ্শনীখনত যোগদান কৰে ।

লগতে পঢ়ক: অসম-মেঘালয় সীমান্তত ঔদ্যোগিক প্ৰদৰ্শনী ২০২৪ অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.