ETV Bharat / state

ভূটানৰ ৬০ টকীয়া মদ অসমত বিক্ৰী হৈ আছে বহু দামত : খবৰ পালে আবকাৰী বিভাগে - Bhutanese liquor seized - BHUTANESE LIQUOR SEIZED

Bhutanese liquor market in Assam: ৰাজ্য চৰকাৰৰ চিন্তাৰ বিপৰীতে আন এক বেপাৰ মদ বেপাৰীৰ ৷ ভূটানৰ পৰা কম দামত মদ কিনি আনি অধিক দামত বিক্ৰী কৰি থকা হৈছে ৷ ধৰা পৰিল দেওবাৰে ৷ চাওক সবিশেষ...

Bhutanese liquor market in Assam
তামুলপুৰত জব্দ কাৰ্টনে কাৰ্টনে ভূটানৰ সুৰা (Getty Images)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 10:04 PM IST

Updated : Jun 16, 2024, 10:38 PM IST

ৰঙিয়া, ১৬ জুন : ৰাজহ আৰু ঋণৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য পৰিচালনা কৰি থকা অসম চৰকাৰে শেহতীয়াকৈ মদ বিক্ৰীত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ মদৰ দাম বৃদ্ধি কৰাই নহয়, সুৰাপায়ীক যাতে বেছিকৈ মদ খুৱাব পাৰে, তাৰ বাবে মদৰ বিপণীসমূহক দিছে টাৰ্গেট ৷

তামুলপুৰত জব্দ কাৰ্টনে কাৰ্টনে ভূটানৰ মদ (ETV Bharat Assam)

প্ৰতিমাহে মদৰ বিপণীসমূহে কিমান লিটাৰকৈ মদ বিক্ৰী কৰিব লাগিব, সেয়াও নিৰ্ধাৰণ কৰি দিছে চৰকাৰে ৷ মুঠতে মদৰ পৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে অসম চৰকাৰে ৷

চৰকাৰৰ এই কষ্টৰ বিপৰীতে ৰাজ্যত এক বিপৰীত ছবি দেখা গৈছে ৷ অসম চৰকাৰৰ কষ্টৰ প্ৰতি অলপো সহানুভূতি নেদেখুৱাই, পদক্ষেপৰ প্ৰতি অলপো সহযোগিতা আগনবঢ়াই অসমৰ সুৰাপায়ীক চুবুৰীয়া দেশৰ মদ খুৱাই আছে একাংশ বেপাৰীয়ে ৷

লগতে পঢ়ক: অসমত সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ ব্যৱসায়ীক দিছপুৰৰ নিৰ্দেশ

সকলোৰে জ্ঞাত যে, অসমৰ মদৰ দামতকৈ চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয় আদিত দাম যথেষ্ট কম ৷ সেই ৰাজ্যসমূহৰ মদ অসমত গোপনে প্ৰচলিত হৈ আহিছে, আবকাৰী বিভাগেও জব্দ কৰি আহিছে ৷ কিন্তু এইবাৰ অসমত ধৰা পৰিছে ভূটানৰ মদৰ ৰমৰমীয়া ব্যৱসায় ৷

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা সস্তীয়া দামত মদ ক্ৰয় কৰি অসমত বিক্ৰী কৰি থকা হৈছে তিনিগুণ অধিক দামত ৷ ভূটানত উপলব্ধ ৬০ টকীয়া মদৰ বটল অসম তথা ভাৰত হৈ আহি পৰেহি একো একোটা ব্ৰেণ্ডেড মদৰ বটল হিচাপে ৷ এনে মদৰ বিৰুদ্ধে দেওবাৰে তামুলপুৰত চলিল আবকাৰী বিভাগৰ বৃহৎ অভিযান ৷

অভিযানত জব্দ কৰা হয় ২৫ লক্ষাধিক টকা মূল্যৰ ভূটানৰ মদ ৷ তামুলপুৰৰ পংকজ কলিতা ওৰফে পিছলাৰ কেবাটাও গুদামত অভিযান চলাই এই বৃহৎ পৰিমাণৰ মদ জব্দ কৰা হয় ৷

লগতে পঢ়ক: গুৱাহাটীৰ সুৰাপায়ীয়ে দুদিনত গিলিলে ১১ কোটি টকাৰ সুৰা

জানিব পৰা গৈছে যে, বিগত বহুদিনৰ পৰাই ভূটানৰ পৰা মদবোৰ ক্ৰয় কৰি আনি নকলকৈ অসমৰ লেবেল-হলোগ্ৰাম বেপাৰ চলাই অহা হৈছিল ৷ একপ্ৰকাৰে এটা উদ্যোগলৈ পৰিণত হৈছিল ৷ এই খবৰ লাভৰ পিচতে আবকাৰী বিভাগে ৰঙিয়াৰ সমীপৰ দলংপাৰ, ঘগ্ৰা চক, চিকনীবাৰীকে ধৰি কেবাঠাইতো চলালে অভিযান ৷

অভিযানত ৪৬১ কাৰ্টুন ভূটানৰ মদ জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ ইফালে আবকাৰী বিভাগৰ অভিযান চলাৰ উমান পাই পলায়ন কৰে পংকজ কলিতা ওৰফে পিছলাই । অভিযানকাৰী দলটোৱে ইতিমধ্যে পংকজ কলিতা ওৰফে পিছলাৰ পত্নীক সোধপোচৰ বাবে আটক কৰিছে ।

আচৰিত কথাটো হ’ল যে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ মুখ্য দুৱাৰত তীব্ৰ নিৰাপত্তাৰ লগতে তালাচী চলাই থাকে নিৰাপত্তাৰক্ষীয়ে ৷ তেনেস্থলত ভূটানৰ পৰা অসমলৈ কিদৰে ২৫ লক্ষাধিক টকা মূল্যৰ মদ আমদানি হ’ল, তাক লৈ সৃষ্টি হৈছে ঘন ৰহস্যৰ ৷

লগতে পঢ়ক: সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ দিয়া কাৰ্যৰ বিৰোধিতাৰে মহিলাৰ পথ অৱৰোধ

Last Updated : Jun 16, 2024, 10:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.