ETV Bharat / state

প্ৰাক্তন বিধায়ক মোস্তাফা ছহিদুল ইছলামৰ বিয়োগ - MUSTAFA SHAHIDUL ISLAM PASSES AWAY

১৯৮৬ ত সংযুক্ত সংখ্যালঘু মৰ্চা আৰু ১৯৯৬ ত কংগ্ৰেছৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল মোস্তাফা ছহিদুল ইছলাম ।

Ex MLA Mustafa Shahidul Islam
প্ৰাক্তন বিধায়ক মোস্তাফা ছহিদুল ইছলাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

ধিং: ধিং বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মোস্তাফা ছহিদুল ইছলামৰ দেহাৱসান । সোমবাৰে সন্ধিয়া ৬ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় প্ৰাক্তন বিধায়কগৰাকীৰ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰা বিধায়কগৰাকীয়ে ধিং বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভাৰ মজিয়ালৈ নিৰ্বাচিত হৈছিল ।

সংযুক্ত সংখ্যালঘু মৰ্চাক কৰিছিল প্ৰতিনিধিত্ব :

মোস্তাফা ছহিদুল ইছলামে ১৯৮৬ চনত সংযুক্ত সংখ্যালঘু মৰ্চাৰ পৰা ধিং সমষ্টিত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । মোস্তাফা ছহিদুল ইছলামে পৰৱৰ্তী সময়ত সংযুক্ত সংখ্যালঘু মৰ্চা ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে । ১৯৯৬ চনত কংগ্ৰেছ দলৰ পৰা পুনৰ ধিং সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

আমছুৰ উপদেষ্টা আছিল মোস্তফা ছহিদুল ইছলাম :

মোস্তাফা ছহিদুল ইছলামে ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পূৰ্বে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আছিল । তেওঁ এই সংগঠনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আগভাগ লৈছিল । মোস্তাফা ছহিদুল ইছলামে বিধায়কৰ কাৰ্যকালত ধিং সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰী আৰক্ষী থানা প্ৰতিষ্ঠা কৰাত আগভাগ লৈছিল । তদুপৰি মৈৰাবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়, মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়, মৈৰাবাৰী মহাবিদ্যালয়, মৈৰাবাৰী ছোৱালী বিদ্যালয় আদি প্ৰতিষ্ঠা কৰাত আগভাগ লৈছিল ।

মোস্তাফা ছহিদুল ইছলামে ধিং বিধানসভা সমষ্টিত বিভিন্ন জনহিতকৰ কাম কৰাৰ উপৰি পিতৃৰ নামতো বিদ্যালয় স্থাপন কৰিছিল । প্ৰাক্তন বিধায়ক মোস্তাফা ছহিদুল ইছলামৰ মৃত্যুত মৈৰাবাৰী অঞ্চলত শোকৰ ছাঁ পৰে । তেওঁৰ মৃত্যুত ধিং সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:'সৰিয়হ ৰখীয়া এজনী গাভৰু'ৰ স্ৰষ্টা যোগেন টাইদৰ বিয়োগ - POET JOGEN TAID PASSES AWAY

বেহেলা বাদক মাণিক বৰাৰ দেহাৱসান - VIOLINIST MANIK BORA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.