ETV Bharat / state

কংগ্ৰেছলৈ ঘূৰি অহাৰ কাৰণ ব্যাখ্যা ৰিপুণ বৰাৰ - Ripun Bora returns to Congress

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 1:36 PM IST

Ripun Bora returns to Congress: চৰাইদেউত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ৰিপুণ বৰাই পুনৰ কংগ্ৰেছ দলত যোগদান কৰে । তৃণমূল কংগ্ৰেছ অসমৰ কেইবাগৰাকী নেতাইও কংগ্ৰেছত যোগদান কৰে ।

Ripun Bora returns to Congress
কংগ্ৰেছলৈ ঘূৰি অহাৰ কাৰণ বাখ্যা ৰিপুণ বৰাৰ (ETV Bharat)

মৰাণ, ৮ ছেপ্টেম্বৰ : ঐতিহাসিক চৰাইদেউ জিলাৰ মথুৰাপুৰত অনুষ্ঠিত হৈছে প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা । এই সভাতে পুনৰ কংগ্ৰেছ দলত যোগদান কৰিলে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন এপিচিচি সভাপতি ৰিপুণ বৰাই ।

ৰিপুণ বৰাৰ কংগ্ৰেছত যোগদান

সভাৰ আৰম্ভণিতে এক কাৰ্যসূচীত ৰিপুণ বৰাই পুনৰ কংগ্ৰেছ দলত যোগদান কৰে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ দলত যোগদান কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিত ৰিপুণ বৰাই কংগ্ৰেছত যোগদান কৰে ।

ৰিপুণ বৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা তথা বৰ্তমান অসম চৰকাৰৰ ৰাজপত্ৰিত বিষয়া পল্লৱী শইকীয়াও কংগ্ৰেছ দলত যোগদান কৰে । পল্লৱী শইকীয়াই চৰকাৰী পদৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে । চাকৰি জীৱন আৰম্ভ কৰাৰ পূৰ্বে পল্লৱী শইকীয়া যুৱ কংগ্ৰেছৰ সৈতে জড়িত আছিল ।

গহপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি ?

ইফালে ২০২২ চনৰ ১৭ এপ্ৰিলত কংগ্ৰেছ ত্যাগ কৰি ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল । কংগ্ৰেছৰ ভিতৰচ'ৰাত চৰ্চা চলি থকা অনুসৰি ২০২৬ৰ বিধানসভা নিৰ্বাচনত গহপুৰ সমষ্টিত পুনৰ কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব ৰিপুণ বৰাই । তৃণমুল কংগ্ৰেছ ত্যাগ কৰাৰ পূৰ্বৰে পৰাই গহপুৰত দলীয় কৰ্মীক ঘৰে ঘৰে গৈ সাক্ষাৎ কৰিছিল ৰিপুণ বৰাই ।

কংগ্ৰেছত যোগদানৰ কাৰণ

ইফালে পুনৰ কংগ্ৰেছত যোগদান কৰি ৰিপুণ বৰাই তেওঁৰ পুৰণি দলটোলৈ ঘূৰি আহিবলৈ পাই আনন্দ প্ৰকাশ কৰে । কংগ্ৰেছক পুৰণি ঘৰ আখ্যা দি ৰিপুণ বৰাই কয়, "মোৰ পুৰণি ঘৰ ভাৰতীয় জাতীয় কংগ্ৰেছলৈ ঘূৰি আহি গৌৰৱবোধ কৰিছো । যি কাৰণতে নহওক মই কংগ্ৰেছ দল এৰি গৈছিলো । প্ৰায় আঢ়ৈ বছৰ পুৰণি ঘৰখনৰ পৰা আঁতৰি আছিলো । সময়ৰ যি আহ্বান, ৰাইজৰ যি আহ্বান অসমত অন্য কোনো বিৰোধী দলে বিজেপিক উৎখাত কৰিব নোৱাৰে । সময়ৰ এইটো আহ্বান যে আমি অসমত তৃণমুল কংগ্ৰেছে বিজেপিক উৎখাত কৰিব নোৱাৰো । অসমৰ ৰাইজে বিচাৰিছে কংগ্ৰেছ দলক । এই মুহূৰ্তত আমি তৃণমুল কংগ্ৰেছত থাকিলে কেৱল ভোট বিভাজন কৰা হ'ব কিন্তু বিজেপিক উৎখাত কৰা নহ'ব আৰু সেই কাৰণে সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই কংগ্ৰেছ দললৈ ঘূৰি আহিছো ।"

ৰিপুণ বৰাই উল্লেখ কৰা মতে তৃণমূলৰ ৰাজ্যিক কমিটীৰ ৩৩ গৰাকী নেতাই আৰু চৰাইদেউৰ পাৰ্শ্বৱৰ্তী জিলাৰ ৩ গৰাকী জিলা সভাপতিয়ে আনুষ্ঠানিকভাৱে ক‍ংগ্ৰেছ দলত যোগদান কৰে ।

লগতে পঢ়ক :দেওবাৰে পুনৰ কংগ্ৰেছত যোগ দিব ৰিপুণ বৰাই - RIPUN BORA WILL JOIN CONGRESS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.