ETV Bharat / state

পঞ্চতাৰকা হোটেলৰ নামত কাজিৰঙাত চলিল উচ্ছেদ - Eviction drive in Kaziranga

Five star hotel in Kaziranga: হঠাতে বুলড’জাৰ চলিল কাজিৰঙাৰ বহু ঘৰৰ ওপৰত ৷ নিৰ্মাণ কৰিব পঞ্চতাৰকাযুক্ত হোটেল ৷ ক্ষোভিত উচ্ছেদিতই দিলে জংগী আন্দোলনৰ হুংকাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 9:20 PM IST

Five star hotel in Kaziranga
পঞ্চতাৰকা হোটেলৰ নামত কাজিৰঙাত চলিল উচ্ছেদ (ETV Bharat Assam)

কাজিৰঙা, 7 জুন: তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ দিশে নৰেন্দ্ৰ মোদী ৷ আনকি, দলে-বলে ওলাই আহি ৰাইজে সমৰ্থন কৰাৰ বাবেই ২০১৪ বৰ্ষৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি থকা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি-মিত্ৰজোঁট চৰকাৰখনে এইবাৰো শাসনৰ ভাৰ ল’ব ৷ অহা দেওবাৰে হেট্ৰিক কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ মন্ত্ৰীসভাই পুনৰ ল’ব দেশৰ শাসনভাৰ ৷

কিন্তু, যিসকল ভোটাৰৰ ভোটেৰে আজি নৰেন্দ্ৰ মোদী ৰজা হৈছে, সেইসকল ভোটাৰৰে বাসগৃহত আজি চলিছে বুলড’জাৰ ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুদিনৰ পিচতে সংঘটিত হোৱা এই ঘটনাত ক্ষোভিত হৈছে ৰাইজ ৷ অসম চৰকাৰে কাজিৰঙাত ভূমি উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যি যো-জা চলাইছে তাক কাজিৰঙাবাসীয়ে তীব্ৰভাবে গৰিহণা দিছে । কিয়নো এই মাটিত কৃষকসকলে বছৰ বছৰ ধৰি খেতি-বাতি কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে বনৰীয়া জীৱ জন্তুৰো উপকাৰ সাধন কৰি আহিছে ৷

নিৰ্বাচনৰ ফলাফলৰ মাথোঁ দুদিনৰ পিচতেই চৰকাৰৰ এনে কাৰ্যত লোকসকল ক্ষোভত ফাটি পৰিছে ৷ কিয়নো বন্যহস্তীয়ে আহ-যাহ কৰা এই ঠাইখিনিত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিলে কাজিৰঙাখন ধ্বংস হ’ব বুলি একাংশই ধাৰণা কৰিছে ৷ কাজিৰঙা ধ্বংসৰ ষড়যন্ত্ৰৰ আশংকা প্ৰকাশ কৰি কোনো কাৰণতে কাজিৰঙাবাসীয়ে মানি নলয় বুলি মন্তব্য কৰে ৷ কৃষকৰ ওপৰত কৰা এয়া অত্যাচাৰ বুলি অভিযোগ উত্থাপন কৰি ৰাইজ মুকলিকৈ ৰাজপথলৈ ওলাই আহি জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে স্থানীয় লোকে ৷

ইপিনে, পঞ্চতাৰকা হোটেল নিৰ্মাণৰ পৰিকল্পনাই বনৰীয়া হাতীৰ বিচৰণভূমিত বাধা দিব ৷ লগতে উক্ত অঞ্চলত অৰ্ধ শতাধিক পৰিয়ালে জীৱন নিৰ্বাহ কৰি আহিছিল ৷ আচৰিত ধৰণে স্থানীয় ৰাইজৰ সৈতে কোনো আলোচনাত নবহি লোৱা এনে সিদ্ধান্তত লোকসকল ক্ষোভিত হৈ পৰিছে ৷

লগতে পঢ়ক: চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে কাজিৰঙাত আটছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.