ETV Bharat / state

এইবাৰ বুলড'জাৰ চলিল বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত - EVICTION DRIVE IN GOALPARA

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Eviction drive in Goalpara : লক্ষীপুৰত উচ্ছেদ অভিযান । এইবাৰ সংৰক্ষিত বনাঞ্চলত চলিছে এই অভিযান । বনাঞ্চলৰ ১১৮ হেক্টৰ ভূমিৰ ৫৫ হেক্টৰত চলোৱা হৈছে উচ্ছেদ ।

Eviction drive in Goalpara
বান্দৰমাথা সংৰক্ষিত বনাঞ্চল (ETV Bharat Assam)

গোৱালপাৰা, ২৪ ছেপ্টেম্বৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজিৰে পৰা বন বিভাগে আৰম্ভ কৰিছে উচ্ছেদ অভিযান । মঙলবাৰে আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত কটকটীয়া নিৰাপত্তাৰ মাজত পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় এই উচ্ছেদ অভিযান । বন বিভাগৰ কেইবাখনো বুলড'জাৰ এই উচ্ছেদ অভিযানত ব্য়ৱহাৰ কৰা হৈছে ।

৫৫ হেক্টৰত চলোৱা হৈছে উচ্ছেদ

জিলাখনৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিছে এই উচ্ছেদ । বিভাগীয় তথ্য় অনুসৰি বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ ১১৮ হেক্টৰ ভূমিৰ ৫৫ হেক্টৰত উচ্ছেদ চলোৱা হৈছে । এই বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত বসবাস কৰি অহা ২০০ টা পৰিয়ালক উচ্ছেদ কৰা বুলি কয় বন বিষয়াই ।

উল্লেখ যে এসপ্তাহ পূর্বে বন বিভাগৰ লোকে বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত বসবাস কৰা পৰিয়ালসমূহক বনাঞ্চলৰ ভূমি এৰি অন্য় স্থানলৈ গুচি যাবলৈ জাননী দিছিল । বন বিভাগৰ জাননীৰ পিছত প্ৰায়সংখ্যক বেদখলকাৰীয়ে নিজৰ নিজৰ আচবাব লৈ ঘৰ-বাৰী এৰি অন্য় স্থানলৈ আঁতৰি গৈছিল যদিও ইয়াৰে একাংশই আপোন ঘৰখন এৰি যোৱা নাছিল ।

যিসকল বেদখলকাৰীয়ে বন বিভাগৰ জাননী পোৱাৰ পিছতো ঘৰ-বাৰী খালী কৰা নাছিল তেওঁলোকৰ গৃহত পুৱাৰে পৰা চলিল বুলড'জাৰ । আনহাতে, যিসকল বেদখলকাৰীয়ে বন বিভাগৰ জাননী লাভ কৰাৰ পিছত স্বেচ্ছাই নিজৰ আচবাব লৈ অন্য় ঠাইলৈ গুচি গৈছিল তেওঁলোকৰ অৱশিষ্ট ঘৰ-দুৱাৰ ভাঙি পেলোৱা হয় । বুধবাৰেও একেই স্থানত চলিব বন বিভাগৰ উচ্ছেদ অভিযান । এই বিষয়ে সদৰী কৰিছে বন বিভাগৰ বিষয়াই ।

লগতে পঢ়ক:বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজত সোণাপুৰৰ কচুতলীত পুনৰ আৰম্ভ উচ্ছেদ - Sonapur eviction drive

উচ্ছেদক লৈ পুনৰ আদালতত মুখথেকেচা অসম চৰকাৰৰ, সোণাপুৰৰ উচ্ছেদত আদালতৰ‌‌ স্থগিতাদেশ - Eviction Drive in Sonapur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.