ETV Bharat / state

বাৰিষাৰ পূৰ্বেই ডিব্ৰুগড়ৰ মোহনাঘাটত বৰলুইতত জাহ গৈছে ইটোৰ পিচত সিটো বাসগৃহ - Erosion In Dibrugarh

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 5:41 PM IST

মোহনাঘাটত বৰলুইতত জাহ গৈছে ইটোৰ পিচত সিটো বাসগৃহ ৷ চহৰখনৰ মোহনাঘাটত বৰলুইতৰ খহনীয়াক লৈ আতংক ৷ টালি-টোপোলা লৈ নিৰাপদ দূৰত্বত অৱস্থান নৈপৰীয়াৰ ৷

EROSION IN DIBRUGARH
ডিব্ৰুগড় চহৰলৈ ভাবুকি
মোহনাঘাটত বৰলুইতৰ ভয়ংকৰ খহনীয়া

ডিব্ৰুগড়, 25 এপ্ৰিল : বাৰিষাৰ পূৰ্বেই ডিব্ৰুগড়ৰ মোহনাঘাটত চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাচতেই ডিব্ৰুগড়ত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ এই খহনীয়াত এতিয়া শংকিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ কাষতে থকা লোকসকল ৷ ইয়াৰ সমান্তৰালভাৱে বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈয়ো ৷ চহৰখনৰ মোহনাঘাট অঞ্চলত সৃষ্টি হোৱা খহনীয়াত চকুৰ সন্মুখতে জাহ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষিভূমি ৷ অঞ্চলটোত ইতিমধ্যে খহনীয়াক লৈ সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷

বিগত দুটা দিনে মোহনাঘাট অঞ্চলত বৰলুইতৰ বুকুত জাহ গৈছে ইটোৰ পিচত সিটো বাসগৃহ ৷ ফলস্বৰূপে টালি-টোপোলা লৈ এতিয়া নিৰাপদ দূৰত্বত অৱস্থান কৰিছে নৈপৰীয়া ৰাইজে ৷ এতিয়ালৈকে প্ৰায় সাতটাকৈ বাসগৃহ জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ৷ ইফালে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চলিত বৰ্ষৰ আৰম্ভণিতেই জল সম্পদ বিভাগৰ পৰা প্ৰায় 70 কোটি টকা অনুদান আগবঢ়াইছিল ৷ কিন্তু এতিয়াও কাৰ্যকৰী হোৱা নাই গৰা খহনীয়া প্ৰতিৰোধৰ কাম ৷ যাৰ ফলত এতিয়া পুনৰ গৰা খহনীয়াৰ কবলত ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চল ৷

দুটা দিনৰ পৰা অঞ্চলটোত ব্যাপক খহনীয়া হৈ আছে যদিও জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে কোনো ধৰণৰ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখযোগ্য যে মোহনাঘাটত কেইবাটাও বছৰৰ পৰা অব্যাহত থকা খহনীয়াত বহু পৰিয়ালে ঘৰৰ ভেটি হেৰুৱাব লগা হোৱাৰ লগতে বহু পৰিয়ালে অন্য স্থানলৈ যাব লগা হৈছে ৷ মোহনাঘাটত অব্যাহত থকা এই খহনীয়া প্ৰতিৰোধৰ দাবীত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াৰ পাচতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা হৈছিল বৃহৎ প্ৰকল্প ৷

এই বছৰৰ আৰম্ভণিতেই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে জলসম্পদ বিভাগৰ বিষয়া সকলৰ উপস্থিতিত প্ৰায় 75 কোটি টকাৰ প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰিছিল ৷ এই বৃহৎ পুঁজিৰে মোহনাঘাটত উন্নতমানৰ জিঅ' বেগ আৰু পাকুৰ্পাইনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও কাম সঠিকভাৱে আগবঢ়া নাই ফলত নিজৰ আপোন ঘৰখন হেৰুৱাব লগা হৈছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : বন্য়প্ৰাণীৰ আৱাসস্থলী সোৱণশিৰি চাপৰি সংৰক্ষণৰ দাবী - Free Movement Of Wild Animals

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.