ETV Bharat / state

অসমৰ ৩৯ টা বিধানসভা সমষ্টিত ৪-৫ অক্টোবৰত গঠিত হ'ব সমজিলা : মুখ্যমন্ত্রী - Equal District in Assam - EQUAL DISTRICT IN ASSAM

Himanta Biswa Sarma facebook live : ৩৯ টা বিধানসভা সমষ্টিত গঠিত হ'ব সমজিলা ৷ পূজা সমিতিলৈ বিত্তীয় সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে ৷ অসমৰ ভৱিষ্যৎ এতিয়া আৰু কোনেও ধৰি ৰাখিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ ৰাজ্যখনৰ বাবে কংগ্ৰেছক ক’ৰবাত ক’ৰবাত গৌৰৱ অনুভৱ কৰিবলৈ আহ্বান ড৹ শৰ্মাৰ ।

Himanta Biswa Sarma facebook live
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2024, 3:40 PM IST

গুৱাহাটী,২৯ ছেপ্টেম্বৰ : ‘‘অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে সমজিলা গঠন কৰিম । অহা ৪ আৰু ৫ অক্টোবৰত অসমৰ ৩৯ টা বিধানসভা সমষ্টিত আমি সমজিলা প্ৰতিষ্ঠা কৰিম । লগতে দ্বিতীয় পৰ্যায়ত বাকী থকা জিলাসমূহতো সমজিলা নিৰ্মাণ কৰিম ।’’- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে নিশা সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সমজিলা হোৱাৰ পাছত বহু কাম জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে সম্পন্ন হ'ব । বিভিন্নধৰণৰ সেৱা সমজিলাৰ যোগেদি কৰিব পৰা যাব । সমজিলাৰ চিন্তা ভাৰতত প্ৰথমবাৰৰ বাবে অসমে কৰিছে । সমজিলাই ৰাইজক প্ৰশাসনৰ কাষলৈ লৈ যাব ।’’

নিযুত মইনা আঁচনি :

নিযুত মইনা আঁচনিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘৬ অক্টোবৰত নিযুত মইনা আঁচনি আৰম্ভ কৰিম । ৰাজ্যৰ প্ৰায় ২ লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব ।’’

দুৰ্গা পূজা সমিতিলৈ বিত্তীয় সাহায্য :

দুৰ্গা পূজা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব । বিহুৰ সময়তো আগবঢ়াও । ভাওনাৰ সময়তো আগবঢ়াম । দুৰ্গা পূজাৰ সমিতিসমূহক বিত্তীয় সাহায্যৰ বাবে আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছো ।’’

বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ :

বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘প্ৰতিবেদনখন ইতিমধ্যে অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবচাইটত সকলোৱে চাব পৰাকৈ দিয়া হৈছে । কমিটীয়ে ৰাজ্য চৰকাৰক দিয়া দায়িত্ব আমি পালন কৰিম । ৰাজ্য চৰকাৰৰ এক্তিয়াৰত থকা ৫২ টা পৰামৰ্শ আমি বাস্তৱত ৰূপায়ণ কৰিম । বাকী কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰত থকা ১৭ টা পৰামৰ্শৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত কথা পাতি ৰূপায়ণৰ চেষ্টা কৰিম । ইয়াক লৈ কংগ্ৰেছ দল আৰু দুই-এজন ৰাজনীতি কৰা লোকে মোক বেয়া পাইছে । তেওঁলোকে বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়ণ নকৰিলেও মোক গালি পাৰে আৰু ৰূপায়ণ কৰিব বিচাৰিলেও গালি পাৰে । স্পষ্ট কৰি দিব লাগে কৰিব লাগেনে নাই ! এইখন অসম নিৰাশাৰ অসম নহয় ।’’

কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ এক্স পোষ্টৰ প্ৰতিক্ৰিয়া :

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ, কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই টুইট(এক্স) কৰি কৈছে যে ছেমিকণ্ডাক্টৰ উদ্যোগটো কৰ্ণাটকতহে হ'ব লাগিছিল । অসমত কেনেকৈ ছেমিকণ্ডাক্টৰ উদ্যোগ হ'ব পাৰে ? আমি গৌৰৱৰে ক’ব পাৰো যে আমি ছেমিকণ্ডাক্টৰ উদ্যোগ আনি কৰ্ণাটক চৰকাৰৰ টোপনি হেৰুৱাই পেলাইছো । কৰ্ণাটকৰ মন্ত্ৰীগৰাকীক ক’ব বিচাৰো যে অসমে আকাশ চুব । কংগ্ৰেছ দলৰ সদস্যসকলক অনুৰোধ কৰিম যে অলপমান ৰাজ্যখনৰ বাবে আপোনালোকেও ক’ৰবাত ক’ৰবাত গৌৰৱ অনুভৱ কৰক । নাম গৌৰৱ হ’লেই নহ'ব, ৰাজ্যখনৰ বাবে গৌৰৱো কৰিব লাগিব । অসমৰ ভৱিষ্যৎ এতিয়া আৰু কোনেও ধৰি ৰাখিব নোৱাৰে ।’’

বিজেপিৰ সদস্যভৰ্তি অভিযান :

বিজেপিৰ সদস্যভৰ্তি অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমত সদস্যভৰ্তি অভিযানে ৫৩ লাখত ভৰি দিলে । নিৰ্ধাৰিত লক্ষ্যৰ অসমে ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য যিয়ে সদস্যতা অভিযানত ইতিমধ্যে ৮৫ শতাংশ পাৰ কৰিলে ৷ ৬৯ টা সমষ্টিত ৪০ হাজাৰৰো অধিক লোকে সদস্যতা গ্ৰহণ কৰিছে । দুৰ্গা পূজাৰ পূৰ্বে ১০৫ টা সমষ্টিত সদস্যতাৰ সংখ্যা ৪০ হাজাৰ স্পৰ্শ কৰিব । আমি বিজেপিৰ প্ৰদেশসমূহৰো ভিতৰতো আজি এখন শ্ৰেষ্ঠ প্ৰদেশ হিচাপে আগবাঢ়ি গৈছো ।’’

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি :

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘৩০ ছেপ্টেম্বৰত এটা নতুন আঁচনিৰ শুভ উদ্বোধন কৰা হ’ব । গুৱাহাটীৰ খানাপাৰাত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি’ৰ উদ্বোধন কৰি প্ৰথম কিস্তিৰ ধন প্ৰদান কৰা হ’ব । ২ লাখ টকা প্ৰদান কৰাৰ এই আঁচনিত ২৫ হাজাৰ যুৱক-যুৱতীক প্ৰথম কিস্তিৰ ধন হিচাপে ৭৫ হাজাৰ টকাকৈ বিতৰণ কৰা হ'ব । ইয়াৰ পিছত তিনিদিনৰ প্ৰশিক্ষণ প্ৰদান কৰি আৰু ২৫ হাজাৰ টকাকৈ দিয়া হ’ব । এই এক লাখ টকাৰ সদ্ব্যৱহাৰ কৰিলে পুনৰ এক লাখ টকাকৈ দিয়া হ’ব । আনহাতে আঁচনিখনৰ অধীনত পুনৰ আৰু ৭৫ হাজাৰ যুৱক-যুৱতীক সামৰি লোৱা হ’ব ।’’

দিল্লীলৈ যোৱাৰ প্ৰসংগ :

দিল্লীলৈ যোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব আহিছিলো । লগতে এটা কামত লাগি আছো । নামৰূপৰ সাৰ কাৰখানাৰ সম্প্ৰসাৰণ । সঘনাই দিল্লীলৈ আহিবলগীয়া হৈছে । এই ভাল খবৰটো যিমান সোনকালে পাৰো ৰাইজক দিয়াৰ বাবে অক্লান্ত প্ৰচেষ্টা চলাইছো । মাজুলীৰ দলংখনৰ কাম বন্ধ হৈ যোৱাক লৈয়ো মই চিন্তাত আছো । ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে হঠাতে কামৰ পৰা আঁতৰি গ'ল । কিয় আঁতৰি গ'ল, কেনেকে আঁতৰি গ'ল, পৰিৱেশটো ময়ো ভালদৰে বুজি পোৱা নাই । দুই-এদিনতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি অনুৰোধ জনাম যে- হয় পুৰণা ঠিকাদাৰজনে কাম কৰক, নহয় নতুন ঠিকাদাৰক কামটো দিয়ক ।’’

পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন :

আনহাতে মুখ্যমন্ত্ৰীয়ে এ ডি আৰ ইৰ পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে উল্লেখ কৰে । ইফালে অ' এম আৰ শ্বিট বিচাৰি ৪৭ হাজাৰ প্ৰাৰ্থীয়ে আবেদন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে ৩২ হাজাৰক অ' এম আৰ শ্বীট দিয়া হৈছে ।

লগতে পঢ়ক : ব্যক্তিগত কাৰণত ওড়িশাৰ ৰাজ্যপালক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ !

প্ৰতি সপ্তাহতে ঋণ লৈছে অসম চৰকাৰে : ১ অক্টোবৰত পুনৰ ল’ব ৭৫০ কোটি টকা ঋণ

বিপ্লৱ শৰ্মা সমিতিৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত কোনকেইটা অসম চৰকাৰৰ দায়িত্বত ? জনালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.