ETV Bharat / state

নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য - Bordoibam Bilmukh Bird Sanctuary

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 4:15 PM IST

Bordoibam Bilmukh : অস্তিত্বৰ সংকটত বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য। ক্ৰমে নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে ৰাজ্যৰ দ্বিতীয়খন পক্ষী অভয়াৰণ্য।

BORDOIBAM BILMUKH BIRD SANCTUARY
নিঃশেষ হোৱাৰ পথত বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য (ETV BHARAT ASSAM)

লখিমপুৰ, 17 জুলাই : চৰকাৰৰ অমনোযোগিতাত, বেদখলৰ বাবে ক্ৰমে নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে লখিমপুৰস্থিত বৰদৈবাম বিলমুখ পক্ষী উদ্যান ৷ 1996 চনৰ 3 জুলাইতে প্ৰাথমিক জাননী জাৰি কৰাৰ পিচতো বিগত 28 টা বছৰে বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্যৰ চূড়ান্ত জাননী জাৰি কৰিব নোৱাৰিলে চৰকাৰে ৷ বন বিভাগৰ উদাসীনতাৰ বাবেই এতিয়া উদ্যানখন নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে ৷

অস্তিত্বৰ সংকটত বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য (ETV BHARAT ASSAM)

মাজে-সময়ে আহি থকা ৰাষ্ট্ৰীয় স্তৰৰ পৰিৱেশবিদ, পক্ষী বিজ্ঞানী, গৱেষক ছাত্ৰ-ছাত্ৰী আদিৰ বাবে পক্ষী অভয়াৰণ্যখন হৈ পৰিছে কেৱল হতাশাব্যঞ্জক প্ৰতিচ্ছবি ৷ চৰকাৰৰ অৱহেলাৰ বাবে এই বিষয়টো বৰ্তমানলৈকে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ওচৰ পোৱাগৈ নাই ৷ অসম ৰাজ্যিক বন্যপ্ৰাণী পৰিষদে অথবা চৰকাৰ আৰু বন বিভাগৰ অৱহেলাৰ এক অন্যতম দৃষ্টান্তত পৰিণত হোৱা বৰদৈবাম বিলমুখ পক্ষী উদ্যানখন সুৰক্ষিত কৰাত কিয় গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা নাই সেয়া এক অবুজ সাঁথৰ হৈ পৰিছে ৷

পক্ষী অভয়াৰণ্য হিচাবে প্ৰাথমিক জাননী জাৰি কৰাৰ পিচতে উদ্যানখনলৈ পৰ্যটকৰ আগমন ঘটাৰ লগতে বন বিভাগে পক্ষী নিৰীক্ষণ স্তম্ভ নিৰ্মাণ কৰিছিল ৷ কিন্তু বিভাগৰ অমনোযোগিতা আৰু অকৰ্মণ্যতাৰ বাবে যত্নৰ অভাৱত পক্ষী স্তম্ভ জহি-খহি যায় ৷ শেহতীয়াকৈ স্থানীয় ৰাইজে এই উদ্যানত খেতি-বাতি কৰিবলৈ আৰম্ভ কৰাও পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ উদ্যাখনৰ চাৰিওফালে হোৱা বেদখলৰ বাবে ইয়ালৈ পৰ্যটকৰ আগমনো প্ৰায় নোহোৱা হৈছে ৷ বিগত প্ৰায় 28 টা বছৰে চৰকাৰে পক্ষী অভয়াৰণ্য হিচাবে এই উদ্যানখনক চূড়ান্ত স্বীকৃতি নিদিয়াৰ ফলতেই পৰ্যটনৰ বিপুল সম্ভাৱনা থকা উদ্যানখন এতিয়া ধ্বংসৰ গৰাহলৈ গতি কৰিছে বুলি অভিযোগ কৰিছে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমীসকলে ৷

লগতে পঢ়ক : Killing of migratory birds: পানীদিহিং পক্ষী অভয়াৰণ্যত ব্যাপক হাৰত পৰিভ্ৰমী পক্ষী হত্যা

উল্লেখ্য যে, ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী অঞ্চলত থকা এই অভয়াৰণ্যখনলৈ বছৰৰ বিভিন্ন সময়ত ভিন ভিন স্থানীয় পক্ষীৰ লগতে পৰিভ্ৰমী চৰাইৰ আগমন ঘটে ৷ শিৱসাগৰস্থিত পানীদিহিঙৰ পিচতে স্বীকৃত ৰাজ্যৰ দ্বিতীয়খন পক্ষী অভয়াৰণ্য হ’ল বৰদৈবাম বিলমুখ ৷ 1950 চনৰ বৰ ভুঁইকপত সোৱণশিৰি নদীয়ে গতিপথ সলনি কৰাৰ ফলত সৃষ্টি হৈছিল এই বিলখন ৷ বিভিন্ন জলজ উদ্ভিদেৰে ভৰপূৰ, স্থানীয় তথা পৰিভ্ৰমী পক্ষীৰ ভূ-স্বৰ্গ স্বৰূপ এই উদ্যানখনৰ অৱক্ষয়ে এতিয়া চিন্তিত কৰি তুলিছে প্ৰকৃতি প্ৰেমীসকলক ৷

লগতে পঢ়ক : অবিবেচক কাণ্ডই সৰ্বনাশ মাতিছে দীপৰ বিলৰ; ৰাজনীতিতে ব্যস্ত চৰকাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.