ETV Bharat / state

কোনোবাই যদি নিজৰ ভাষাত সাহিত্য চৰ্চা কৰিব বিচাৰে তাক বিৰোধিতা কৰিব নোৱাৰি: ড৹ নগেন শইকীয়া - BANGLA SAHITYA SABHA

শিলচৰত বাংলা সাহিত্য সভা অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াৰ ।

Eminent litterateur Dr. Nagen Saikia react on holding Bangla Sahitya Sabha
বাংলা সাহিত্য সভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 2:49 PM IST

মৰাণ: অসম সাহিত্য সভাৰ নিৰ্বাচনক লৈ ব্যাপক বিৰ্তক সৃষ্টি হৈ থকা সময়ত শিলচৰত বাংলা সাহিত্য সভা অনুষ্ঠিত কৰিবলৈ চলোৱা হৈছে ব্যাপক প্ৰস্তুতি । আগন্তুক বৰ্ষৰ ২৯ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে বাংলা সাহিত্য সভা, অসমৰ দ্বিতীয় পূর্ণাংগ অধিৱেশন শিলচৰৰ অসম পুলিচ পেৰেড গ্রাউণ্ডত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ।

এই অনুষ্ঠান সফল কৰিবলৈ বাংলা সাহিত্য সভা কৰ্তৃপক্ষই অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰীৰ পৰা আৰম্ভ কৰি আন মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হৈছে ।

বাংলা সাহিত্য সভা (ETV Bharat Assam)

এটা দিনৰ পুৰ্বে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াক দিছপুৰৰ কাৰ্যালয়ত সাক্ষাৎ কৰিছিল বাংলা সাহিত্য সভাৰ সভাপতি খগেন চন্দ্ৰ দাস, সাধাৰণ সম্পাদক ড৹ প্ৰশান্ত চক্ৰৱৰ্তী, বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ লগতে সাহিত্য সভাৰ বিষয়ববীয়াসকলে । মন্ত্ৰী বিমল বড়াই সামাজিক মাধ্যমত বাংলা সাহিত্য সভাৰ প্ৰতিনিধিবৰ্গৰ হৈ আলোচনা কৰা বুলি উল্লেখ কৰা পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলে দাবী কৰিছে যে চৰকাৰী পৃষ্ঠপোষকতাত শিলচৰত বাংলা সাহিত্য সভা অনুষ্ঠিত হ'ব । সামাজিক মাধ্যমৰ লগতে বিভিন্নজনে বাংলা সাহিত্য সভাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সময়ত এই সন্দৰ্ভত নিজৰ মনোভাৱ প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াই । বিশিষ্ট সাহিত্যিকগৰাকীয়ে বাংলা সাহিত্য সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নকৰিলে বিৰোধিতা । কোনোবাই যদি নিজৰ ভাষাত সাহিত্য চৰ্চা কৰিব বিচাৰে তাক বিৰোধিতা কৰিব নোৱাৰি বুলি কয় ড৹ নগেন শইকীয়াই ।

বাংলা সাহিত্য সভা অধিৱেশনক লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়াই কয়, "আজিৰ দিনত এখন ৰাজ্যত বিভিন্ন ভাষাৰ লোক বাস কৰে । অসম সাহিত্য সভা দিল্লী আৰু লণ্ডনত প্ৰতিষ্ঠা কৰিছিলোঁ । সমন্বয় স্থাপনৰ বাবে বিভিন্ন ৰাজ্য আৰু দেশত অসম সাহিত্য সভা কৰা হৈছিল । বাংলা সাহিত্য সভাই যদি অসমীয়া ভাষাৰ বিৰুদ্ধে কিবা কাম কৰিছে বা সমগ্ৰ জাতি সত্তাৰ বিৰুদ্ধে কিবা কাম কৰিছে তেতিয়া মাত মতাৰ প্ৰশ্ন থাকিব ।" কিন্তু কোনোবাই নিজৰ ভাষাত যদি সাহিত্য চৰ্চা কৰিব বিচাৰে তাক বিৰোধিতা কৰিব নোৱাৰি বুলি কয় ড৹ নগেন শইকীয়াই ।

লগতে পঢ়ক: বিজুদা অবিহনে পাৰ হৈ গ’ল ৭টা বৰ্ষ ! আজি তেওঁৰ পত্নীৰে দৃষ্টিৰে চাও আহক মহানায়কগৰাকীক

৫ কুইন্টল ওজনৰ ৮ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.