ETV Bharat / state

পাঁচটা সমষ্টিৰ উপ নিৰ্বাচন : সাজু হৈছে নিৰ্বাচন আয়োগ, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা - BYE ELECTIONS

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 4:05 PM IST

Assam Bye Elections : অসমৰ 5 টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ ৷ প্ৰকাশ কৰিলে উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 5 সমষ্টিৰ খচৰা ভোটাৰ তালিকা ৷

Assam Bye Elections
উপ নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ (ANI PHOTO)

গুৱাহাটী, 31 জুল‍াই : ৰাজ্যত এতিয়া পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি ৷ অসমৰ 5 টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 5 সমষ্টিৰ খচৰা ভোটাৰ তালিকা ৷ উপনিৰ্বাচন হ'বলগীয়া সমষ্টি পাঁচটা হৈছে 11 নং ধলাই (এছ চি), 31 নং চিদলী (এছ টি), 32 নং বঙাইগাঁও, 77 নং বিহালী আৰু 88 নং চামগুৰি ৷ এই পাঁচটা বিধানসভা সমষ্টিৰ বিধায়ক কেইগৰাকী সংসদলৈ নিৰ্বাচিত হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছিল ৷

ASSAM BYE ELECTIONS
২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা (CEO ASSAM)

উল্লেখ্য যে ঢলাই বিধানসভা সমষ্টিৰ পৰা পৰিমল শুক্লবৈদ্য, বিহালীৰ পৰা ৰঞ্জিত দত্ত, চামগুৰিৰ পৰা ৰকিবুল হুছেইন, বঙাইগাঁৱৰ পৰা ফণীভূষণ চৌধুৰী আৰু চিদলী সমষ্টিৰ পৰা জয়ন্ত বসুমতাৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এই সমষ্টি কেইটাত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷

বঙাইগাঁও সমষ্টিৰ খচৰা ভোটাৰ তালিকা :

32 নং বঙাইগাওঁ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,82,354 গৰাকী ৷ ইয়াৰে 89,510 গৰাকী পুৰুষ, 92,842 গৰাকী মহিলা আৰু দুগৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷ সমষ্টিটোত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 2,246 টা ৷ ইয়াৰে 56 টা ভোট কেন্দ্ৰ নগৰ অঞ্চলত আৰু 190 টা ভোট কেন্দ্ৰ গ্ৰামাঞ্চলত ৷

চামগুৰি সমষ্টিৰ খচৰা ভোটাৰ তালিকা :

88নং চামগুৰি বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 180448 গৰাকী ৷ ইয়াৰ ভিতৰত 91304 গৰাকী পুৰুষ ভোটাৰ আৰু 89133 গৰাকী মহিলা ভোটাৰ ৷ সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰ আছে 11 গৰাকী ৷ আনহাতে সমষ্টিটোৰ মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 197 টা ৷

ধলাই সমষ্টিৰ খচৰা ভোটাৰ তালিকা :

11 নং ধলাই সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 196772 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ 99431 গৰাকী আৰু মহিলা ভোটাৰ 97340 গৰাকী ৷ সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰ আছে এগৰাকী ৷ সমষ্টিটোৰ মুঠ ভোট কেন্দ্ৰ হৈছে 208 টা ৷

বিহালী সমষ্টিৰ খচৰা ভোটাৰ তালিকা :

77 নং বিহালী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 133300 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে 65934 গৰাকী আৰু মহিলা ভোটাৰ 66365 গৰাকী ৷ সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰ আছে এগৰাকী ৷ সমষ্টিত মুঠ ভোটকেন্দ্ৰ হৈছে 154 টা ৷

চিদলী সমষ্টিৰ খচৰা ভোটাৰ তালিকা :

31 নং চিদলী বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে 212555 গৰাকী ৷ সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 105133 জন আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 106920 গৰাকী ৷ আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে দুগৰাকী ৷

লগতে পঢ়ক : উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই - APCC president Bhupen Bora

2021 চনৰ ভিত্তিতেই হ'ব পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ৰাজ্যত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন পূৰ্বৰ দৰেই হ'ব ৷ অৰ্থাৎ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ ভিত্তিতেই উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ এই কথা ইতিমধ্যেই সদৰী কৰিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৷ পাঁচটা বিধানসভা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ স্থিতিতে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ নিয়ম মতে এই সমষ্টি কেইটাত ছমাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে ৷ ছেপ্তেম্বৰ মাহত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ ৷ এই পাঁচটা সমষ্টিৰ বাবে 2021 চনত উপলব্ধ ভোটাৰ তালিকা সমূহ উপ-নিৰ্বাচনৰ সময়লৈকে নবীকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

20 আগষ্টত প্ৰকাশ পাব পাঁচটা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা :

উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচটা সমষ্টিৰ মঙলবাৰে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷ প্ৰকাশিত ভোটাৰ তালিকাৰ ক্ষেত্ৰত দাবী আৰু আপত্তি দাখিল কৰাৰ শেষ সময়সীমা হৈছে 10 আগষ্ট ৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচটা সমষ্টিত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি নাইবা আন সংশোধনীৰ বাবে অনলাইনৰ সুবিধা নাথাকিব ৷ অফলাইনৰ যোগেদি আবেদন কৰিব লাগিব ৷ প্ৰ-পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়, ই আৰ অ' নাইবা বি এল অ' ওচৰত শাৰীৰিকভাৱে জমা দিব লাগিব ৷ দাবী আৰু আপত্তি নিষ্পত্তিকৰণ 19 আগষ্টৰ ভিতৰত সম্পন্ন কৰা হ'ব ৷ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 20 আগষ্টত ৷ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সংশ্লিষ্ট সমষ্টি কেইটাৰ ৰাইজে অনলাইন মাধ্যমেৰে আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব ৷ অনলাইন আবেদন পত্ৰ সংগ্ৰহ কৰি সেইসমূহ পূৰণ কৰি বি এল অ' বা ই আৰ অ' অথবা ডি ই অ' কাৰ্যালয়ত জমা দিব লাগিব ৷ আবেদন পত্ৰ অনলাইন মাধ্যমেৰে সংগ্ৰহ কৰিব পাৰিব যদিও অনলাইন মাধ্যমেৰে দাখিল কৰিব নোৱাৰিব ৷

লগতে পঢ়ক : উপ-নিৰ্বাচন : পাঁচটাৰ তিনিটাত অকলে যুঁজিব বিজেপিয়ে - CM on By election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.