ETV Bharat / state

মহানগৰীত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা - TIGER MENACE AT GUWAHATI

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:20 PM IST

Woman injured in tiger attack: পুনৰ গুৱাহাটী মহানগৰীত বাঘৰ আতংক । বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী মহিলা । মহানগৰীৰ কালাপাহাৰৰ পাহাৰতলী নামৰ অঞ্চলত সংঘটিত হৈছে বাঘৰ আক্ৰমণৰ এই ঘটনা ।

Woman Injured in Tiger Attack
মহানগৰীত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা (ETV Bharat Assam)

গুৱাহাটী, ২০ জুলাই: ৰাজ্যত অব্যাহত আছে বাঘৰ আতংক ৷ নগাঁও, ডিব্ৰুগড়, বিশ্বনাথ, মাজুলীৰ পাচত এইবাৰ পুনৰ গুৱাহাটী মহানগৰীত বাঘে চলাইছে সন্ত্ৰাস । শনিবাৰৰ পুৱতি নিশা বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী মহিলা । নাম দিপালী দাস (৪৫) ৷ মহানগৰীৰ কালাপাহাৰৰ পাহাৰতলী নামৰ অঞ্চলটোত সংঘটিত হয় এই ঘটনা । সম্প্ৰতি আহত মহিলাগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: ইন্দ্ৰপুৰৰ শিলৰ ফাঁকত আৱদ্ধ বাঘৰ পোৱালি - Tiger cub in Guwahati

শনিবাৰৰ পুৱতি নিশা প্ৰায় ২.৩০ বজাত বাঘৰ আক্ৰমণৰ সন্মুখীন হয় মহিলাগৰাকী । নিত্য নৈমিত্যিক কাৰ্যৰ বাবে নিশা বাহিৰলৈ অহাৰ সময়তে বাঘে মহিলাগৰাকীক আক্ৰমণ কৰে ৷ বাঘৰ আক্ৰমণত মহিলাগৰাকীৰ মুখমণ্ডল আৰু ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । উল্লেখ্য যে, দিনকদিনে মহানগৰীৰ জনবসতিপূর্ণ অঞ্চলত বৃদ্ধি পাইছে নাহৰফুটুকীৰ মুক্ত বিচৰণ । মূলতঃ খাদ্যৰ সন্ধানত ওলাই অহা বাঘে প্রায়ে গুৱাহাটীৰ কেইবাস্থানতো বিচৰণ কৰাৰ ফলত আতংকিত হৈ পৰিছে মহানগৰীৰ বাসিন্দাসকল ।

ইতিমধ্যে বাঘৰ আক্রমণত মহানগৰীত কেইবাগৰাকী লোক আঘাতপ্রাপ্তও হ'বলগীয়া হৈছে । ইয়াৰ পৰিপ্রেক্ষিতত শেহতীয়াকৈ ভঙাগড়ৰ নৰকাসুৰ পাহাৰ, ফটাশিল আমবাৰী পথত বন বিভাগে ফলক আঁৰি সতর্কতা জাৰি কৰিছে । নাহৰফুটুকীৰ সঘন বিচৰণ চলা পথত চালকসকলক গাড়ী লাহে লাহে চলাবলৈও নির্দেশনা দিয়া হৈছে ।

লগতে পঢ়ক: কাম কৰি থাকোঁতেই যুৱকৰ কাষ পালেহি বনৰজা...তাৰ পিচত ঘটিল আচৰিত কাণ্ড - Royal Bengal Tiger Terror

প্রথম অৱস্থাত মহানগৰীৰ ছটা স্থানত সতর্কতামূলক ফলক লগোৱাৰ পিচত এইবাৰ শান্তিপুৰ, কামাখ্যা, নাৰেংগী আদি স্থানত 'টাইগাৰ জ'ন' হিচাপে চিনাক্ত কৰি বন বিভাগে ৰিফ্লেক্টৰযুক্ত ফলক লগাব বুলি জানিব পৰা হৈছে । তদুপৰি সঘনাই হাতী ওলোৱা নাৰেংগী, চন্দ্রপুৰ, পাঞ্জাবাৰী আদি অঞ্চলতো বিভাগটোৱে এনেধৰণৰ ফলক আঁৰিব বুলি জানিব পৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.