ETV Bharat / state

আকৌ ডাইনীকাণ্ড: কোনোমতে প্ৰাণৰক্ষা বৃদ্ধৰ

ৰাজ্যত এতিয়াও অন্ত পৰা নাই ডাইনী অন্ধবিশ্বাসৰ মহাব্যাধি । বিভিন্ন স্থানত এচাম অন্ধবিশ্বাসী লোকৰ জিঘাংসাৰ বলি হৈছে বহু নিৰীহ লোক । এইবাৰ স্থান লখিমপুৰ ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Witch hunting in Lakhimpur
আকৌ ডাইনীকাণ্ড: কোনোমতে প্ৰাণৰক্ষা বৃদ্ধৰ (ETV Bharat Assam)

লখিমপুৰ: বিজ্ঞান প্ৰযুক্তিৰ জয়যাত্রাৰ এই সময়ত এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাইনীৰ অন্ধবিশ্বাস দূৰ হোৱা নাই । অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত নোহোৱা একাংশ লোকৰ বাবেই বহুতে ডাইনীৰহ অপযশ পোৱাই নহয়, উন্মত্ত লোকৰ আক্রমণত আহত অথবা নিহত হ’বলগীয়া হৈছে । শেহতীয়াকৈ লখিমপুৰতো সংঘটিত হৈছে তেনে এক ভয়ংকৰ ঘটনা । ঘটনাৰ স্থান জিলাখনৰ দুৰ্গম যাতায়াত ব্যৱস্থাৰ ঘূণাসুঁতিৰ চলিচুক ।

লগতে পঢ়ক: পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত ডাইনী কাণ্ড : চিকিৎসাধীন যুৱতী - Witch hunting in Golaghat

ঘূণাসুঁতিৰ চলিচুকত শুকুৰবাৰে নিশা ডাইনীৰ সন্দেহত একাংশ লোকে হত্যাৰ চেষ্টা কৰে এজন ব্যক্তিক । ব্যক্তিজনৰ নাম বুধীন্দ্ৰ পাংগিং । প্ৰায় পঞ্চাশজন লোকে মিলি বুধীন্দ্ৰ পাংগিঙক ডাইনী সজাই হত্যা কৰিব খোজোতেই সময়মতে আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ব্যক্তিজনক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত কেইবাজনো লোকে পলায়ন কৰে যদিও ইতিমধ্যে ছজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

লখিমপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুলুমণি দুৱৰা (ETV Bharat Assam)

গ্ৰেপ্তাৰ হোৱা ব্যক্তিকেইজন ক্ৰমে-দেবা পায়েং, কপেট পায়েং, অনিৰাম পায়েং, নোমল পায়েং, মিয়া পায়েং আৰু ভোলা পায়েং । উন্মত্ত লোকসকলে ডাইনী সন্দেহত ব্যক্তিজনক শাৰীৰিকভাৱে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰিছিল । আৰক্ষীয়ে আহত অৱস্থাত উদ্ধাৰ কৰি তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰে । আনহাতে আৰক্ষীয়ে ২৮৯ নম্বৰৰ আৰু /১০৯/১১৭(২)/১২৬(২)/৬১(২)বিএনএছ.৯/১০/১১ ধাৰাত Assam witch hunting prohibition prevantion act 2015ৰ অধীনত লোককেইজনক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: ডাইনীৰ সন্দেহত দুই বৃদ্ধাক নিৰ্যাতন চলাই খুৱালে মানুহৰ বিষ্ঠা, মহিলাসহ গ্ৰেপ্তাৰ ১৩ - Witch hunting in Goalpara

লখিমপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুলুমণি দুৱৰাই কয়, "এই ঘটনাত মহিলাসহ আৰু অধিক লোক জড়িত হৈ আছে আৰু তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ’ব ।" উল্লেখ্য আৰক্ষীয়ে সঠিক সময়ত ক্ষিপ্ৰ ব্যৱস্থা গ্রহণ নকৰাহ’লে অন্ধবিশ্বাসত ডুব গৈ থকা উন্মত্ত লোকৰ আক্রমণত বুধিন্দ্ৰ পাংগিং নামৰ লোকজনৰ প্ৰাণনাশৰ সম্ভাৱনা আছিল । ডাইনী অন্ধবিশ্বাস দূৰ কৰিবলৈ চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা বুলি জনা গ’লেও এনে ধৰণৰ ঘটনাই চৰকাৰৰ তেনে প্ৰচেষ্টা বাস্তৱ ছবিখন উদঙাই দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.