ETV Bharat / state

লামডিং-বদৰপুৰ পাহাৰ লাইনত আঠখন যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল - PASSENGER TRAINS CANCELLED - PASSENGER TRAINS CANCELLED

Train cancelled: বৰষুণৰ ৰেড এলাৰ্টৰ প্ৰতি লক্ষ্য ৰাখি লামডিং-বদৰপুৰ পাহাৰ লাইনত আঠখন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেই জাৰি কৰিছে জাননী ৷

PASSENGER TRAINS CANCELLED
Train cancelled (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 5:25 PM IST

ডিমা হাছাও, 15 জুন: লামডিং-বদৰপুৰ পাহাৰ লাইনত উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই আঠখন যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল কৰিছে । ডিমা হাছাও জিলাত বৰষুণৰ বাবে শনিবাৰে পুৱা নিউ হাফলং ষ্টেচনৰ সমীপত সংঘটিত হয় ভূমিস্খলন ৷ যাৰ ফলত পাহাৰ লাইনৰ বিভিন্ন ষ্টেচনত 5 খন যাত্ৰীবাহী ৰেল আৱদ্ধ হৈ পৰে ।

অৱশেষত ৰে’ল কৰ্মীসকলে যুদ্ধকালীন তৎপৰতাৰে ৰে’লপথ মেৰামতি কৰি পাহাৰ লাইনত ৰে’ল চলাচল সূচল কৰি তোলে যদিও পাহাৰ লাইনত আঠখন যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল কৰে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই ।

Train cancelled
আঠখন যাত্ৰীবাহী ৰেলৰ যাত্ৰা বাতিল (ETV Bharat)

উত্তৰ-পূব সীমান্ত ৰে’লৱে সূত্ৰই জানিবলৈ দিয়ে যে, গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিন ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ৰেড এলাৰ্ট জাৰি কৰিছে ৷ যাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’ল কর্তৃপক্ষই সতৰ্কতামূলক ব্যৱস্থা হিচাপে শনিবাৰ আৰু দেওবাৰে আঠখন যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল কৰি দিয়ে ।

লগতে পঢ়ক: ৰেমলৰ তাণ্ডৱ: ডিমা হাছাওত গৃহহীন হৈছে শ শ লোক - Remal effect in Dima Hasao

উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই বাতিল কৰা ৰে’লগাড়ী সমূহ হৈছে 15615 গুৱাহাটী-শিলচৰ আৰু 15616 শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, 15617 গুৱাহাটী-দুল্লভছড়া আৰু 15618 দুল্লভছড়া-গুৱাহাটী এক্সপ্ৰেছ, 15611 ৰঙিয়া-শিলচৰ আৰু 15612 শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ, 15641 শিলচৰ-নিউ তিনিচুকীয়া আৰু 15642 নিউ তিনিচুকীয়া-শিলচৰ এক্সপ্ৰেছ ।

আনহাতে, শনিবাৰৰ সন্ধিয়া 7 বজাত আগৰতলাৰ পৰা দেওঘৰৰ উদ্দেশ্যে ৰাওনা হোৱা দেওঘৰ এক্সপ্ৰেছ ৰে’লগাড়ীখন সন্ধিয়া 7 বজাৰ পৰিৱৰ্তে নিশা 11.30 বজাত আগৰতলাৰ পৰা ৰাওনা হ’ব বুলি জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই ।

উল্লেখ্য যে, প্ৰাকৃতিক দুৰ্যোগৰ বাবে পাহাৰ লাইনত বিভিন্ন সময়ত ৰে’ল যাত্ৰাত ব্যাঘাত জন্মি আহিছে ৷ কিছুদিন পূৰ্বেও ভূমিস্খলনৰ বাবে বাতিল কৰা হৈছিল কেবাখনো যাত্ৰীবাহী ৰে’লৰ চলাচল ৷

লগতে পঢ়ক: তিনিখনকৈ ৰে‘লৰ যাত্ৰা বাতিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ - NF Railways Cancelled Trains

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.