ETV Bharat / state

দুৰ্গোৎসৱৰ আনন্দৰ মাজতে ৰাজ্যত আঠ শতাধিক পথ দুৰ্ঘটনা - ASSAM ROAD ACCIDENT

Road Accident: শাৰদীয় দুর্গোৎসৱৰ ছটা দিনত মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চে ৮৪৩ টা দুৰ্ঘটনাত সেৱা আগবঢ়ায় । ১১ অক্টোবৰত সৰ্বাধিক সংঘটিত হয় ১৯১ টা পথ দুৰ্ঘটনা ।

108 Mrityunjay Ambulench
মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 2:20 PM IST

গুৱাহাটী, ১৫ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ মহাআনন্দৰ মাজতে এইবাৰ ৰাজ্যত সংঘটিত হয় আঠ শতাধিক পথ দুৰ্ঘটনা । অৱশ্যে দুৰ্ঘটনাৰ এই তথ্য কেৱল ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনৰ ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰহে । পূজাৰ সময়ত সংঘটিত সকলো দুৰ্ঘটনাকে মৃত্যুঞ্জয় সেৱাই সামৰি লৈছে বুলি ক'ব নোৱাৰি । সেই হিচাপত ইয়াৰ সংখ্যা আৰু অধিক হ'ব ।

মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চ সেৱাৰ তথ্য অনুসৰি এইবাৰ শাৰদীয় দুর্গোৎসৱৰ ছটা দিনত ৰাজ্যত ৮৪৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় । অৰ্থাৎ পূজাৰ ছটা দিনত ১০৮ এম্বুলেঞ্চ সেৱাই ৮৪৩ টা দুৰ্ঘটনাৰ ক্ষেত্রত আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্রত সেৱা আগবঢ়ায় । ১১ অক্টোবৰত সৰ্বাধিক সংঘটিত হয় ১৯১ টা পথ দুৰ্ঘটনা।

ৰাজ্যত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা :

১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱা কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি বিগত ৮ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ৰাজ্যত মুঠ ৮৪৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় । সেই অনুসৰি ৮ অক্টোবৰত ১০১ টা দুৰ্ঘটনা, ৯ অক্টোবৰত ১০৩ টা, ১০ অক্টোবৰত ১২৭ টা, ১১ অক্টোবৰত সৰ্বাধিক ১৯১টা, ১২ অক্টোবৰত ১৮৭ টা দুৰ্ঘটনা আৰু ১৩ অক্টোবৰত ১৩৪ টা দুৰ্ঘটনাত হতাহত লোকক মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চৰ যোগেদি সেৱা আগবঢ়োৱা হয় ।

Road Accident
দুৰ্গোৎসৱৰ আনন্দৰ মাজতে ৰাজ্যত আঠ শতাধিক পথ দুৰ্ঘটনা (ETV Bharat)

১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ তথ্য মতে, বিগত ছয় দিনত শোণিতপুৰ জিলাত সৰ্বাধিক ৬৬টা পথ দুৰ্ঘটনা সংঘটিত হয় । সেইদৰে কামৰূপ জিলাত ৬০ টা, গোলাঘাটত ৫৭ টা, কামৰূপ মহানগৰ জিলাত ৫৪টা, নগাঁৱত ৫২ টা পথ দুর্ঘটনা সংঘটিত হয় । আনহাতে, দক্ষিণ শালমৰা জিলাত মাত্ৰ ২ টা দুৰ্ঘটনা সংঘটিত হয় ।

মৃত্যুঞ্জয় সেৱা কৰ্তৃপক্ষৰ তথ্য মতে, উক্ত ছটা দিনত বাক্সা জিলাত ১৪ টা, বৰপেটা জিলাত ৩৩ টা, বঙাইগাঁও জিলাত ৩৮ টা, কাছাৰত ৩২ টা, চৰাইদেউত ৮ টা, চিৰাঙত ১৪ টা, দৰঙত ২৬ টা, ধেমাজি জিলাত ২৭ ট‍া, ধুবুৰীত ১৮ টা, ডিব্ৰুগড়ত ৪৬ টা, ডিমা-হাচাওত ৪ টা, পূব কাৰ্বি আংলং জিলাত ১৮ টা, গোৱ‍ালপাৰাত ২৮ টা, গোলাঘাটত ৫৭ টা, হাইলাকান্দিত ৮ টা, যোৰহ‍াটত ৩৩ টা, কৰিমগঞ্জত ৯ টা, কোকৰাঝাৰত ১৩ টা, লখিমপুৰত ২৯ টা,মাজুলীত ৭ টা, মৰিগাঁৱত ২৬ টা, নগাঁৱত ৫২ টা, নলবাৰীত ৩৪ টা, শিৱসাগৰত ৮ টা, তিনিচুকীয়াত ৪৪ টা, ওদালগুৰিত ২৮ টা আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৭ টা পথ দুৰ্ঘটনা সংঘটিত হয় ।

বিগত বৰ্ষত দুৰ্গোৎসৱৰ সময়ত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা :

বিগত শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চৰ যোগেদি ৭৬৯ টা পথ দুৰ্ঘটনাৰ ক্ষেত্রত সেৱা আগবঢ়োৱা হৈছিল । বিগত বৰ্ষত পাঁচ দিনত সংঘটিত হৈছিল ৭৬৯ টা পথ দুৰ্ঘটনা । তথ্য অনুসৰি বিগত বৰ্ষত ২০ অক্টোবৰত ১০৫ টা, ২১ অক্টোবৰত ১৩৩ টা, ২২ অক্টোবৰত ১৮৯ টা, ২৩ অক্টোবৰত ১৭৬ টা আৰু ২৪ অক্টোবৰত ১৬৬ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল । অষ্টমীৰ দিনা সৰ্বাধিক ১৮৯টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল । লক্ষণীয় বিষয় যে এইবাৰো অষ্টমীৰ দিনা সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয় ।

২০২২ চনত দুৰ্গা পূজাৰ সময়ত কিমান হৈছিল পথ দুৰ্ঘটনা :

মৃত্যুঞ্জয় ১০৮ সেৱাৰ তথ্য অনুসৰি ২০২২ চনত দুর্গোৎসৱৰ সময়ত ৰাজ্যত ৬৪৩ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল । সেই বছৰ ষষ্ঠীৰ দিনা ৭৭ টা, সপ্তমীৰ দিনা ১১৯ টা, অষ্টমীৰ দিনা ১২৮ টা, নৱমীৰ দিনা ১৭২ টা আৰু দশমীৰ দিনা ১৪৭ টা দুৰ্ঘটনা সংঘটিত হৈছিল ।

প্ৰত্যেক বছৰে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা :

পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সজাগতা সৃষ্টিকে ধৰি সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । কেৱল শাৰদীয় দুৰ্গোৎসৱ বুলিয়ে নহয় যিকোনো উৎসৱ-পাৰ্ৱনৰ সময়ত স্বাভাৱিক সময়তকৈ পথ দুৰ্ঘটনা বৃদ্ধি পোৱাটো নতুন কথা নহয় । কিন্তু শাৰদীয় দুৰ্গোৎসৱত যাতে পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি নহয় তাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও প্ৰত্যেক বছৰেই দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাই আহিছে ।

পূজাৰ সময়ত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি পৰিবহণ বিভাগে বিশেষ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছিল । তাৰ পাছতো দুৰ্গা পূজাৰ সময়ত ৰাজ্যত এইবাৰ আঠ শতাধিক পথ দুৰ্ঘটনা সংঘটিত হয় । অৱশ্যে পথ দুৰ্ঘটনাৰ এই তথ্য মৃত্যুঞ্জয় ১০৮ সেৱাৰ । পথ দুৰ্ঘটনাৰ এই সংখ্যা আৰু অধিক হোৱাটো নিশ্চিত । কাৰণ সকলো পথ দুৰ্ঘটনা মৃত্যুঞ্জয় ১০৮ সেৱাত পঞ্জীয়ন নহয় ।

লগতে পঢ়ক:প্ৰতিমা বিসৰ্জনৰ সময়ত দুৰ্ঘটনা: জি এম চি এইছত চিকিৎসাধীন ১২০ জন

পূজাৰ আনন্দ-উল্লাসৰ মাজতে দেৰগাঁৱত পথ দুৰ্ঘটনাত নিহত দুজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.