ETV Bharat / state

চি আই ডি-আৰক্ষীৰ যুটীয়া অভিযান : মাৰ্কশ্বীট কেলেংকাৰীৰ 8 অভিযুক্তক গ্ৰেপ্তাৰ - marksheet scam

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 7:40 PM IST

Gauhati University Scam : মাৰ্কশ্বীট কেলেংকাৰীৰ সৈতে জড়িত 8 টা অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ এই বৃহৎ জালিয়াতিৰ ঘটনাত মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ হস্তক্ষেপ কৰি নিৰ্দেশনা দিয়াত বৰপেটা আৰক্ষীয়ে অতি তৎপৰতাৰে ঘটনাটোৰ তদন্ত চলাই 8 টা অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

GAUHATI UNIVERSITY MARKSHEET SCAM
মাৰ্কশ্বীট কেলেংকাৰীৰ তদন্ত অব্যাহত (ETV BHARAT ASSAM)

বৰপেটাৰোড, 29 জুন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰ সৈতে জড়িত 8 টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে বৰপেটাৰোড আৰক্ষীয়ে ৷ ধনৰ বিনিময়ত মাৰ্কশ্বীটত নম্বৰ বৃদ্ধি কৰি আহিছিল এইকেইটা অভিযুক্তই ৷ মাৰ্কশ্বীট কেলেংকাৰী সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত মন্তব্য কৰিছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীটৰ বাবে ব্যৱহাৰ কৰা কম্পিউটাৰৰ চিষ্টেমসমূহ যিকেইগৰাকী ব্যক্তিৰ দায়িত্বত আছে, সেই ব্যক্তিসকলেই এই অনিয়ম সংঘটিত কৰিছে ৷ এই মাৰ্কশ্বীটৰ কেলেংকাৰী অসম আৰক্ষী আৰু চি আই ডিয়ে যুটীয়াভাৱে অনুসন্ধান চলাই থকা বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ এই বৃহৎ জালিয়াতিৰ ঘটনাত মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ হস্তক্ষেপ কৰি নিৰ্দেশনা দিয়াত বৰপেটা আৰক্ষীয়ে অতি তৎপৰতাৰে ঘটনাটোৰ তদন্ত চলাই 8 টা অভিযুক্তক আটক কৰে ৷

মাৰ্কশ্বীট কেলেংকাৰীৰ সৈতে জড়িত 8 টা অভিযুক্তক গ্ৰেপ্তাৰ (ETV BHARAT ASSAM)

উল্লেখ্য যে, কিছুদিন পূৰ্বে বৰপেটাৰোডৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ আজিজুল হক নামৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ এগৰাকীৰ নম্বৰ জালিয়াতিৰ ঘটনা ধৰা পেলাইছিল মহাবিদ্যালয় কৰ্তৃক্ষই ৷ বৰপেটা জিলা আৰক্ষীয়ে এই বিষয়ে গুৰুত্ব প্ৰদান কৰি ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ পৰা 8 টা অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে ৷ এই ঘটনাৰ সৈতে কলেজ তথা বিশ্ববিদ্যালয়ৰ কেবাগৰাকীও শিক্ষক-কৰ্মচাৰী জড়িত আছে বুলি জানিব পৰা গৈছে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত বিহাৰৰ সমষ্টিপুৰৰ কৃষ্ণণ কৃষ্ণমূৰ্তি নামৰ এগৰাকী এই মাৰ্কশ্বীট জালিয়াতিৰ সৈতে জড়িত বুলিও অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : মই সদায় জীয়াই নাথাকো, জাতিটো জীয়াই থাকিব লাগিব : মুখ্যমন্ত্ৰী - Assam CM on marksheet scam

ইফালে বৰপেটা আৰক্ষীয়ে ধুবুৰী আৰক্ষীৰ সহযোগত অভিযান চলাই ধুবুৰী আইন মহাবিদ্যালয়ৰ কণিষ্ঠ কম্পিউটাৰ সহায়ক শিৱতোষ মাহাতোক আটক কৰা বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰোড আৰু হাউলী আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইটা হৈছে বিহাৰ সমষ্টিপুৰৰ কৃষ্ণণ কৃষ্ণ মূৰ্তি, কলগাছিয়াৰ ইছমাইল হুছেইন, আমগুৰি/কলগাছিয়াৰ আলমগীৰ খান, বৰদাংঙাৰ মইনুল হক, নগাঁৱৰ হামেজ উদ্দিন, লাংলা কলেজৰ লাইব্ৰেৰীয়ান অমিনুল ইছলাম, ধুবুৰী আইন মহাবিদ্যালয়ৰ শিৱতোষ মাহাতো আৰু লাংলা কলগাছিয়াৰ আবুল বাচেৰ ৷ এই 7 টা অভিযুক্তক কেচ নং 74/24 গোচৰ ৰুজু কৰি 468/120B 467/47/420 IPC ধৰাত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ অৱশ্যে এই মুহূৰ্তলৈকে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত আছে ৷

লগতে পঢ়ক : মাৰ্কশ্বীট কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ RSS নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.