ETV Bharat / state

ৰেমলৰ ত্ৰাস: বিদ্যালয়গৃহৰ ওপৰত বাগৰি পৰিল গছ - Cyclone Remal effect

Cyclone Remal: ৰাজ্যত ৰেমলৰ ত্ৰাস ৷ পাঠদান চলি থকাৰ সময়তে বিদ্যালয়গৃহৰ ওপৰত ভাঙি পৰিল এজোপা গছ ।

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 5:21 PM IST

Cyclone Remal effect
সাগৰীয় ঘূৰ্ণি ৰেমলৰ প্ৰভাৱ (Etv bharat assam)

বৰপেটা 29 মে’: সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে ৰেমলৰ প্ৰভাৱ ৷ ৰুষ্ট ৰেমলৰ প্ৰভাৱত হোৱা বতাহ-বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত সৰু-বৰ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো সাগৰীয় ঘূৰ্ণি ৰেমলৰ প্ৰভাৱ পৰিছে । ৰেমলৰ প্ৰভাৱত বৰপেটাৰ হাউলীৰ এখন বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে বিদ্যালয়গৃহৰ ওপৰতে ভাগি পৰিল এজোপা গছ । হাউলী চহৰত অৱস্থিত অহল্য বালিকা অভ্যসন প্ৰাথমিক বিদ্যালয়গৃহৰ ওপৰত উভালি পৰে গছজোপা । উক্ত সময়ত বিদ্যালয়ৰ কোঠাৰ ভিতৰত চলি আছিল নিয়মীয়া পাঠদান ৷ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত সৃষ্টি হয় হুৱাদুৱা পৰিৱেশৰ ।

কোঠাৰ ভিতৰত থকা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ জীৱন সৌভাগ্যক্ৰমে ৰক্ষা পৰে বুলি জানিব পৰা গৈছে ৷ গছডাল উভালি পৰাৰ ফলত বিদ্যালয়গৃহৰ বাৰাণ্ডাৰ কিছু ক্ষতি হয় ৷ ইপিনে ধুমুহাৰ ফলত হাউলী অঞ্চলৰ বিভিন্ন ঠাইত গছ-গছনি উভালি পৰাৰ ফলত বৈদ্যুতিক সংযোগৰ লগতে যাতায়াত ব্যৱস্থাও বিঘ্নিত হয় ৷

ইপিনে বৰপেটা চহৰৰ পালাংদিহাটীত এঘৰ লোকৰ ঘৰৰ ওপৰত এজোপা গছ ভাঙি পৰাৰ ঘটনা সংঘটিত হয় ৷ গছজোপা ভাঙি পৰাৰ সময়ত পৰিয়ালটোৰ লোকসকল ঘৰৰ ভিতৰতে আছিল যদিও পৰিয়ালটোৰ কোনো এজন লোকৰে একো হানি বিঘিনি ঘটা নাই বুলি জানিব পৰা গৈছে ৷ অৱশ্যে গছডাল উভালি পৰাৰ ফলত ঘৰটোৰ সামান্য ক্ষতিসাধন হয় ৷

সোমবাৰৰ মাজনিশাৰ পৰা ৰাজ্যত আৰম্ভ হোৱা ধুমুহাজাকে মঙলবাৰৰ দুপৰীয়া পৰ্যন্ত ৰাজ্যত তাণ্ডৱলীলা চলায় । ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত গছ-গছনি উভালি আৰু গছৰ ডাল ভাঙি পৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে প্ৰাত্যহিক জীৱন যাত্ৰাতো ইয়াৰ প্ৰভাৱ পৰিছে ৷

লগতে পঢ়ক: প্ৰচণ্ড ধুমুহা-বৰষুণত অসমত তিনিজনৰ মৃত্যু, আহত বহুজন - Cyclone Remal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.