যোৰহাট: ৰাজনীতি আৰু নৱপ্ৰজন্ম, প্ৰত্যাশা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াইছে চিন্তাবিদ ময়ূৰ বৰাই ৷ তেওঁ কয় যে প্ৰত্যাহ্বান বহুতো পোৱা যায়, কিন্তু প্ৰত্যাশাক বিচাৰি উলিওৱাটোহে গুৰুত্বপূৰ্ণ কথা ৷ শ্ৰেণীকোঠাত শিক্ষকসকলে পাঠ্যক্ৰমৰ কথাবোৰ পঢ়ুৱায়, কিন্তু পাঠ্যক্ৰমৰ বাহিৰৰ বিষয়বোৰো ছাত্ৰ-ছাত্ৰীয়ে জানিব লাগিব বুলি তেওঁ লগতে কয় ৷
অসমীয়া জাতিক মহান কৰি তোলা মহাপুৰুষসকলে অসমীয়া সমাজক দিয়া অৱদানৰ কথা মনত ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায় লেখক, চিন্তাবিদ ময়ূৰ বৰাই ।
তেওঁ কয়,‘‘ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ লগতে লাচিত বৰফুকন, চ্যুকাফা, চিলাৰায়ৰ সাগৰসদৃশ ব্যক্তিত্বই সমাজখনক যিদৰে আজিও উদাৰ কৰি ৰাখিছে, তেওঁলোকৰ আদৰ্শ কেতিয়াও পাহৰি যোৱা উচিত নহয় । ইয়াৰ লগতে নিজৰ ঠাইৰখিনিৰো যদি ঐতিহ্য জানে তেতিয়া কলেজৰ বাকৰিৰ পৰা ওলাই ভাল ফলাফল দেখুৱাই এটা জাতিক গঢ় দিবলৈ সক্ষম হ’ব ছাত্ৰ-ছাত্ৰীসকল ৷’’
‘‘আমাৰ শিক্ষাৰ্থী সমাজে ৰাজ্য চৰকাৰ চাকৰিৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰ অধীনৰ চাকৰি, বেংক, জীৱন বীমা নিগম আদিৰ চাকৰিৰ ক্ষেত্ৰতো মনোনিবেশ কৰিব লাগিব ৷ নতুবা বাহিৰৰ মানুহে সেই সমূহত সুবিধা গ্ৰহণ কৰিব আৰু নৱপ্ৰজন্মৰ বাবে বৰ্তমানৰ প্ৰতিটো দিনেই প্ৰত্যাহ্বানৰ দিন হৈ পৰিব ।’’ তেওঁ লগতে কয় ৷
শুকুৰবাৰে যোৰহাট জিলাৰ তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা বক্তৃতা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে চিন্তাবিদগৰাকীয়ে ৷ এই অনুষ্ঠানত যোৰহাটৰ কেবাগৰাকীও শিক্ষাবিদৰ লগতে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থাকে ৷
লগতে পঢ়ক: ধেমাজি গ্ৰন্থ উৎসৱ : মুঠ ৬৫ টা প্ৰকাশন প্ৰতিষ্ঠান-পুথি বিক্ৰেতাই অংশ ল’ব