ETV Bharat / state

সোণাপুৰৰ হিংসাত্মক ঘটনাত নিহত দুজন, আহত কমেও ৩৫ জন: ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডিজিপিৰ - Violence during eviction

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 8:49 AM IST

DGP reacts to Sonapur incident: সোণাপুৰৰৰ কচুতলীত ট্ৰাইবেল বেল্টৰ মাটিত চলা উচ্ছেদ অভিযানত বেদখলকাৰীৰ আক্ৰমণত ২২ জন চৰকাৰী লোক আহত ৷ ২ জন বেদখলকাৰী নিহত আৰু ১৩ জন আহত ৷ আক্ৰমণত জড়িতসকললৈ ডিজিপিৰ সকিয়নী ৷

VIOLENCE DURING EVICTION
DGP reacts to Sonapur incident (ETV Bharat)

গুৱাহাটী, ১২ ছেপ্তেম্বৰ: ট্ৰাইবেল বেল্টৰ মাটিত বেদখল উচ্ছেদৰ সময়তে কামৰূপ মহানগৰ জিলাৰ সমীপৱৰ্তী সোণাপুৰত ৰক্তাক্ত পৰিৱেশৰ সূচনা হয় বৃহস্পতিবাৰে । কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত উচ্ছেদ চলোৱা আৰক্ষী আৰু প্ৰশাসনৰ লোকক আক্ৰমণ কৰি সংঘাতত লিপ্ত হয় একাংশ লোক ৷ এই ঘটনাত ২ জন লোক নিহত আৰু ৩৫ জন লোক আহত হয় । ইয়াৰ ভিতৰত বেদখলকাৰীৰ আক্ৰমণত ২২ জন আৰক্ষী-প্ৰশাসনৰ লোক আহত আৰু আৰক্ষীক আক্ৰমণ কৰা বেদখলকাৰীৰ মাজৰ ২ জন লোক আৰক্ষীৰ গুলীত নিহত আৰু ১৩ জন লোকক আহত হয় । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে সদৰী কৰিছে এই তথ্য ৷

জনজাতি বেল্টৰ চৰকাৰী ভূমিৰ বেদখল উচ্ছেদ:

কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত জিলা প্ৰশাসনে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে জাননী দিয়াৰ পিছত যোৱা ৯ ছেপ্টেম্বৰ সোমবাৰৰ পৰা সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীত অনুসূচিত জনজাতি বেল্টৰ চৰকাৰী ভূমিত তিনিদিন ধৰি উচ্ছেদ অভিযান চলাই আহিছিল ৷ এই উচ্ছেদ অভিযানত তিনিদিনত মুঠ ২৪৮ বিঘা চৰকাৰী ভূমি বেদখলৰ পৰা মুক্ত কৰা হয় । এই অঞ্চলত গৃহ নিৰ্মাণৰ অনুমোদন নথকা লোকে অবৈধভাৱে নিৰ্মাণ কৰা ২৩৭ টা ঘৰ উচ্ছেদ কৰা হয় ।

কিদৰে ঘটে এই ৰক্তাক্ত ঘটনা:

বৃহস্পতিবাৰে চতুৰ্থদিনাও আৰক্ষীয়ে সোণাপুৰৰ কচুতলীত উচ্ছেদ চলাবলৈ যাওঁতেই ঘটিল ভয়ংকৰ ঘটনা ৷ এই ট্ৰাইবেল্ট বেল্টৰ ভূমি অবৈধভাৱে দখল কৰি থকা উচ্ছেদিত‌ই আক্ৰমণ কৰিলে আৰক্ষী-প্ৰশাসনৰ লোকক । আৰক্ষীক আক্ৰমণ কৰি ভাঙিলে আৰক্ষীৰ বাহন । হঠাৎ উদ্ভৱ হোৱা এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ-অৰ্ধ সামৰিক বাহিনীয়ে শূন্যলৈ গুলীচালনা কৰে । উচ্ছেদিতৰ আক্ৰমণাত্মক ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হ'ল আৰক্ষী আৰু প্ৰশাসনৰ লোক ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোকে ধৰি চাৰিদিন সোণাপুৰৰ কচুতলীত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছিল উচ্ছেদ অভিযান । প্ৰথম তিনিদিন শান্তিপূৰ্ণভাৱে উচ্ছেদ চলা বাবে বিশাল বাহিনী লৈ উচ্ছেদথলীলৈ যোৱা নাছিল প্ৰশাসনৰ লোক । উচ্ছেদিতৰ এই আকস্মিক আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাগৰাকীও প্ৰশাসনিক বিষয়াৰ ।

২২ জন চৰকাৰী বিষয়া আহত :

১২ ছেপ্টেম্বৰত কৰ্তব্যৰত আৰক্ষীকে ধৰি চৰকাৰী বিষয়াসকলক যাঠী-জোং আদি চোকা মাৰণাস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে শিলগুটি নিক্ষেপ কৰে উচ্ছেদিতই । উচ্ছেদ অভিযানত ব্যাঘাত জন্মোৱাৰ উদ্দেশ্যেৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে বেদখলকাৰীয়ে ৷ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে জনায়, “বেদখলকাৰীৰ এই আকস্মিক আক্ৰমণত ২২ জন চৰকাৰী বিষয়া-কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । বেদখলকাৰীৰ এনে উদ্দেশ্য প্ৰণোদিত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়েও যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰি বিধি অনুসৰি বল প্ৰয়োগৰ আশ্ৰয় ল’বলগীয়া হয় । ইয়াৰ ফলত ১৩ জন লোক আহত হয় ৷ ইয়াৰে দুজনক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় ।”

এই ঘটনাৰ পিছতেই চৰকাৰী বিষয়াক আক্ৰমণৰ লগত জড়িত সকলো দুষ্কৃতিকাৰীক চিনাক্ত কৰি বৈধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটী আৰক্ষীক নিৰ্দেশ দিয়ে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে । লগতে আৰক্ষী সঞ্চালক প্ৰধানজনে বৃহস্পতিবাৰে উচ্ছেদৰ চতুৰ্থ দিনা চৰকাৰী বিষয়াৰ ওপৰত আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰৰ তদন্ত কৰাৰ উপৰিও প্ৰৰোচক আৰু ষড়যন্ত্ৰকাৰীকে ধৰি জড়িত সকলোৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব বুলি মন্তব্য কৰে । আৰক্ষী সঞ্চালক প্ৰধানৰ দাবী যে আৰক্ষীয়ে বল প্ৰয়োগ কৰাৰ সময়ত যথাযথ বিধিগত প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে ।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া:

সোণাপুৰৰ কচুতলীত সংঘটিত এই অবাঞ্চিত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদ মাধ্যমৰ সমুখত দিয়া বিবৃতিত তেওঁ এই ঘটনাৰ বাবে বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ তোলে ৷ মুখ্যমন্ত্ৰীয়ে কয়, "সোণাপুৰ এটা ট্ৰাইবেল বেল্ট । এই ট্ৰাইবেল বেল্টত শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ চলি আছিল । অবৈধ দখলকাৰীসকল দৰং আৰু মৰিগাঁও জিলাৰ নিজৰ ঘৰলৈ উভতি গৈ আছিল । আজি পুৱাৰ পৰা কংগ্ৰেছ দলে লোকসকলক উচটাবলৈ আৰম্ভ কৰিলে । তেতিয়া তাৰ এচাম মানুহ উগ্ৰ হৈ পৰিল ।"

কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, "বিৰোধী দলপতিয়ে পুৱা ১০.৩০ বজাৰ পৰা এই সম্পৰ্কে বিৰোধিতা কৰা আৰম্ভ কৰে । কংগ্ৰেছ দলে জনা উচিত, ট্ৰাইবেল বেল্ট কংগ্ৰেছ দলে আনিছিল । কিন্তু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্টৰ উচ্ছেদৰ বিৰোধিতা কৰি আছে । যেতিয়া কংগ্ৰেছ দলে ৰাতিপুৱাৰ পৰা উচ্ছেদৰ বিৰোধিতা কৰিলে, তাত মানুহ উগ্ৰ হৈ পৰিল আৰু পুলিচৰ ওপৰত আক্ৰমণ কৰিলে ।"

লগতে পঢ়ক: সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident

সোণাপুৰত বেদখলকাৰী-আৰক্ষীৰ সংঘৰ্ষ, দুই বেদখলকাৰী নিহত - Sonapur eviction incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.